ৰমানন্দন বৰা
ছাব্বিছ
দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷
দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই…
সঁচাকৈয়ে একুৰা ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে ঘৰৰ কাম এৰি সেইফালে চাই হায়ৈ-বিয়ৈ কৰিবলৈ ধৰিলে৷
বেণুৰ বুকুৱে ঢপঢপাবলৈ ধৰিলে৷ কেনেকৈ জুই লাগিল? কোনোবাই জ্বলোৱা নাইতো!
এইটো এনেকুৱা এটা ঘটনা ঘটিল যে বেণুহঁতৰ আটাইবোৰ পৰিকল্পনা শেষ কৰি পেলাব পাৰে? জুইকুৰা নিজে লাগিব পাৰেনে?
বেণুৱে দঢ়াই দঢ়াই কৈছিল, কাৰো একো অনিষ্ট নকৰিবলৈ৷ মোলোকাহঁতৰ দৰে গৰম তেজৰ ল’ৰাবোৰেও তাৰ কথা মানিয়েই একো নকৰাকৈ আছিল৷ বছা গাঁৱৰ কোনোবাই কামটো কৰিলে নেকি? এইখন গাঁৱৰ সহায় নোলোৱাকৈ তাৰ পৰা এনেকুৱা এটা সাংঘাতিক কাম কৰিবলৈ কোনে সাহস কৰিব?
জুপুৰিকেইটাত ডেৰ কুৰি মানুহ আছিল৷ মানুহবোৰৰ কি হ’ল? কাৰোবাৰ কিবা হ’ল যদি কোনো নাবাচে৷ চবকে পুলিচে ধৰিব৷
বেণুৰ চটফটনি বাঢ়ি আহিল৷
জুইকুৰা বাঢ়ি আহিছে৷ এটা শুকান মৰ্মৰনি বাঢ়ি আহিছে৷ ফাগুনমহীয়া বতাহজাকে জুইকুৰা এইফালে আনিছে৷ ফট্ফট্কৈ বাঁহ ফুটিছে৷ নতুন চাপৰিৰ জুইকুৰাই বন জুইৰ ৰূপ ল’ব এতিয়া৷ দুটা চাপৰিৰ মাজত দুটা সৰু সৰু খান্দা৷ শুকান বতৰ, শুকান ঘাঁহ-বন৷ জুই বিয়পিবলৈ কেতেপৰ৷
সি ঘৰৰ পৰা ওলাই গাঁৱৰ মাজ পালেগৈ৷ ল’ৰা-বুঢ়া আটাইবোৰ গৰুবাটটোত থূপ পাতি আছে৷ সকলোৰে মুখত আতঙ্ক, দুশ্চিন্তা!
তাৰ চিন্তা শক্তি যেন বিকল হৈ আহিছে৷ কাকো সন্দেহ কৰিব নোৱাৰি, কিন্তু কাকো সন্দেহৰ পৰা বাহিৰত থ’ব নোৱাৰি৷ কি ভাবিছিল কি হ’ল?
বেণুৰ বাবে এটা সাংঘাতিক দুশ্চিন্তাৰ কাৰণ হৈ জুইকুৰা মাজৰাতিলৈকে জ্বলিল৷ তাৰ পৰা লাহে লাহে জুইৰ বল টুটি আহিল৷
সেই ৰাতি বেণু শুব নোৱাৰিলে, পাহিতাও৷
বেণুৱে পুৱাতে গৰু-গাইৰ জাঁজ সামৰিলে৷ নতুন চাপৰিৰ জুইকুৰাৰ সবিশেষ বাতৰি ল’বলৈ তাৰ উচপিচ লাগি আছিল৷ এনেতে ম’হৰ খুঁটিৰ পৰা অহা মহেনে দুটামান বাতৰি দিলে৷
“জুই কেনেকৈ লাগিল কোনেও নাজানে? মানুহৰ হানি-বিঘিনি নাই হোৱা৷ উলুৱনি ডৰা সমূলি পুৰিলে৷”
“ট্ৰেক্টৰখন?”
“তাত নাছিল?”
“মানুহবোৰ ক’লৈ গ’ল?”
