Written by sdblogs2011 4:07 am Poems

শূন্যগৰ্ভ কলহৰ কাব্য

জোনমণি দাস
মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ।

জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!
কাষৰিত কলহ লৈ
বোবা ওঁঠেৰে শুনাব খুজিছা কাক
শূন্যগৰ্ভ কলহৰ কাব্য

বিদায়ী বসন্তৰ বিনয়ী বতাহ
মোৰ বুকু বিদাৰি বয়,
মূৰত মথুৰা-পাগ মাৰি মই
থৰ হৈ চাওঁ
তোমাৰ ছায়া-স্নিগ্ধ চকুলৈ

তোমাৰ দুচকুত পোৰা শতাব্দীৰ ছাঁ

মৃত্যুক বিচাৰি ফুৰোঁতেই মই
অকস্মাৎ আৱিষ্কাৰ কৰি উন্মোচন কৰিলোঁ জীৱন
জীৱনে উপহাৰ দিলে
প্ৰেমৰ পূৰ্ণ পাত্ৰ

তোমাৰ জ্যোতিৰ্ময় দুহাতৰ আকুল আকূতিত
মুগ্ধ বিমুগ্ধ নীলাৰ মই
নিৰ্যাতিত প্ৰেমিক

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close