পংকজ প্ৰতিম বৰদলৈ
ঘৰৰ পৰা আৰম্ভ হওক!
প্ৰকৃততে হৈছে কি? একধৰণৰ বিশৃংখলতা হোৱা নাইনে? সামাজিক-ৰাজনৈতিক, আৰ্থিক আৰু সৰ্বোপৰি সমগ্ৰ এখন সমাজৰ যেন নৈতিক অৱক্ষয় হৈছে৷ ই হয়তো কঢ়িয়াই আনিছে একধৰণৰ সামাজিক হতাশা৷ অৱসাদগ্ৰস্ত আৰু হতাশ সমাজে নতুন চিন্তা কৰিব নোৱাৰে৷ বহুমুখী বিকাশৰ সুবিধা থকা সমাজ এখন যেতিয়া এই হতাশাৰ চিকাৰ হয়, তেতিয়া পৰিণত হয় এক ধ্বংসস্তুপলৈ৷ ৰোম বা গ্ৰীচৰ সেই অতুলনীয় সম্পদ আৰু সামৰ্থৰ পাছৰ কালৰ পৰিণতিলৈ যদি চোৱা যায়, আন সকলো কাৰকৰ উৰ্দ্ধত আছিল সামাজিকভাৱে সৃষ্টি হোৱা স্তৰীভূত বিশৃংখলতা আৰু জাতীয় তথা সামাজিক হতাশাই কোঙা কৰা অৱসাদ৷ যদুবংশও জানো ধ্বংস হোৱা নাছিল নিজৰ মাজৰ কন্দলত, অন্তৰালত আছিল প্ৰচণ্ড মদমত্ত ক্ষমতা, তাৰপৰা সৃষ্টি হোৱা বিশৃংখলতা আৰু সেই বিশৃংখলতাই প্ৰেৰিত কৰা অৱসাদে হতাশাৰ নাম লৈ যদুবংশক ধ্বংস কৰিছিল৷
ইতিহাসৰ পৰা শিকিবলগা বহুত আছে৷ ইতিহাসে বৰ্তমান আৰু ভৱিষ্যতক ৰাস্তা দেখুৱায়৷ আমি সজ্ঞানে হয়তো ইতিহাসক অৱজ্ঞা কৰিব পাৰোঁ, কিন্তু প্ৰকৃততে ই দি যায় বৰ্তমান আৰু ভৱিষ্যতৰ বহু ঘটনাৰ সমাধান বা শিক্ষা৷ কণমানি ল’ৰা-ছোৱালীৰ ওপৰত নিজৰ পিতৃ-মাতৃৰ অত্যাচাৰ বা কমবয়সীয়া ছাত্ৰীৰ অপকৰ্ম বা জড়িত আন লোকৰ মুখলজ্জাৰ আঁৰত নিজৰ জীৱন ধ্বংসৰ ঘটনা, ই প্ৰকৃততে আমাৰ সামাজিক হতাশা আৰু অৱসাদৰ প্ৰতিফলক৷ একে সময়তে এনে ঘটনাৰ অন্তৰালত থকা চেপা আনন্দ, আৰু মুখৰোচক কাহিনীৰ দ্বাৰা সেই আনন্দক বিভিন্ন ধৰণেৰে বিতৰণ কৰি দিয়াৰ সুলভ মাধ্যমৰ প্ৰভাৱত আমি সকলোৱেই কম-বেছি পৰিমাণে দোষী হৈ পৰিছোঁ এনে পৈশাচিক উত্ৰাৱল আনন্দৰ৷ আমি সমভাগী হ’ব পৰা নাই এনেঘটনাৰ অন্তৰালৰ সেই আন্ধাৰ পৃথিৱীৰ আমাৰ অজানিতে থকা সমস্যাসমূহৰ৷ সমাজ, দেশ আৰু জাতিতকৈ আমাৰ মানসিকতা হৈ পৰিছে ব্যক্তিকেন্দ্ৰিক৷ ব্যক্তিৰ ব্যক্তিগত মুখৰোচক কাহিনীৰ প্ৰতি আমি ইমান লালায়িত যে তাৰ আগত আমাৰ বাস্তৱ জীৱনৰ সমস্যাও স্থান পোৱা নাই৷ আমি যেন এসোপা পুতলা, যিফালেই নচুৱাইছে আমি নাচিছোঁ৷ আমাৰ বিবেক, চিন্তা, বোধশক্তিক বন্ধকত থৈ আমি হৈছোঁ ন্যস্তস্বাৰ্থ জড়িত মানুহ এচামৰ কুটিল পাশাখেলৰ নিৰ্বোধ পাশা৷ আমাৰ মনোসংযোগ বিচ্ছিন্ন কৰিব পৰা এনে বহু কামৰ লগত আমি জড়িত থাকি আমি পাহৰি গৈছোঁ আমাৰ প্ৰকৃত সত্বা, বিবেক আৰু আত্মাৰ কথা৷ নিৰ্বাধ, নিৰ্বাক হৈ আমি যেন হৈ পৰিছোঁ এমুঠি কাৰাৰুদ্ধ দৰ্শক-শ্ৰোতা৷ আমাৰ জ্ঞান, বুদ্ধি আৰু চিন্তা কোনো এক কাৰাগাৰত বন্দী৷ এয়া আমাৰ সামাজিক হতাশা৷ এয়া আমাৰ সামাজিক অৱসাদগ্ৰস্ততা৷ জীৱন আৰু জীয়াই থকাৰ বাবে লগা মৌলিক প্ৰয়োজনখিনিকো পাবলৈ সক্ষম নোহোৱা আমি কি যে এখন অলীক ভাৰ্শ্বুৱেল পৃথিৱীত ডুব গৈ আছো! ইয়াৰ পৰিত্ৰাণৰ উপায় কি, এই সামূহিক বিশৃংখলতা দূৰ কৰাৰ উপায় কঠিন নহয়, সহজ৷ আমি আমাৰ ঘৰবোৰ ঠিক কৰিলেই হ’ল৷ প্ৰতিজন পিতৃ-মাতৃ বা অভিভাৱকে নিজৰ ঘৰখন এখন প্ৰকৃত ঘৰ কৰাৰ দায়িত্ব সুচাৰুকৈ পালন কৰা উচিত৷ সন্তান বা পৰিয়ালক লৈ গাফিলতি কৰা উচিত নহয়৷ নিজক সম্পূৰ্ণ উজাৰি এক সৰ্বাংগসুন্দৰ প্ৰতিমা নিৰ্মাণত যেনেকৈ এজন শিল্পীয়ে সময় দিয়ে, তেনে এক দিশত কাম কৰা উচিত৷ প্ৰকৃত পৰিৱৰ্তন ঘৰৰ পৰাই আহিব – ই চুবুৰী-গাওঁ-সমাজ হৈ দেশ-জাতিলৈ সম্প্ৰসাৰিত হ’ব৷ গতিকে, আৰম্ভনি তাৰ পৰাই হওক৷ আমি সেয়াই আশা কৰিব পাৰোঁ, ক্ষুদ্ৰ পৰিৱৰ্তনেৰে বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িব পাৰোঁ!