“নাজানো৷”
ট্ৰেক্টৰখন নাই, মানুহবোৰ নাই- বেণুৰ চিন্তাত নতুন জঁট লাগিল৷ ডেৰকুৰি মানুহ ক’লৈ যাব? জন্মি মহাজনৰ ঘৰলৈ? নে চাপৰিৰ কোনোবাখিনিত প্ৰাণ বচাই লুকাই থাকিল৷ ট্ৰেক্টৰখনে সদায় সেই ঠাইতে কাম কৰি থাকে৷ সেইখন বা কালি ক’ত থাকিল?
যেই হওক, মানুহৰ হানি নোহোৱাটোৱেই আটাইতকৈ ভাল কথা৷ খেৰ-বাঁহৰ জুপুৰিকেইটা কোনো কথা নাই৷ আকৌ সাজিব পাৰি৷ উলুখেৰ পুৰিলেও আকৌ গজালি ওলাব৷ তাৰ মনটো অলপ শান্ত হ’ল৷
দুই মহাজনে সুদাই এৰিবনে? উৰহী খং ফটা কথাত জাৰে কিজানি৷ ধনী মানুহবোৰ এনেও তলে পুতল৷ ক’ত কেনেকৈ ফান্দ পাতে ধৰা টান৷
* * *
সাতাইছ
ক’লাই মহাজন খঙত অগ্নিশৰ্মা হ’ল৷
জন্মি মহাজনে প্ৰমাদ গণিলে৷
লাৰ্বাং তাৰ্বাং কুকুৰ ধূলি কেইটাৰ ইমান সাহস৷ যাৰ যহত শাখা সেন্দুৰ, তাকে পাতে ভেকোলা এন্দুৰ৷
‘ভোগদৈৰ মাথাউৰি বান্ধিছে৷ তহঁতক কাম উলিয়াই দিছিল কোনে? নগদ টকা চুবলৈ পাইছিলি কাৰ যহত?
মাহ-সৰিয়হৰ তলী ট্ৰেক্টৰেৰে চহাই দিছোঁ মই৷ এতিয়া মাথাউৰি বান্ধিব৷ কাম কৰিবলৈ তহঁতকে দিয়ালোহেঁতেন৷ পিছে লাভ নাই৷ আজিকালি উপকাৰীক অজগৰেহে খায়৷’
যিমান পাৰি সিমান নম্ৰ, ভদ্ৰ হৈ অকণমানে ক’লে, “ককাইদেউ, আপোনাৰ উপকাৰ কোনো কালে পাহৰিব নোৱাৰো৷ কোনোবাই পাহৰিলে খাই পাত ফলাহে হ’ব৷ আমি অশলাগী নহওঁ৷ এতিয়াও ককাইদেৱে যি কৰিছে, ভাল কৰিছে৷ গাঁওখনৰ কোনোবাই জানো এইবোৰ কথা আগতীয়াকৈ চিন্তা কৰিছে৷ পাৰিছে জানো? নোৱাৰে৷ ককাইদেৱেহে নতুন বা-বাতৰি পায়৷ এতিয়া, আমাৰ আপত্তি একো নাই, য’ত মাটি ভাঙিছে, যিমানখিনি ভাঙিবগৈ পাৰি, তাত আমাকো বুকুৰ মাজত সুমুৱাই ল’বলৈহে খাটিছো৷”
