Written by sdblogs2011 3:18 am Poems

আইজেন্‌ইষ্টাইন

জীশোৰ

মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে

যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে

ওলমা তাঁৰ বুলি তাত পাৰ চৰাইবোৰ পৰে

কেঁচু বুলি আকৌ মাছবোৰে এমূৰৰপৰা খাবলৈ ধৰে

এখোপ ওপৰেদি চেও দি যোৱা সপোনবোৰে সেইডালক সাপ বুলি থপিয়ায়

গান ভালপোৱা মোৰ শ্ৰোতাসকলে

ভগা বেহেলাখন মেৰামতি কৰিবলৈ অনুনয় কৰে

ল’ৰাটোৱে কয়- দেউতা মোক দিয়াঁ, সূতাডালেৰে মই চিলা উৰুৱাম

শ্ৰীমতীয়ে ৰচীটাৰি কাপোৰ মেলিবলৈ লয়

বন্ধুসকলে কয়- টাইট্ আছে ৰে’ শ্বু-লেচ কৰি নোলোৱাঁ কিয়

আৰু মোৰ আটাইতকৈ শুভাকাংক্ষীসকলে পেটিক’ট-পায়জামাৰ নৰা কৰিবলৈ দিহা দিয়ে

দেউতাই সকলো কথা বাদ দি তেওঁ চাঁচি থোৱা ধনুত জোঁৰ তৰিবলৈহে দিয়ে

আপাত অৰ্থত এইবোৰ মোৰ ব্যক্তিগত ভালপোৱা বেয়ালগা অথবা কল্পনা

মোৰ বধিৰ চহৰত এইখিনিৰ আচলতে কোনো মানে নাই

কোনেওতো নজানে সেইডাল যে মোৰ

তৰংগ সৰবৰাহৰ সৰলৰেখা 

পুৰণিক সংযোগ কৰা শিপা আৰু শিকলি

সেইডালৰতো আন আন ব্যৱহাৰো থাকে

মোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সংকেত সেইডালে বহন কৰে

বাহিৰা জগতখনে মোলৈ ছটিওৱা খুদকণবোৰ মই খুটি খুটি খাবলৈ যত্ন কৰোঁ

মানুহৰ আচৰণ দেশৰ এশ এটা ৰূপ-স্বৰূপ

শাসনৰ দহোটা মূৰ আহঁতৰ এহেজাৰ হাত

মোৰ চিন্তাশক্তিয়ে ঢুকি পোৱা-নোপোৱা অগণন বাৰ্তালাপ

সেইডাল মোৰ নাড়ীতন্ত্ৰৰ অংশ নহয় সঁচা

অথচ তাৰ মাজেৰে পোহৰতকৈ বেগেৰে ৰসায়নবোৰ উঠা-নমা কৰে

তেতিয়া আপেক্ষিকতাবাদৰ সাধাৰণ বিধিটো বাহাল ৰাখিবলৈ মই তৎপৰ হৈ পৰোঁ

সময়ৰেখা বুলি ধৰি লৈ নাড়ীডালকে কাটিবলৈ মই কটাৰী বিচাৰোঁ

— 

ঠিকনা:

জীশোৰ

(জীৱন কিশোৰ)

মাৰফৎ― উত্তম গগৈ

গোঁহাই চুক, ফুকন নগৰ                       

পানী যোগান আঁচনিৰ সমীপত

শিৱসাগৰ― ৭৮৫৬৪০, অসম

ভ্ৰাম্যভাষ-৭০০২১৪১৫৫৪

ই-মেইল―  jibankn@gmail.com

টুইটাৰ― @JeevanKishore0

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close