গৌৰৱ কৰাৰ প্ৰয়োজনীয়তা
আমি আমাক লৈ গৌৰৱান্বিত হ’বৰ হ’ল৷ ২০০ বছৰীয়া বৃটিছ শাসনে আমাৰ মানসিকতাক এক গোলামী অনুভৱ দি গ’ল যদিও, আমাৰ সভ্যতা, সংস্কৃতি, ইতিহাস সকলোতে আমাৰ আমাক লৈ গৌৰৱ কৰাৰ বহু থল আছে৷ এয়া মাত্ৰ বিকৃত নহৈ আৰু ৰাজনৈতিক তথা ধৰ্মীয় আৱেগমুক্ত হ’ব লাগিব৷ আমাৰ মাজত এনে বহু কৰিৎকৰ্মা লোক আছিল, যিসকলে আমাক তেওঁলোকৰ কৰ্মেৰে প্ৰেৰণা দি আছে৷ আমি এনে কৰ্মৰ বাবে কেৱল অতীতমুখী নহৈ আমাৰ বৰ্তমানতো এনে বহু উদাহৰণ পাব পাৰোঁ৷ আৰু একে সময়তে আমি এনে বহুলোকৰ কৰ্মৰাজিক যুঁকিয়াই চোৱা উচিত, যিসকল আছিল নিৰৱ কৰ্মী৷ উজলি উঠা সকলো বস্তুৱেই যেনেকৈ সোণ নহয়, আমি তেনেকৈ এনে বহুলোকৰ বিষয়ে জনা উচিত, যিসকল অনাখ্যাত বা কম চৰ্চিত, কিন্তু তেওঁলোকৰ কৰ্মই দেশ বা জাতিৰ বাবে এৰি গৈছে এনে কিছুমান সমল, যি উত্তৰ জীৱনৰ বাবে অছিল পৰম পাথেয়৷ এনে লোকৰ কৰ্মক আমি অধিকতকৈ অধিক লোকক জনাব লাগে৷ নতুন প্ৰজন্মক তেনে কথাৰে গৌৰৱান্বিত হ’বলৈ উৎসাহ দিব লাগে৷ ‘Sense of Pride is also essential for survival’ – কোনোবাই কৈছিল ক’ৰবাত ৷ শিক্ষক-শিক্ষয়িত্ৰীয়ে, ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকে সন্তানক তেনে এখন পৃথিৱীৰ লগত চিনাকি কৰি দিয়াৰ গুৰু-দায়িত্ব বহন কৰিব লাগিব.
আন্না মণিৰ নাম বহু পাঠকেই শুনা নাই চাগে৷ তেখেতৰ অৱদানৰ বিষয়েও বহু কম মানুহেই জানে৷ আচলতে নীৰৱে নিজৰ কাম কৰি থকা আৰু কামৰ যোগেদি সমাজলৈ অনৱদ্য অৱদান আগবঢ়োৱা এনে লোকৰ বিষয়ে কম জনাটোৱেই স্বাভাৱিক৷ তাতে তেনেলোকৰ প্ৰচাৰবিমুখিতা এই ক্ষেত্ৰত আন এক বাধা হৈ উঠে৷ এনে বহুলোক আমাৰ সমাজত আছে, যি নিৰৱে কেৱল নিজৰ কৰ্ম কৰি যায়৷ আন্না মণি ভাৰতৰ বতৰ বিজ্ঞান ক্ষেত্ৰখনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি, ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ উন্নতিৰ মূল ভেঁটি এই আন্না মণিয়েই গঢ়িছিল৷ এইগৰাকী মহিলা বিজ্ঞানীয়ে ভাৰতীয় বতৰ বিজ্ঞানৰ নিত্য-নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে ঘৰুৱাভাৱেও বিভিন্ন প্ৰযুক্তি নিৰ্মাণ কৰি ভাৰতীয় কৃষক আৰু অন্যান্য ক্ষেত্ৰৰ লোকক বতৰৰ ক্ষেত্ৰত ল’ব লগা আগতীয়া সতৰ্কতা জনোৱাত সফল হৈছিল৷ এইগৰাকী মহিলা বিজ্ঞানীয়ে দেশৰ বিভিন্ন স্থানত বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপন কৰি প্ৰযুক্তিৰ প্ৰসাৰ ঘটাইছিল আৰু সঠিক আগলি বতৰা দিয়াত সক্ষম হৈছিল৷ কিন্তু মুষ্টিমেয় এচাম লোকৰ বাদে তেখেতৰ অৱদানৰ বিষয়ে জনা লোক বহুত কম৷ এতিয়া এনে ব্যক্তিৰ কৰ্ম আৰু অৱদানৰ বিষয়ে জনাৰ আৰু জনোৱাৰ প্ৰয়োজনীয়তা আছে, ই আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক প্ৰণাৰ উৎস হ’ব পাৰে৷ আমাক প্ৰদান কৰিব পাৰে এক ‘Sense of Pride’, যি আমাৰ মানসিক উৎকৰ্ষৰ বাবেও অতি আৱশ্যক৷ ইয়াৰ দায়িত্ব নিতান্তই শিক্ষক, অগ্ৰজ, প্ৰবীন আৰু পিতৃ-মাতৃৰ দায়িত্ব৷
আঁচনি আৰু সম্পাদন
সততেই দেখা যায় যে আমি বহু সময়ত চৰকাৰ বা আন কোনো সংস্থাৰ বিভিন্ন আঁচনিৰ, মূলতে কল্যানকামী আঁচনিৰ ফল কিছুলোকে লাভ কৰা দেখা পাওঁ৷ বহুসময়ত কোনো আঁচনিৰ ফলাফল প্ৰকৃততে ই প্ৰদান কৰা সুফলৰ ওপৰত নিৰ্ভৰ কৰে৷ আকৌ বহু সময়ত ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পাওঁ৷ আঁচনিসমূহ বেয়াকৈ বিফল হয়৷ বহু সময়ত আঁচনিবোৰৰ মূলতেই কেৰোণ থাকে আৰু ইয়াৰ ফল প্ৰকৃত পাব লগা লোকসকলে লাভ নকৰে৷ এই দুই বিফলতাই প্ৰকৃততে ৰাজহুৱা ধনৰ অপচয় কৰোৱাৰ লগতে, সময় আৰু আন সম্পদৰো অপচয় ঘটায়৷
পানীযোগান, আলিবাট নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, জীৱিকা আদি মানৱজীৱনৰ অতি নূন্যতম প্ৰয়োজনীয় দিশবোৰৰ ক্ষেত্ৰত যদি আঁচনি আৰু সম্পাদনৰ ক্ষেত্ৰত বিসংগতি হয়, তেন্তে ই এখন ভাল আঁচনিও বেয়া কৰিব পাৰে৷ ইয়াৰ মূল কেৰোণটো হৈছে যে বহু সময়ত এনে আঁচনি কেৱল কিছু মহলৰ ন্যস্তস্বাৰ্থ আৰু ৰাজনৈতিক অভীপ্সা পূৰণৰ বাবে কৰা হয়৷ আকৌ এনে বহু সময়ত; সেই একেই আঁচনি, অত্যন্ত সৰ্বাংগসুন্দৰ হোৱা স্বত্তেও, কেৱল মাত্ৰ অদক্ষলোকক ইয়াৰ সম্পাদনৰ দায়িত্ব দিয়াৰ বাবে অসফল হয়৷ আঁচনিৰ সফলতাৰ মূল