Written by sdblogs2011 3:22 am Poems

ইলিজি

হেমচন্দ্ৰ কছাৰী

কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে

নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায়

খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে

ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে

সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে

যেন মানৱ নহয় দানৱহে

জাল

ইফালেও জাল সিফালেও জাল

ইখনৰ পিছত সিখন বিভিন্ন নম্বৰৰ জাল

জলত জাল মানেইতো কাল

পাহে পাহে ওলমি থাকে জলচৰ কংকাল

নাবাছে

জাল ফালি বোকা ফালি পলাই ফুৰা কেইটাও নাবাছে

বিদ্যুত পৃষ্ঠ হৈ ধৰফৰাই ধৰফৰাই ঢেলপোঙা দিয়ে

অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা

এয়াই বিলত সোমই পৰা মৎস্যৰ বিষাদ গাঁথা

“ঈশ্বৰ আছে,ঈশ্বৰে চাই আছে”

পিছে ক’ত আছে সেইজন ঈশ্বৰ

দানৱকেইটাই উদ্ভাৱন কৰিয়েই আছেচোন নিৰীহক মৰাৰ নতুন নতুন কৌশল 

আৰু ৰজা ! ৰজাই কি কৰিব

আজি ৰজাও পাপী প্ৰজাও পাপী

কোনে কাক বিহিব শাস্তি

আজি মনুষ্যই মনুষ্যৰ ইলিজি নুশুনে

মৎস্যৰ শুনিবনে !

ঠিকনা:

ধেমাজি

দূৰভাষ – 957542070

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 11 times, 1 visit(s) today
Website |  + posts
Close