Written by sdblogs2011 2:12 pm Poems

পৰৱাজ

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ  ইংৰাজী কবিতা) Parwaaz 

অনুবাদ : উৎপল দত্ত

মোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত, 

মুহূৰ্তবোৰ বাগৰি যায়, 

বতাহত উৰি ফুৰে সপোনৰ সুগন্ধি

কাগজত বৈ যায় কবিতা,  

সেইবোৰ মোৰ ভবিষ্যতৰ সপোন–   

জীৱন পুৰি নিয়া জুইয়ে 

মোৰ সপোনবোৰক লৈ যায় 

অন্য উচ্চতালৈ, 

জুইৰ শিখাত থাকে এক আচৰিত নিশ্চিতি৷

 তেওঁলোকে লিখিব মোৰেই কাহিনী 

মই ভ্ৰমণ কৰোঁ অন্য এটি উপকূললৈ

মোৰ দৃষ্টিয়ে বিচাৰে কেৱল দিগন্ত

মুহূৰ্তবোৰ বাগৰি যায় …  

টোকা : এই কবিতাটোৰ পাঠ নেপথ্য কণ্ঠত ৰাখি এখন চুটি ছবি নিৰ্মাণ কৰিছিল বিজু বিশ্বনাথে৷ ছবিখন কাব্য-চলচ্ছিত্ৰ নহয়, কবিতাক গদ্যৰ শৈলীৰে প্ৰকাশ কৰা এটা অনুশীলন, পৰম্পৰাগত চিত্ৰ নিৰ্মাণৰ কৌশলটিত কবিতাৰ প্ৰয়োগ৷ ছবিখন ইউটিউবত পোৱা যায়, আগ্ৰহী পাঠকৰ বাবে লিংকটো দিলোঁ –  https://www.youtube.com/watch?v=p0UhcgemSuc

Visited 4 times, 1 visit(s) today
Website |  + posts
Close