দিশ হৈছে পৰ্যাপ্ত সময় লৈ যথেষ্ট চিন্তা আৰু পৰিকল্পনাৰে ইয়াক তৈয়াৰ কৰা, আকৌ একে সময়তে বিভিন্ন পদ্ধতিৰে ইয়াৰ প্ৰতিটো পদক্ষেপতে ইয়াৰ খতিয়ান লোৱা তথা সামগ্ৰিক সফল ৰূপায়নৰো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা৷ কিন্তু, সমস্যা হয়, এই সকলোৰে মাজত সমন্বয় ৰক্ষা কৰাটো আৰু সময়ে সময়ে ইয়াৰ খতিয়ানৰ সমালোচনা কৰাটো৷ এনেবোৰ দূৰদৰ্শী আৰু ভবিষ্যৎমুখী চিন্তাৰ অভাৱৰ বাবেই বহু আঁচনি শেষ হয়৷ বৰআঁচনিৰ কৰুণ পৰিস্থিতিৰ যি ফলাফল, সেয়া সাধাৰণ জনতাই ভুগিব লগা হয়৷ পথনিৰ্মাণ, পানীযোগান আদি বিভিন্ন ক্ষেত্ৰৰ ন্যূনতম জ্ঞান নথকা ব্যক্তিয়ে যদি এনে বিষয়ত আঁচনি কাৰ্যকৰী কৰাৰ দায়িত্ব পায়, ইয়াৰ ফলাফল অৱশ্যাম্ভাৱী৷ আমাৰ আঁচনি প্ৰস্তুত কৰা সংস্থা আৰু অন্যান্য সম্পাদন কৰা সংস্থাসমূহৰ মাজত এই সমন্বয় অতি প্ৰয়োজনীয়৷ আঁচনিৰ সুফল তেতিয়াহে প্ৰকৃত জনতাই লাভ কৰিব পাৰিব৷
বৈদেশিক চিন্তা
কুৰি শতিকাৰ দুটা উল্লেখযোগ্য ঘটনা আছিল দুখন বিশ্বযুদ্ধ৷ এই দুখন কিছু বছৰৰ বিৰতিত হোৱা যুদ্ধই মানৱ সভ্যতাৰ অপূৰণীয় ক্ষতি সাধন কৰিছিল৷ যোৱা সময়চোৱাত বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি সলনি হৈছে৷ যুদ্ধ অৰ্থনীতি আৰু বাণিজ্যকেন্দ্ৰিক হৈ পৰিছে৷ গতিকে, যুদ্ধৰ দামামা বহুসময়ত লাভ লোকচান নিৰ্ভৰ হৈ পৰিছে৷ তৎস্বত্তেও মলসামগ্ৰিকভাৱে সমগ্ৰ বিশ্বত এক অস্থিৰ অৱস্থা বিৰাজ কৰিছে৷ তলে তলে এক চেপা উত্তেজনা আছে৷ যি সৃষ্টি কৰিছে আস্থা-অনাস্থা আৰু সংশয়ৰ এক পৰিৱেশ৷ এচিয়াত যুদ্ধবাজ চীন আৰু ভাৰতৰ সংকট, ৰাচিয়াই য়ুৰোপলৈ কঢ়িয়াই আনিছে অশনি সংকেত, আকৌ পাকিস্তান আদিৰ নিচিনা অসফল ৰাষ্ট্ৰৰ হাতত পাৰমাণৱিক বোমা আদিৰ শক্তি থকাটোৱেই হৈ পৰিছে বহু পৰিমাণে চিন্তাৰ কাৰক৷ টাইৱানক কেন্দ্ৰ কৰিও চীন আৰু আমেৰিকাৰ শীতল যুদ্ধ আন এক উদ্বেগৰ বিষয় ৷ নিজৰ আভ্যন্তৰীন সমস্যা আৰু বৰ্তমানৰ বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিতো আমেৰিকাই বুজা নাই যে, পূৰ্বৰ আমেৰিকাৰ সেই স্থিতি আৰু