Written by sdblogs2011 1:55 pm Poems

সন্ধি

যশোৱন্ত নিপুণ

বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে

এটা ঘৰ বিচাৰি লৈছিলা,

ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ

বেৰবোৰত ৰং লগাবলৈ ৷

কিন্তু যিটো ঘৰ তুমি ইমান দিনে বিচাৰি আছিলা

এই ঘৰটো সেইটো নাছিল,

তেনেকৈয়ে, ঘৰটো ৰৈ আছিল যাৰ বাবে

তুমিও তেওঁ নাছিলা ৷

আচলতে তোমালোকে ভাগৰি পৰিছিলা

আৰু নদীৰ সন্ধানত আহি শ্ৰান্তিৰে

পুখুৰী এটাৰ পাৰত পানী বিচাৰি ৰৈ গৈছিলা ৷

আৰু তাৰ পাছৰ কথাবোৰ ৰংহীন আছিল :

দিনৰ শেহত ভাগৰি-জুগৰি তুমি

ঘৰটোলৈকে ঘূৰি আহাঁ,

কেতিয়াবা ক্লান্ত তুমি ঘৰটোৰ বেৰত

আউজি থিয় হৈ ৰোৱাঁ,

ধুমুহা, বতাহ, ৰ’দ-বুৰষণৰ পৰা আঁতৰত

ঘৰটোত তোমালৈ এটুকুৰা ঠাই সদায়ে থাকে ।

ঘৰটো লাহে লাহে বিৱৰ্ণ হৈ আহে

ছটাছটে খহি পৰে ৰং বেৰৰপৰা ৷

সোলোক-ঢোলোক হৈ অহা কব্জাবোৰ

তুমি সলাই দিয়াঁ,

ক্ৰমাৎ ৰংহীন হৈ অহা ঘৰটোত

নতুনকৈ ৰং বুলাই দিয়াঁ ।

কেতিয়াবা দুয়োৰেই থিয় হৈ ৰোৱাৰ

শক্তি আৰু নাথাকে,

তেতিয়া তোমালোকে ইটোৱে সিটোৰ গাত

ভেজা দিয়েই নপৰাকৈ ৰৈ থাকাঁ,

কাৰণ তোমালোকেই তোমালোকৰ অৱলম্বন

আৰু বাকী সকলো আকাশৰ দৰে শূন্য ৷

তথাপি তোমালোকে যেতিয়া শুই পৰাঁ

আজিও কেতিয়াবা গুপুতে গুচি যোৱাঁ

এৰি অহা ঠাইবোৰলৈ

য’ৰ পৰা তোমালোকে এদিন হেঁপাহৰ 

এখন আকাশ বিচাৰি ওলাই আহিছিলা ৷

আকৌ সেই আকাশকেই বিচাৰি

নিৰুদ্দেশ হৈ যাব খোজাঁ

সেই আকাশ বিচাৰি 

যাক

কেতিয়াও চুই চাব নোৱাৰি নোৱাৰি,

হাতৰ মুঠিলৈ যি কাহানিও নাহে ।

ঠিকনা :

বি- ১১৫, শন্বি সঙ্কল্পম্

নাগোণ্ডানাহালি, হোৱাইটফিল্ড্

বাঙ্গালোৰ, কৰ্ণাটক- ৫৬০০৬৭

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

Visited 2 times, 1 visit(s) today
Website |  + posts
Close