অকণমানৰ বিনয়ী সুৰে অকণমান কামত দিলে৷ ক’লাই মহাজনৰ ক্ৰোধৰ চোক অলপ কমিল৷ আত্মীয়তাৰ মাত এটাৰে তেওঁ ক’লে, “চা অকণমান, তহঁতক এৰি মই ক’লৈ যাম, কি কৰিম? যি কৰিছো তহঁতক লৈয়ে কৰিছোঁ৷ সেয়া সিবাৰ নামঘৰৰ কাৰণে যি কৰিছোঁ তহঁতৰ বাবেই কৰিছোঁ৷ এইবাৰ খেতি চবৰে গ’লেইহেঁতেন মইহে এগ্লিকেলচাৰক খাটি-লুটি তহঁতৰ খেতিখন পতাইছোঁ৷ বিনামূলীয়াকৈ বীজ পাইছ, পথাৰ আনে চহাই দিছে৷ তহঁতে ফচল খাব লাগে৷ এনে সুবিধা পাবি ক’ৰবাত? মোৰ ট্ৰেক্টৰখন আছে কাৰণেহে৷ ভাটীৰ গাঁওকেইখনৰ মানুহে কি পাইছে সুধিবিচোন৷” তেওঁৰ কথাকেইটাই সমবেত ডেকামখাৰ পৰা অকুণ্ঠ সমৰ্থন পোৱা দেখি মহাজনে অধিক দৰদী মাতেৰে ক’লে, “নতুন চাপৰিৰ মাটি ভোগদৈপৰীয়া মাটিৰ নিচিনা নহয়৷ শুকান বালি৷ তাত কিবা ভুল কৰিয়েই খেতি-খোলা পাতিবলৈ ল’লোঁ নেকি! বাৰু যিয়েই হওক, তাৰ কাম-বনবোৰ তহঁতেই কৰিবি৷ মই নগদ ধন দিম৷ চিন্তা নকৰিবি৷”
এইবাৰ কাৰো সমৰ্থন নাই৷ আটাইবোৰ মনে মনে ৰ’ল৷ ক’লাই মহাজনে গোপন চকুৱে আটাইবোৰৰ মুখবোৰ ভালকৈ চালে৷ আটাইবোৰে ভিতৰি ভিতৰি যেন খং এটা পোহ দি আছে৷
বিপিনে পোনপতীয়াকৈ কথাটো ক’লে, “মানে দদাইদেউ, আমি সকলোৱে মিলি সমবায়খন কৰিছোঁ যেতিয়া ভাগও সমানে হওক৷ ট্ৰেক্টাৰখনৰ হকে আপুনি আৰু জন্মেজয় দদাইদেৱে যেনিবা অলপ বেছিকৈ ল’ব৷”
বিপিনে কথাষাৰ ক’বলৈহে পালে, ক’লাই মহাজনৰ ৰুদ্ৰ জ্বলি উঠিল, “হেৰ’ তই ক’ত শুনিলি? সমবায়? তহঁতক লৈ সমবায়? সমবায় মানে কি জাননে? যি সমানে বব পাৰে৷ মানে খৰচৰ বোজাটো বব পাৰিব লাগিব সমানে সমানে, তেহে৷ ক’লে বেয়া নাপাবি, তহঁত জন্মি বা মোৰ জোৰৰো নহ’ব, ফেৰৰো নহ’ব৷ আমি খৰচৰ বোজা সমানে বহন কৰিছোঁ৷ ট্ৰেক্টৰৰ টকা সমানে সমানে৷ মানুহ ৰাখি কাম কৰাইছোঁ৷ খৰচ সমানে সমানে৷ এইটোৱেই সমবায়৷”
“কোৱাইদৌ, চ’কাঅ ঘঅত আমা নামবোও আছে৷ সেই কাঅণেহে আমি বিচাইছোঁ৷” মিনাৰামৰ কথাত জ্বলা জুইত ঘিঁউ পৰিল৷
“কোনে ক’লে? তই দেখিছ? নিজৰ নামটো লিখি চহীটো মাৰিব নোৱাৰ৷ যিটি কথা নক’বি৷ মুখখন থাকিল বুলি ছাগলীৰ নিচিনা নবলকিবি৷”
কথাবোৰে ভদ্ৰতা আৰু নম্ৰতাৰ পোচাক খুলি নাঙঠ হৈ পৰিল যেতিয়া পোনে পোনে নাঙঠ কৈ কোৱাই ভাল বুলি মঘূৱাই মুখ পাতি ধৰিলে,