প্ৰতিপত্তিক প্ৰত্যাহ্বান জনাব পৰা বিশ্বশক্তি বিশ্বত ইতিমধ্যে সৃষ্টি হৈছে৷ গতিকে সমগ্ৰ বিশ্বক নিজৰদ্বাৰা নিয়ন্ত্ৰণৰ আমেৰিকাৰ এই বৃথা চেষ্টাক যিমান সোনকালে আমেৰিকাই বুজি পাব, সিমান সোনকালেই আচলতে বিশ্বৰ বহুবোৰ সমস্যাৰে সমাধান হ’ব৷ কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা বান্ধিব কোনে? ভাৰতৰ বৈদেশিক নীতিক লৈ বিশ্বত সততে চৰ্চা হৈ আছে৷ বৰ্তমান সময়লৈকে ভাৰতে নিজস্বাৰ্থৰ বাবে এক সময়সাপেক্ষ বৈদেশিক নীতি গ্ৰহণ কৰিছে৷ ইয়াত মূলঠাই পাইছে বাণিজ্যিক আৰু অৰ্থনৈতিক স্বাৰ্থই৷ একেসময়তে ইয়াৰ জৰিয়তে চীনৰ অৱশ্যাম্ভাৱী ভাৰত আক্ৰমণো বহু পৰিমাণে ৰোধ কৰা সম্ভৱ হৈছিল৷ গতিকে বৰ্তমান সময়ত বৈদেশিক সম্পৰ্কৰ দিশবোৰো ঘনেপতি সলনি হয়৷ মিত্ৰ আৰু শত্ৰুৰ ৰেখাডাল সময়সাপেক্ষ আৰু পৰিৱৰ্তনশীল৷ গতিকে তেনে ক্ষেত্ৰত সময়সাপেক্ষ, নিজ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা বৈদেশিক নীতি গ্ৰহন কৰাটো প্ৰয়োজনীয়।
মণিপুৰৰ ভৱিষ্যৎ
ক্ৰীড়া আৰু পৰ্যটনৰ লগতে, অনেক সম্পদেৰে ধনী এখন সম্পশালী অথচ পিছপৰা ৰাজ্য হৈছে মণিপুৰ৷ আমাৰ চুবুৰীয়া এই ৰাজ্যৰ মাজত থকা অপাৰ সম্ভাৱনাক কিছু অদূৰদৰ্শী সিদ্ধান্ত আৰু সন্ত্ৰাসবাদে শেষ কৰি দিছে৷ যোৱা মাহটোত মণিপুৰত সংঘটিত ঘটনাৱলীয়ে সমাজ, ৰাজনীতি আৰু প্ৰশাসন ব্যৱস্থাৰ সামগ্ৰিক বিফলতাকে সূচাইছে৷ জীৱন আৰু জীৱিকাৰ তথা জনসংখ্যাৰ বৰ্ধিত স্থিতিয়ে কেনেধৰণে এক অস্তিত্বৰ সংকট আনিব পাৰে, আৰু এনে স্পৰ্শকাতৰ বিষয় পৰিচালনা কৰিবৰ বাবে যি ধৰণৰ দক্ষতা বা আগ্ৰহৰ প্ৰয়োজন আছিল, সেয়া মণিপুৰৰ ক্ষেত্ৰত দেখা নগ’ল৷ চোৰাংচোৱা সংস্থা বা আৰক্ষীৰ পূৰ্ব দক্ষতাদক্ষতাৰ দ্বাৰা বহুবোৰ ঘটনা ৰোধ কৰিব পৰা যায়৷ কিন্তু মণিপুৰৰ ক্ষেত্ৰত ইয়াৰ বিশেষ উদাহৰণ দেখা নগ’ল৷ মণিপুৰত মানুহৰ মনবোৰ জ্বলিল, আৱেগবোৰ জ্বলিল৷ এই দুটা বহুবছৰলৈ জ্বলি থাকিব৷ যি অলপ শান্তি ৰাজ্যখনত আছিল, সেয়া এতিয়া এক দোমোজাত থাকিব৷ উন্নয়নৰ ৰাস্তাত চলিব লগা ৰাজ্যখন এতিয়া আৰু কিমান বছৰলৈ বা পিছুৱাই গ’ল, সেয়া সময়ে ক’ব৷ অকলোৰে সদিচ্ছা আৰু প্ৰকৃত উন্নয়নেহে মণিপুৰৰ শান্তি ঘূৰাই আনিব৷ আমি কেৱল অপেক্ষা কৰিব পাৰোঁ৷
