Written by sdblogs2011 7:54 am Articles

বিবিবাটাৰফ্লাই

 অংগনা ভট্টাচাৰ্য্য


“অ’ চিত পখিলা

        অ’ চিত পখিলা

মোৰ দৰে ধুনীয়া ছোৱালী

        আৰু ক’ত দেখিলা?”

     ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই থাকিল৷ আইনাত জিলিকি উঠা তাইৰ প্ৰতিবিম্বটোক আঙুলিৰে টুকুৰিয়াই তাই “ক’তো দেখা নাই, ক’তো দেখা নাই” বুলি আওৰাই থাকিল৷ তাই নিজকে বৰ ধুনীয়া দেখে৷ ঈষৎ শ্যাম বৰণীয়া তাইৰ সামান্য শকত চেহেৰাটোক তাই খুব মৰম কৰে৷ শ্বেইফে কৈছিল তাইক-

“জিমলৈ নগ’লেও চলিব৷ ঘৰতেই অলপ স্বাস্থ্যটোৰ যত্ন লোৱাঁচোন৷ পখিলাৰ দৰে পাতল নহ’লেও প্ৰয়োজনত উৰিব পৰা হোৱাকৈ নিজৰ শৰীৰটোক প্ৰস্তুত কৰাঁ৷ চাবা, কোনো বেমাৰেই আসৈ নাপাব৷ দেখিবলৈও মন জুৰোৱা হ’বা৷”

তাৰ কথা শুনি তাইৰ সামান্য খং উঠিছিল৷ তাৰ কাষৰ পৰা উঠি আহি তাই আইনাৰ সমুখত থিয় হৈছিল৷ নিজকে কেইবাবাৰো খুঁটিয়াই খুঁটিয়াই চাই তাই শ্বেইফৰ ফালে ঘূৰি চাই কৈছিল-

 “মই এনেকৈয়ে ভাল দেখোঁ৷ অলপ খীনালেই দেখোন মোক বৰ ধুনীয়া আৰু আকৰ্ষণীয় দেখা হ’ব! মোৰ সৌন্দৰ্যত কোনো খুঁট নাথাকিব৷ কিন্তু সম্পূৰ্ণতাত জানো সম্পূৰ্ণ সৌন্দৰ্য থাকে? এনেকৈয়ে থাকোঁ দিয়াঁচোন৷ অলপ কম ধুনীয়া হৈ, কম বগা হৈ, কম আকৰ্ষণীয় হৈ৷”

শ্বেইফে হাঁহিছিল৷ নে তাইৰ কথাক ভেঙুচালি কৰিছিল? ওঁহো৷ তাই সেইবোৰ একো নভবাকৈয়ে ক’লা আঙুৰ এটা মুখত ভৰাইছিল৷

দেওপাহাৰৰ ভগ্ন স্থাপত্য আৰু ভাস্কৰ্যৰ প্ৰতি ভৈৰৱীৰ অফুৰন্ত আগ্ৰহ৷ মাক-দেউতাকৰ চাকৰিৰ খাতিৰত শ্বিলঙতে ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে সুবিধা পালেই গোলাঘাটলৈ দৌৰ মাৰিছিল৷ দেউতাকৰ আপোন ঠাইখনৰ কোণে-কোণে তাই হেঁপাহ পলুৱাই বিচৰণ কৰিছিল৷ দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ অপৰূপ ৰূপসুধা দেখিয়েই চাগে তায়ো ৰুদ্ৰৰ প্ৰেমত পৰিছে৷ এৰা, ৰুদ্ৰ তাইৰ হৃদয়ত আছে৷ আছে সৰ্বত্ৰত৷ শ্বেইফে হাঁহি মাৰি সুধিছিল তাইক–

“এনেয়ে দেখোন মস্ত নাস্তিক তুমি! আজানৰ সুৰত দোৱা কৰিলেও মোৰ ফালে চাই হাঁহি থাকাঁ? এতিয়া কিয়?”

ভৈৰৱীয়ে মুখখন ফুলাই তাক উত্তৰ দিছিল–

“মই জানো ৰুদ্ৰক ঈশ্বৰ বুলি ভাবোঁ? ৰুদ্ৰ মোৰ অন্তৰত আছে৷ মোৰ প্ৰতিটো উশাহত আছে৷ মই ৰুদ্ৰৰ আজন্ম প্ৰেম। যেনেকৈ তুমি মোৰ আজন্ম বন্ধু৷ কোনে জানো মোৰ নামটোও ভৈৰৱী ৰাখিলে?”

