Written by sdblogs2011 8:06 am Poems

এদিনাখন অন্ধ কুকুৰণী

অনুভৱ তুলসী

আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা

সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা

হঠাতে সকলো সলনি হৈ গ’ল

সলনিৰ নাটকীয় পট পৰিৱৰ্তন

এই অনিৰ্দিষ্ট সময়ৰ অন্ধ বাটৰুৱা

এই কুকুৰণী আহি আছিল

অনিৰ্দিষ্ট সংবেদৰ স্থান-কালৰ

কিবাকিবি শুঙি শুঙি

তাইৰ অসুখ টানেই তাই বেছি দিন নাবাচিব

তেনে এক তোকমা লাগি আছিল তাইৰ গাত

আজি তাইক মোৰ কবিতা শুনাম তেন্তে

নে তাইৰ মুখৰপৰা মইহে শুনিম –

কবি তাই নে মই কেনেকৈ জানিম

নতুন ঠাইত তাই খাবলৈ পালে

পালে থাকিবলৈ আপদ নচপা ঠাই

ইয়াতেই তাই লগ পালে লগৰীয়া

লগৰীয়া অন্ধ হয়নে নহয় তাই নাজানে

লগৰীয়া অসুখীয়া হয়নে নহয় তাই নাজানে

লগৰীয়াৰ গাৰ বৰণ ক’লা নে বগা

তাকো তাই নাজানে

তাই মাথোঁ জানিলে – লগৰীয়া স্বজাতিৰ

তাই মাথোঁ জানিলে – লগৰীয়া স্বাভাৱিক

মাক হোৱাত তাইৰ টান অসুখ হেঙাৰ নহ’ল

পোৱালিয়ে পিয়াহত মুখ দিয়াৰ সময়ৰ সুখ –

তাই হ’ল শ্ৰেষ্ঠতম কবিতাৰ মাতৃ

সেইবোৰ কাষৰীয়া কৰি থ’বৰ যো-জা

মই সিদিনাখন সলনিৰ চিকাৰ হ’লোঁ

নিজ স্বাৰ্থ চৰিতাৰ্থ কৰিবৰ বাবে

তাইৰ কাষলৈ গ’লোঁ

তাই বুজিলে –

জ্ঞাতি-কুটুমৰ দৰে মই স্বাভাৱিক নহওঁ

তাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা শাৰীকিটা

মই তাইৰ কাণত বাকি দিলোঁ

তাইৰ নাক-কাণৰ কেতবোৰ সহজাত সঞ্চালনা

মোৰ কণ্ঠস্বৰ মেজাজী যদিও বাৰুকৈয়ে বাকহীন

মোৰ শব্দচয়নত মোৰ ভাববয়নত বহু চ্যুতি-বিচ্যুতি

বাট আৰু গন্তব্যৰ বিষয়ে কবিতাৰ বিষয়ীও অজ্ঞ –

অন্ধ এই কুকুৰণীৰ আগত মইচোন তেনেই নাঙঠ

মোৰ কবিতাৰ ৰাতিৰ আকাশৰ জোন তৰা জোনাকী

মোৰ ফুলনিৰ ফুল পখিলা মৌ-মাখিৰ গুণগুণনি

আকাশৰ বহু ওপৰত উৰি থকা কুৰুৱা-চিলনী –

অন্ধ এই কুকুৰণীক কেনেকৈ বুজাওঁ কল্পছবি

মোৰ জগতখন দেখুৱাওঁ কেনেকৈ

মোৰ কবি জীৱনৰ এয়েতো প্ৰথম অগ্নিপৰীক্ষা

Visited 4 times, 1 visit(s) today
Website |  + posts
Close