শেষ চিন্তা: সাহিত্য
অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ এক সমকালীন সমালোচনা হৈছে যে, আমাৰ সাহিত্য বাস্তৱমুখী নহয়৷ আমাৰ সাহিত্য-সংস্কৃতি আৱেগ, প্ৰকৃতি, প্ৰেম, পৰিয়াল আৰু অতি ৰোমান্টিকতাৰ এক অদৃশ্য আচ্ছাদনেৰে আবৃত৷ সমকালীন সময়ৰ বাস্তৱমুখী চিত্ৰ, ৰাজনৈতিক অভিসন্ধি, বিদ্ৰোহ, ৰাজনৈতিক চিত্ৰৰ সাৰ্থক ৰূপায়ণ আদি বাস্তৱানুৰাগ দিশৰ উপস্থাপন ক্ষীণ আৰু পোনপটীয়া নহয় বুলি অভিযোগ পোৱা যায়৷ ইয়াৰ এক মূল কাৰণ হৈছে আমাৰ মাজত তথ্যনিৰ্ভৰ, স্বচ্ছ, পোনপটীয়া আৱেগবহিৰ্ভূত আৰু সবাৰো শীৰ্ষত এখন সমকালীন সাহসী ইতিহাসৰ অনুপস্থিতি৷ উত্তৰ-স্বাধীনতাকালীন সময়চোৱা আমাৰ ৰাজ্যখনৰ যি ইতিহাস বৰ্তমানলৈকে পোৱা গৈছে, সি বিক্ষিপ্ত, অসংহত তথা বহুসময়ত প্ৰকৃত তথ্যনিৰ্ভৰ হোৱাতকৈও কল্পনাবিলাসী চেতনাৰহে সমাহাৰ৷ অতীত আৰু মধ্যযুগৰ ইতিহাস যেনেকৈ প্ৰয়োজনীয়, তেনেকৈ সমকালীন, সাহসী, সত্য আৰু তথ্যনিৰ্ভৰ ইতিহাসো সমানেই জৰুৰী৷ তেনে এক সফল দস্তাৱেজৰ অভাৱত আমাৰ চিন্তা-চেতনাক কেৱল এক ৰোমাণ্টিক আৱেশেৰে আৱদ্ধ কৰি ৰাখিছে৷ চৰকাৰ, বুদ্ধিজীৱি আৰু সাংবাদিক আদিৰ মিলিত প্ৰচেষ্টাত বহু প্ৰকৃত সত্য বাহিৰলৈ কেতিয়াও ওলাই নাহিল, আৰু ই প্ৰকৃততে আমাৰ প্ৰকৃত ইতিহাসক গাপ দি থোৱাৰ নিচিনা হ’ল৷ ইতিহাস ৰচনা যদিও এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া, আৰু সময়ে সময়ে নতুন উদ্ঘাটিত তথ্যই নতুন পথ নিৰ্দেশ কৰে, তৎস্বত্তেও, সমকালীন সময়ৰ নিৰ্মোহ বিশ্লেষণে তদনীন্তন সময় আৰু ভৱিষ্যতৰ বাবেও তথ্যসিদ্ধ সমল এৰি যায়৷ তেনে সমলৰ আধাৰত বাস্তৱানুগ আৰু প্ৰত্যক্ষ সাহিত্য সৃষ্টিৰ সম্ভাৱনা থাকে৷ অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত আৰু ইতিহাস লেখনতো তেনে এক অভাৱ বাৰুকৈয়ে অনুভূত হয়৷
ঠিকনা :
উপ সঞ্চালক,
ৰাষ্ট্ৰপতি সচিবালয়, ৰাষ্ট্ৰপতি ভৱন,
নতুন দিল্লী৷
ভ্ৰাম্যভাষ – ৮৮০০৯৪৮৮০৮
