Written by sdblogs2011 2:12 pm Poems

হাতচাপৰিৰ কবিতা

দাদুল ভূঞা

সময়ৰ আস্তিন কোঁচাই

মেলি দিছোঁ তৰাং পথাৰ

কম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীত

হাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰ

সকলোৰে ভাল হ’ব, কুশল হ’ব জনতা জনাৰ্দনৰ

নেমুফুলত বসন্তৰ গোন্ধ লাগি ৰৈ  যোৱা বতাহজাক

বলিবনে দুনাই বুলি

প্ৰশ্ন কৰিবলৈকে কাৰো আহৰি নাই

ভাল দিনৰ বজাৰত চকুপানী

পথাৰত অচল খেতিয়কৰ কেঁচা ঘাম

মলিয়ন দেহৰ গোন্ধত ভিৰ সভা-সমিতি

মঞ্চত লাইলাক ফুলৰ হাঁহি

মাজে-মাজে হাতচাপৰি

ঈশ্বৰৰ ভাষণত আকৌ ভাল দিনৰেই খবৰ

হিতাধিকাৰীৰ বিজ্ঞাপন, সেৱাৰ উছৱ

ৰেক’ৰ্ডৰ দৌৰত ওলট-পালট দেশৰ খবৰ

কাৰোবাৰ ঘৰত চাকি নজ্বলিলেও এন্ধাৰ নহয়

চৌকাত জুই নজ্বলিলেও নমৰে মানুহ

মহাশয়, আপোনাৰ যদি বৰকৈ লাগিছে ভোক

তেন্তে, ভাল দিনৰ বতাহকে খাই পাৰ কৰক জীৱন

শৈলন্যাসত নাৰিকল ভাঙি দলিয়াই দিয়া

খোলাটো চেলেকি

আপুনি হয়তো ভাবিছে-

ইমান মিঠা নে নাৰিকলৰ সোৱাদ !

ম’বাইলটো লৈ ছেল্ফি উঠাৰ আশাত

কাষতে বহি আওঁৰাইছে

ৰাজনীতিৰ মফচলীয়া খবৰ

দেৱালত ওলমি থকা অচল ঘড়ীটোৰ দৰেই

জীৱন জিন্দাবাদ বুলি চিঞৰি ক’বলৈকে ভয়

ভালদিনৰে খবৰে তহিলং কৰা তৰাং পথাৰ

‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’

সকলো দেখি শুনি

বিড়ী  এটা হুপি চাই থকাৰ বাদে

কৰিমনো কি ?

বিশেষ দ্ৰষ্টব্য-

আহক সকলোৱে মিলি

আকৌ এবাৰ হাতচাপৰি বজাওঁ

পৰিৱেশ পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি

**

ঠিকনা :

দাদুল ভূঞা

গাঁও : মাগনি, গহপুৰ

জিলা : বিশ্বনাথ

ডাক : মাগনি, পিন : ৭৮৪১৬৮

ভ্ৰাম্যভাষ : ৯৮৫৯২৮৯৩২৫, ৮৬৩৮৭১১৯৭৯

ই.মেইল : dadul.bhuyan@gmail.com

Visited 1 times, 1 visit(s) today
Website |  + posts
Close