Written by sdblogs2011 4:27 am Poems

খবৰ

ৰিপুঞ্জয় বৰুৱা ঋমন

মানুহে কয় 

ভগৱানৰ সৃষ্টিত ভুল হৈছে

 মই হেনো পাগল ।

নিজক বিচাৰি নোপোৱা ছবি এখনত 

বাৰে বাৰে নিজকেই বিচাৰি 

এনেয়ে যিকোনো কথা পাতি থাকোঁ ।

 জেণ্ডাৰ যিয়েই নহওক 

কথা পাতিবলৈ লগ এটা লাগে 

পিঠি খজুৱাবলৈ লাগে এখন দীঘল নখৰ হাত ।

 পাতি থকা ভাষাটোৰে কবিতা লিখা দৰকাৰ 

‘হেৰি নহয়’ বুলি বাহানা নামাৰি 

কেতিয়াবা বিনা স্বাৰ্থতো খবৰ এটা কৰা দৰকাৰ

 নাইট ক্লাবৰ মেহফিল 

বৰ ভাল লাগে প্ৰেম আৰু ছেক্স ইন দ্য বিগিনিং

 ব্লু ফিল্ম চাই হস্তমৈথুন কৰা মানুহবোৰে কয়, 

এইবোৰ হেনো অশ্লীল 

অশ্লীলৰ ‘অ’ কাটিব জানিলে সকলো শ্লীল

বাটতে লগ পাই মেৰীয়ে সুধিছিল, 

ইমান নিমগ্ন হৈ কি ভাবি আছা ?

 পাপ, ভালপোৱা আৰু আকৰ্ষণৰ কথা 

ভৰিৰ পায়েল ছিগিলেই 

শ্বেয়াৰ মাৰ্কেটৰ উঠা-নমা 

সফলতাৰে নগ্ন হোৱা 

ভালৰি লগোৱা কথাৰ নিঃসঙ্গতা 

লগতে, যুদ্ধই দুফাল কৰা মানুহৰ ঠিকনা ।

 বতাহত পোৰা মঙহৰ গোন্ধ 

ৰাছিয়াই জ্বলাই দিয়া ইউক্ৰেইনত 

শিশুবোৰ জীৱন্তে জ্বলি ছাই হৈছে !

এই দুটা চকুৰেই মই মোৰ মৃতদেহ চাওঁ 

মৃতদেহ চোৱা তেনেই সহজ 

পাছপ’ৰ্ট, ভিজা, আধাৰ কাৰ্ড 

পান কাৰ্ড, জব কাৰ্ড, ইঞ্চ্যুৰেন্স 

একোৰেই নহয় প্ৰয়োজন ।

 ইমানৰ পাছতো আমি জীয়াই আছোঁ 

 খবৰ পুৰণি হ’বলৈ সময় নলগা মুহূৰ্তত 

কি হ’ব পাৰে ইয়াতকৈ ডাঙৰ খবৰ !

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং – ১০১

গুৱাহাটী- ০৪

ভ্ৰাম্যভাষ- ৬৯০১৮৫৬০৮৫ 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close