Written by sdblogs2011 4:28 am Articles

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

 ড° বুলজিৎ  বুঢ়াগোহাঁই

উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; https://cuet.nta.nic.in); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; https://ugcnet.nta.nic.in); বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ.) –নেট(Council of Scientific & Industrial Research, CSIR –NET; https://csirnet.nta.nic.in); ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষণ পৰীক্ষা (নেষ্ট) (National Entrance Screening Test NEST; https://www.nestexam.in); যৌথ প্ৰৱেশ পৰীক্ষণ পৰীক্ষা (জেইএচটি)(Joint Entrance Screening Test ,JEST; https://www.jest.org.in/joint-entrance-screening-test); যৌথ প্ৰৱেশ পৰীক্ষা (জেইই- মেইন) (Joint Entrance Examination, JEE –Main; https://jeemain.nta.nic.in ); যৌথ প্ৰৱেশ পৰীক্ষা (জেইই- এডভান্সড) (Joint Entrance Examination,JEE- Advanced;  https://jeeadv.ac.in ); ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা [ এনইইটি (ইউজি)](NATIONAL ELIGIBILITY CUM ENTRANCE TEST, NEET-UG; https://neet.nta.nic.in ]   ; ‘আইচিএআৰ’ৰ নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা (এ.আই.ই.ই.এ.) (ইউ.জি. আৰু পি.জি.; ) ( ICAR – All India Entrance Examination For Admission (AIEEA) UG and  PG; https://icar.nta.nic.in ); ‘আইচিএআৰ’ৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা-এআইচিই-জেআৰএফ/এছআৰএফ (পিএইচডি) (ICAR- All India Competitive Examinations AICE-JRF/SRF (Ph.D); https://icar.nta.nic.in ) ; ৰাষ্ট্ৰীয় হোটেল ব্যৱস্থাপনা পৰিষদ যুটীয়া প্ৰৱেশ পৰীক্ষা (এনচিএইচএম -জেইই)(National Council for Hotel Management Joint Entrance Examination (NCHM JEE; https://nchmjee.nta.nic.in ) ; গ্ৰেজুৱেট ফাৰ্মাচী এপ্টিটিউড টেষ্ট (জিপিএটি)(Graduate Pharmacy Aptitude Test, GPAT; https://gpat.nta.nic.in ); কমন ল এডমিছন টেষ্ট (চিএলএটি)(Common Law Admission Test, CLAT; https://consortiumofnlus.ac.in ); সৰ্বভাৰতীয় আইন প্ৰৱেশ পৰীক্ষা (এআইএলইটি)(All India Law Entrance Test, AILET; https://nludelhi.ac.in/adm-ba-test.aspx ) ; ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি কমন এণ্ট্ৰেঞ্চ টেষ্ট (আইএমইউ  চিইটি) (Indian Maritime University Common Entrance Test ,IMU CET; https://www.imu.edu.in ); নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজী (এনআইএফটি) ৰ প্ৰৱেশ পৰীক্ষা(National Institute of Fashion Technology (NIFT) Entrance Examination; https://www.nift.ac.in/admission ) ; নেচনেল ইনষ্টিটিউট অৱ ডিজাইন – ডিজাইন এপ্টিটিউড টেষ্ট (ডি.এ.টি.) (National Institute of Design – Design Aptitude Test (DAT); https://admissions.nid.edu ) ; কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ডিজাইন (চিড)(Common Entrance Examination for Design (CEED); https://www.ceed.iitb.ac.in/2023/ ); নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজী (এনআইএফটি) প্ৰৱেশ পৰীক্ষা( National Institute of Fashion Technology (NIFT) Entrance Examination;  https://www.nift.ac.in/admission ); কমন এডমিশ্যন টেষ্ট (কেট)(Common Admission Test (CAT); https://iimcat.ac.in ) ;

মেনেজমেণ্ট এপ্টিটিউড টেষ্ট (মেট)(Management Aptitude Test, MAT; https://mat.aima.in ); কমন মেনেজমেণ্ট এডমিশ্যন টেষ্ট (চিএমএটি)(Common Management Admission Test (CMAT) ; https://cmat.nta.nic.in ); গ্রেজুৱেট  এপটিটিউড  টেষ্ট  ইন ইঞ্জিনীয়াৰিং  (গেট)(Graduate Aptitude Test in Engineering, GATE; https://gate.iitk.ac.in ); এন.চি.ই.আৰ.টি. উমৈহতীয়া প্ৰৱেশ পৰীক্ষা (চি.ই.ই.) (NCERT Common Entrance Examination, CEE; https://cee.ncert.gov.in ); নেচলেন এপটিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ (নাটা)(National Aptitude Test in Architecture ,NATA ; https://www.nata.in);

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান – যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইটি)(Film and Television Institute of India – Joint Entrance Test (JET); https://www.ftii.ac.in/p/admission-process ) ইত্যাদি৷

এই প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ বিজ্ঞাপন ৱেবছাইট লগতে বাতৰি কাকত/আলোচনীত প্রকাশ হয়৷ শিক্ষাৰ্থীসকলে বিজ্ঞাপনৰ প্রতিটো শব্দ প্রথমৰ পৰা শেষৰলৈকে পঢ়িব লাগিব। প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ শেহতীয়া তথ্যৰ বাবে অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব৷ এই প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতে শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্ৰী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে। শিক্ষাৰ্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। এই অভ্যাস পৰিহাৰ কৰিব লাগে। পাঠ্যপুথিৰ  প্ৰতিটো শাৰী পঢ়িব লাগিব, ধাৰণাসমূহ বুজি ল’ব লাগিব আৰু মুখস্থ কৰিব লাগিব।  প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায়। কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কোচিং ল’বই লাগিব বুলি কোনো কথা নাই৷

শিক্ষাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকত সমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব। ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষাৰ্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব। শিক্ষাৰ্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব৷

ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। ম’ক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্ৰত্যাহ্বানজনক। শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে।

এই  প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কিছুমানত সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয়৷ সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয়, ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে৷ তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , গাণিতিক সক্ষমতা (Mathematical ability) , বিচাৰ-বুদ্ধিৰ সক্ষমতা (Reasoning), ভাষা বুজা (Language Comprehension), মৌখিক সক্ষমতা (Verbal Ability), পৰিমাণগত সক্ষমতা (Quantitative ability), বিশ্লেষণাত্মক দক্ষতা(Analytical Skills) আদি বিষয়সমূহৰ অনুশীলনো কৰাটো দৰকাৰ। প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে৷ গতিকে শিক্ষাৰ্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে। শিক্ষাৰ্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্রস্তুতি চলালে এই প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব৷

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিব পাৰে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close