Written by sdblogs2011 4:52 am Poems

সপোনত মোৰ দেশ

 মূল : জীৱন নামদুং

অনুবাদ : দক্ষিণা দেৱী গজুৰেল

যোৱা বা তাৰ আগৰ বছৰৰ কথা

ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি

নহ’লে ভাবকচোন

এটি অজান ধুমুহাৰ অন্ধকাৰৰ ৰাতি

কোনোবাই মোৰ ঘৰৰ দুৱাৰত

জোৰেৰে টুকুৰিয়াইছে

আতংকিত, ভয়-ভীত যদিও সচেতন হৈ

মই দুৱাৰ নোখোলাকৈ

ভিতৰৰপৰাই প্রশ্ন কৰিলোঁ

তুমি কোন?

লগে লগে প্রতি উত্তৰ

‘মই তোমাৰ দেশ’

দেশ বুলি ক’লেই

মানচিত্ৰৰ কথাই মনত পৰে মোৰ সদায় সদায়

তাৰ উপৰি

প্রাথমিক বিদ্যালয়ৰ পৰাই মই

পৰীক্ষাবোৰত দেশৰ মানচিত্ৰ অঁকাৰ ভিৰবোৰত

দহৰ ভিতৰত দহেই

পাইছিলোঁ কেতিয়াবা

আজি কিন্তু সেই দেশে

আশ্রয় নাপায়

নিজৰ প্ৰিয় দেশবাসীসকলৰ হৃদয়ত

বিশ্বাসত, মতত হাৰি পৰাস্ত হোৱাৰ পাছত

দুয়োটা সদনৰ শকুনি হাতবোৰৰ পৰা

মাজৰাতি মোৰ দুৱাৰৰ সমুখ আহি পাইছে

এনে ধৰণেই ভাবি আছিলোঁ

দুৱাৰ খোলাঁ! দুৱা খোলাঁ

অকস্মাতে আকাশবাণী হ’ল

নিজেই দুৱাৰ খোল খালে

‘মই তোমাৰ দেশ’ বুলি কোৱা ঠাইত

অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়া

আত্মসমৰ্পণ কৰিব নিবিচৰা

অতীত গৌৰৱেৰে উচ্চশিৰ 

এজন বৃদ্ধ সৈনিক মাত্ৰ থিয় আছিল

মীৰজাফৰ আৰু শকুনিবোৰৰ সৈতে

যুঁজি যুঁজি

ঠগ প্রবঞ্চনা আৰু অবিশ্বাসৰ বুলেটৰ আঘাতত

ফাটি ছি‍ৰাছি‍ৰ হোৱা

এজন শ্বহীদৰ জাৰ্চি সি পিন্ধিছিল

সেই জাৰ্চিটো ক’ৰবাত ক’ৰবাত

দেশৰ মানচিত্ৰৰ দৰেই দেখা গৈছিল

কেইবাটাও নিদ্ৰাহীন ৰাতি আৰু মানসিক চাপত হ’বলা

তাৰ চেহেৰা কাশ্মীৰৰ দৰেই (ডিছটাৰ্ব) আছিল

তিস্তা আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ

তাৰ চকুত ওপঙি ৰৈছিল

অস্ত্ৰ-শস্ত্ৰবোৰ কাঢ়ি নিলেও

‘সহজে আত্মসমৰ্পণ কৰিব নিবিচৰা

আত্মাভিমানী সেই বৃদ্ধ সৈনিক

দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ হৈ

মীৰজাফৰ শকুনিবোৰৰ লগত জীয়াই থাকিব লগা হৈছিল

দুৰ্যোধন আৰু দুঃশাসনৰ লগত হাঁহিবলগীয়া হৈছিল

সেই বৃদ্ধ সৈনিকক চিনি পায়ো বুজি পায়ো

একো কৰিব নোৱাৰিলোঁ মই

সঁচাকৈ সেই বৃদ্ধ চিপাহী

বাস্তৱতে মোৰ দেশ আছিল।

           ***

ফোন: ৯৭০৬৪৭৬৯৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close