“আমাক নজনোৱাকৈ আমাৰ নাম দি সমিতি পাতিলে৷ আমাৰ নামৰ সমিতিৰ নামত চৰকাৰে আধা দামতে ট্ৰেক্টৰখন দিছে৷ আমাৰ নামতে শইচৰ বীজ, সাৰ যি য’ত লাগে চৰকাৰে দিব৷ দুজনকতো নিদিয়ে৷ এতিয়া আমাক তাৰ ভাগ লাগিব৷ নহ’লে আমি বহি নাথাকো৷”
খঙত একো ক’ব নোৱাৰা হৈ ক’লাই মহাজনে বাওঁহাতৰ চাৰিটা আঙুলি মুঠি মাৰি বুঢ়া আঙুলিটো থিয় কৰি নচুৱাই নচুৱাই ক’লে, “চা মঘূৱা, ঘেণ্টাটো কৰিবি৷ ঘেণ্টাটো৷ যা তহঁত গোটেই জাক মিলি মোৰ আৰু জন্মিৰ কি বাল ছিঙ চাই ল’ম৷ কেলেহুৱা মখাই সমবায় পাম খোলে? নেগুৰ কটা শিয়াল৷ ৰাজ সভা লাগে৷ যাগৈ যা৷ কোন বাপেৰে লগাইছে তাৰ ভৰি চেলেকি থাকগৈ৷ মোৰ ওচৰলৈ কোনোদিন নাহিবি৷ মনত ৰাখিবি, নগাৰ চাঙ তলেহে বাট৷” ফোৰোহনি মাৰি বাৰাণ্ডাৰ পৰা ক’লাই মহাজন ভিতৰলৈ সোমাই গ’ল৷
কথা নবঢ়াই ল’ৰাহঁতৰ দলটো মহাজনৰ বাৰাণ্ডাৰ পৰা নামি ঘৰমুৱা হ’ল৷ সিহঁতৰ জয় হ’লনে পৰাজনয় হ’ল? মহাজনক জোকাই লোৱাটো ভাল হ’ল নে বেয়া হ’ল? সিহঁতে তাৰ একো উৱাদিহ নাপালে৷ এটা কথাই আটাইকেইটাই ভাবিলে, “বোকাত নামিলো যেতিয়া মাছ ধৰিবই লাগিব৷ এনেই পানী ঘোলা কৰিলে নহ’ব৷
* * *
নতুন চাপৰিত ঘৰ জ্বলা খবৰটো বকুল চাপৰিত বুলিয়েই নহয়, বছা গাঁও, উজনিত ককিলা, নামনিত কলবাৰীলৈকে পিছদিনা পুৱাই বিয়পি পৰিল৷ এচাটি ডাৱৰে এফালৰ পৰা ছানি ধৰাৰ দৰে খবৰটোৱে ছানি ধৰিলে৷ তিনি-চাৰিটা পদূলিৰ মূৰে মূৰে মানুহৰ জুম বান্ধিল৷ ব্ৰহ্মপুত্ৰৰ ঘাটে ঘাটে মানুহৰ মাজত আলোচনা চলিল৷ পুৱা ভাগতে জয়ৰাম উকীলেও কথাবোৰ মানুহৰ মুখেদি শুনিছিল৷ দুপৰীয়ালৈ ক’লাই শইকীয়া তেওঁৰ ঘৰ ওলালেগৈ৷ দেওবাৰৰ বন্ধত উকীল বাৰীৰ কামত লাগি আছিল৷ ক’লাই শইকীয়াক আথে-বেথে বহিবলৈ দি ভিতৰলৈ চাহৰ বাবে ঘৈণীয়েকক চিঞৰটো মাৰি আৰম্ভ কৰিলে –
“কথাটো মই শুনিছোঁ শইকীয়া কেনেকৈ হ’ল?”
