উজ্জ্বল স্মৰণ দত্ত
বত্ৰিছ পুতলাৰ সিংহাসনত
পুতলা ৰজা বহিছে
পুতলাৰ দেশৰ পুতলাবোৰ
পুতলা হৈ আছে
দেখা নাই বেয়া
কোৱা নাই বেয়া
শুনা নাই বেয়া
পুতলাবোৰ পুতলাৰ হাতৰ পুতলা
ৰচীৰ টানত নাচে কাঠ পুতলা হৈ ৷
কথা নাই পুতলাটো
অথিৰ অবিৰ
নাই চকু
নাই মাত
নাই কাণ
ইকাটি নাই সিকাটি নাই
পুতলাটো পুতলাই
পুতলা নাচে ৷
ঠিকনা :
সাপেখাতী , চৰাইদেউ
ফোন : ৮৭৬১৮১৪৪৯৬ , ৭০০২৪৮৮৭০১
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 1 times, 1 visit(s) today
