Written by sdblogs2011 2:12 pm Poems

সকলো একেই আছে…

ডাঃ অগস্ত্য বৰুৱা

বাটবোৰ বাটেই হৈ থাকে

দুবৰিখিনিহে সলনি হয়

সলনি হয় আহ-যাহ কৰা মনবোৰ

একেই থাকে বাটৰ তলৰ মাটি

চহৰখন সলনি হয়

সলনি নহয় তাৰ ইতিহাস, স্মৃতি

পঢ়ি অহা স্কুলৰ কোঠা সলনি হয়

সলনি হয় ছাত্ৰ

নতুনকৈ মকৰল হয় শিক্ষক

সলনি নহয় শিক্ষাগুৰুৰ আশীৰ্বাদৰ হাত

সেয়া সন্তুষ্টিৰ এহাত

মানুহো সলনি হয়

দেহত বয়সৰ ছাপ

এৰি অহা দিনৰ কাৰণে মনস্তাপ

ধৰিতো ৰাখিব নোৱাৰি একোকে

সকলো পিছলি যায়

সস্নেহে হাতত হাত থৈ হৃদয়খন চাওঁ আহা

একেই আছে দেখোন সকলো

জীৱনৰ সেই পাক লগা মৰমসনা মিঠা মিঠা বাট  ৷৷

***

ভ্ৰাম্যভাষ : ৯৪৩৫৩৩৫৫৫০ 

Visited 3 times, 1 visit(s) today
Website |  + posts
Close