Written by sdblogs2011 5:41 am Poems

ভালে আছোঁ

ইলামণি শইকীয়া

কেনে  আছা বুলি সুধিলেই 

সকলো ‘ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়ম

একো ভালে নথকাৰ এক অনৰ্থ প্ৰতীকী মুখা

আঁৰি ল’ব লগা হয় মুখত

পিন্ধাব লগা হয় চকুত

সাগৰৰ সূৰ্যৰ এচপৰা চকু ছাটমৰা চিকমিকনি

দেহলৈ আনি ল’ব লগা হয়

পুৱাৰ ৰঙা চাহকাপৰ পাছৰ

অলপ জীৱন জীওৱাৰ সতেজতা

অকলে বহি কান্দিবলৈ নোপোৱাৰ দুখ এটাই 

অগা-ডেৱা কৰি থকাৰ সময়তো

দুহাত মেলি চপাই ল’ব লগা হয়

স্বজাতি হেৰুওৱা কপৌ এটিৰ এবুকু কুহুমীয়া ধপধপনি৷

আচলতে একো ভালে নথকাৰ পাছতো আপুনি উশাহকণক নিলগাব নোৱাৰে

যেনেকৈ ফাগুন বুলিয়েই আপুনি ধূলিয়ৰি আপোন বাট এৰি 

গুচি যাব নোৱাৰে অকাল বসন্ত নমা অবাটেৰে

সেয়ে ‘ভালে আছোঁ’ সদায়

দ্ৰষ্টব্য : আপুনি ভালে থকাটো হ’ব পাৰে আন কাৰোবাৰ ভালে নথকাৰ এটা কাৰণ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 11 times, 1 visit(s) today
Website |  + posts
Close