Written by sdblogs2011 10:22 am Poems

অৰণ্যত দুৰ্গাপূজা

সংকল্পজিৎ শইকীয়া

অৰণ্যৰ ৰজাসিংহৰ কথাত
হাবিত পাতিছে পূজা,
হাতী, বাঘ আদিসকলো জন্তুৰ
মনত লাগিল মজা।
বাঘৰ পুতেকবাঘেশ্বৰ বৰাই
কিনিলে বল-বেট,
সমনীয়াৰ লগতবাঘৰ পুতেকে
খেলিব হেনো ক্ৰিকেট।
হাতীৰাম গগৈৰদুয়োটা পুতেক
অতিকে শান্ত-শিষ্ট,
বেলুন, পুতলাএকো কিনা নাই
কেৱল খোৱাত ব্যস্ত।
কিয়া ছেল্টছ্গাড়ীত উঠি
ভালুকে চালে পূজা,
নতুন গাড়ীতউঠি ভালুকীৰ
মনত লাগিল মজা।
ফপৰা শিয়ালআৰু শিয়ালীয়ে
মিঠাইৰ বেপাৰ কৰে,
খঁকুৱা পুতেকেতাৰে আধাখিনি
অকলেই শেষ কৰে।
মলুৱা বান্দৰে বান্দৰীৰ লগত
পূজাত কৰিলে ইনজয়,
পুতেক দুটাৰকাৰণে সিহঁতে
পুতলা কিনি লয়।
হৰিণী ওলালসাজি-কাচি
পূজা চাবলৈ বুলি,
ওঁঠত লিপ্‌ষ্টিকচকুত কাজল
ষ্টাইল কৰিলে চুলি।
অৰণ্যত পূজাপাতে উলাহেৰে 
সকলোটি মিলি-জুলি,
আটায়ে প্ৰাৰ্থনাকৰিছে দেৱীক
সকলোৰে ভাল হওক বুলি।

:

(একাদশ শ্ৰেণী, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও)

ঠিকনা :

গাঁও : চাংচকী

ডাক : দক্ষিণ চাংচকী

থানা : কামপুৰ

জিলা : নগাঁও (অসম)

পিন : ৭৮২৪২৬

ফোন : ৯৯৫৪৭৬৮৪৮৭/ ৮৪৮৬৬৪১৮৭৮

ই-মেইল : sankalpasaikia006@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close