মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷ তেখেতে বৰ্তমান সময়ত শিল্পীসকলে নিজৰ সন্তুষ্টিৰ বাবে শিল্পচৰ্চা কৰাৰ পৰিবৰ্তে জনপ্ৰিয়তাৰ বাবে মানুহে পচন্দ কৰা ধৰণেহে শিল্প চৰ্চা কৰে বুলি তেখেতৰ বক্তৃতাত মত প্ৰকাশ কৰে৷ সেই একেই অনুষ্ঠানতে ‘অন্যযুগ সাহিত্য সন্মান-২০২২’ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়৷ ‘অন্যযুগ সাহিত্য সন্মান -২০২২’ প্ৰদান কৰা হয় বিশিষ্ট কবি, বিজ্ঞান লেখক, অনুবাদক, প্ৰাবন্ধিক ড০ বিপুলজ্যোতি শইকীয়াক৷ ‘অন্যযুগ’ৰ হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট শিশুসাহিত্যিক, বিজ্ঞান লেখক ‘মৌচাক’ আৰু ‘নতুন আবিষ্কাৰ’ৰ সম্পাদক শান্তনু তামূলীয়ে৷ ভাষণ প্ৰসংগত শ্ৰীশইকীয়াই পোনপটীয়া, সহজবোধ্য কবিতাতকৈ, যিবিলাক কবিতাই তেখেতক এবাৰ পঢ়াৰ পাছতো পুনৰবাৰ পঢ়িবলৈ মনৰ মাজত তাড়ণা অনুভৱ কৰায়, তেনে কবিতাৰ প্ৰতিহে বেছি আগ্ৰহী বুলি কয়৷ লগতে ‘অন্যযুগে’ তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ‘অন্যযুগ সাহিত্য সন্মান -২০২২’-অনুষ্ঠানটিৰ আঁত ধৰে ড০ জ্যোতিৰেখা হাজৰিকাই৷ সভাত যোৰহাটৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷
‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান – ২০২২’ প্ৰদান অনুষ্ঠানৰ কেইটামান মুহূৰ্ত

