“পোনপটীয়াকৈ ক’ব নোৱাৰি৷ কিন্তু আমাৰে কাৰোবাৰ কাম যেন লাগিছে৷ সিদিনা কেইটামান ল’ৰাই বিষয়টো লৈ মোৰ লগত তথিবাদ কৰিছিল৷”
ক’লাই মহাজনৰ পৰা আদ্যোপান্ত বিৱৰণ উকীলে শুনিলে৷ বৈদ্য, ডাক্টৰ আৰু উকীলক মিছা কথা ক’ব নালাগে বোলা কথাষাৰ মহাজনে জানিছিল৷ সেই কাৰণে সমবায় সমিতি ভুৱাকৈ গঠন কৰি জন্মি মহাজন আৰু তেওঁ চাপৰিৰ মাটিখিনি নিজৰ কৰাৰ চিন্তাটো পুলিয়ে পোখাই উজাৰি জয়ৰাম উকীলক ক’লে৷ ল’ৰাহঁতৰ লগত হোৱা তৰ্ক-বিতৰ্কও সবিশেষ জনালে৷ এতিয়া মহাজনৰ উদ্দেশ্য এখন মোকৰ্দমা তৰিব লাগে গহীনকৈ৷ ঘৰ জ্বালি আৰু প্ৰাণে মৰাৰ ষড়যন্ত্ৰৰ অভিযোগ লগ লগাই শক্তিশালী হ’ব লাগিব৷ তেওঁৰ লগত মুখ চলোৱা কেলেহুৱা কেইটাক এশিকনি দিব পাৰিব লাগিব৷ নহ’লে তেওঁৰ মান-সন্মান মাটিত মিহলি হ’ল বুলি ধৰিব৷
জয়ৰাম উকীলে ভালকৈ ভাবি-চিন্তি আন্তৰিকতাৰে উত্তৰ দিলে –
“শইকীয়া, কেছ এখন তৰিব পাৰি৷ পুলিচৰ হতুৱাই দুই-এটাক এৰেষ্ট কৰাবও পাৰি৷ সেইবোৰে সমস্যাটো সমাধান নকৰে৷ বৰং শত্ৰুতা বাঢ়িবহে৷ বেয়া নাপাব৷ কেছটোৰ ভিত্তিটোত গোলমাল আছে৷ কাৰণ, যিসকলৰ চহী লৈ আপুনি সমবায়খন পাতিছে, তেওঁলোকে যদি কয় তেওঁলোকক নজনোৱাকৈ চহী লোৱা হৈছে৷ তেন্তে পাল্লাখন আপোনাৰ পালে ভাৰী হ’ব৷ সমিতিখনেই ভুৱা বুলি প্ৰমাণিত হ’লে তাৰ নামত আপুনি বা আপোনালোক দুজনে পোৱা সুবিধাবোৰ চৰকাৰক ঘূৰাই দিব লাগিব৷ আনকি ট্ৰেক্টৰখনো৷ মাটিখিনি আপোনাৰ নামত নামজাৰী কৰিব নোৱাৰে৷ সেইখিনি সমিতিৰেই হৈ থাকিব, এটা চৰ্তত যে তাত স্থায়ী নিৰ্মাণ নহ’ব খেতি কৰিব পাৰিব আৰু চৰকাৰে নতুন জাননী দিলে ঘূৰাই দিব লাগিব৷”
ইতিমধ্যে উকিলনীয়েও আগবঢ়াই যোৱা চাহবাতি চেঁচা হৈছিল৷ তেওঁ ভালপোৱা তিলপিঠাটোও সেইদিনা মহাজনৰ বাবে তিতা যেন লাগিছিল৷
“চিন্তা কৰি চাওক শইকীয়া৷ সাপো মৰক লাঠিও নাভাগক৷ সিহঁতকো খেতি কৰিবলৈ সমানে মাটি ভগাই দিয়ক৷ আচলতে সমবায়ৰ নিয়ম সেইটো নহয়৷ সমিতিয়ে কেন্দ্ৰীয় সিদ্ধান্তৰ একক নিয়ন্ত্ৰণত খেতি কৰিব লাগে৷ তথাপি এতিয়া বাৰু নিজা নিজাকৈয়ে কৰক৷”
“বেয়া নাপাব৷ কেছ চলালে মই ধন পাম, কিন্তু জয় পৰাজয়ৰ কথা এটা আছে৷ সেয়ে আপোন মানুহ হিচাপে খোলাকৈ ক’লোঁ৷ সিদ্ধান্ত আপোনাৰ৷”
ক’লাই মহাজনে ভাবিলে, তেওঁ হাৰিছে৷ খুব বেয়াকৈ হাৰিছে৷ আকাশলৈ উৰিব খোজোতে ডেউকা ভাগি মাটিত পৰি গৈছে আৰু উঠিব নোৱাৰিব৷ জন্মিৰ কথাত নহা হ’লেই ভাল আছিল৷ বেছিকৈ মুখ মেলা হ’ল ৷ এতিয়া কোৱাৰি ফাটিছে৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