“ইঃ! কথা নক’বা। ঈশ্বৰ কাৰোবাৰ প্ৰেম হ’ব পাৰে নেকি? হ’লেও লাভ কি হ’বনো? বৰ বেছি মীৰাবাঈ হ’ব পাৰিবা৷ আৰু একো নাই৷ আৰু ময়েইবা সহ্য কৰিম কিয়? কোনো মানুহেই তেওঁৰ প্ৰেমাস্পদৰ হৃদয়ত অন্য এজনৰ অহৰ্নিশ উপস্থিতি সহ্য কৰিব নোৱাৰে৷ ময়ো নোৱাৰিম ভৈৰৱী৷ কথাটো মনত ৰাখিবা৷ লাগিলে তেওঁ আল্লা-ঈশ্বৰ যিয়েই নহওক৷”

শ্বেইফৰ কথা শুনি ভৈৰৱী নিমাতে আছিল সেইদিনা৷ জানিছিল তাই – তাইৰ জীৱনত শ্বেইফ আৰু বেছি দিন নাথাকিব৷ তাইক দেউতাকে বাৰে-বাৰে সঁকিয়াই দিছিল–

“ঈশ্বৰ প্ৰেম এক অনন্ত অভিলাস৷ কিন্তু ঈশ্বৰক যেতিয়াই নিজৰ স্থানৰ পৰা আঁতৰাই বৈষয়িক সুখ লাভৰ বাবে বিমূৰ্ত অৱয়ব হিচাপে হ’লেও নিজৰ জীৱনত স্থান দিয়া যায়, তেওঁৰ জীৱনত সাধাৰণ মানুহৰ প্ৰেম কেতিয়াও স্থায়ী হ’ব নোৱাৰে৷ এৰি পেলোৱাঁ ৰুদ্ৰক৷ তেওঁ ঈশ্বৰহে৷ মন্দিৰতেই থাকিবলৈ দিয়াঁচোন৷ জীৱনলৈ আনি নল’বা৷ জানি-বুজি নিজৰ আৱেগৰ সৈতে খেলা নকৰিবা৷” 

অথচ দেউতাকৰ বুজনিক বুঢ়া আঙুলি দেখুৱাই তাই পাছদিনাই দেওপাহাৰৰ ফাংনাম শিৱ, শ্ৰীধৰ ৰুদ্ৰৰ ভাস্কৰ্যবোৰ লিৰিকি-বিদাৰি চুবলৈ-জানিবলৈ দৌৰ মাৰিছিল৷

এলেফেণ্ট ফলছৰ কাষৰ ৰে’লিঙত আউজি ভৈৰৱীয়ে আজি শান্তিৰে শ্বাস লৈছে৷ কথাবোৰ মনলৈ আনি অদ্ভুত এক মাদকতাত বুৰ গৈছে তাই৷ আজি দেউতাক নাই৷ শ্বেইফো নাই৷ চাৰি বছৰৰ আগতেই তাইৰ দেউতাক বহু দূৰ ক’ৰবালৈ গুচি গৈছে৷ শ্বেইফ ইমান দূৰলৈকে যোৱা নাই৷ ওচৰতে আছে৷ পিছে তাই চাব পৰা বা চুব পৰাতকৈ বহু বেছি দূৰত৷ অৱশ্যে সি যোৱাৰ পাছত তাক বিচাৰি তাই কেতিয়াও হাবাথুৰি খোৱা নাই৷ তাইৰ অসুন্দৰ চেহেৰাটোক সুন্দৰ আৰু নিখুঁটকৈ সজাবলৈ বিচৰা ল’ৰাজনে তাইৰ সুন্দৰ মনটোক পঢ়িবলৈ যে মুঠেও মন নকৰিলে৷ সেইবুলি তাইৰ কোনো আফচোচ নাই৷ কিন্তু সকলোৱে কোৱাৰ দৰেই সিও তাইক তেনেকৈ ক’ব বুলি কেতিয়াও ভবা নাছিল৷ তাৰ শব্দবোৰে সিদিনা তাইক ভিতৰলৈকে কঁপাই তুলিছিল৷ অথচ তাই নিজৰ স্থিতিত অটল হৈ আছিল৷ সি যোৱাৰ পাছত তাই আইনাৰ সমুখত থিয় হৈছিল৷ ড্ৰেছিং গ্লাছখনৰ কাষতে সজাই থোৱা আছিল মাক-দেউতাকৰ যুৰীয়া ফটোখন৷ হয়তো! মাকৰ সৈতে তাইৰচোন কিঞ্চিত সাদৃশ্যও নাই৷ ৰূপৰ আকৰ তাইৰ মাক৷ অকল ধুনীয়া বুলি ক’লে ভুল হ’ব৷ সৌন্দৰ্যৰ সমস্ততাৰে তাইৰ মাক আজি পৰ্যন্ত উজলি আছে৷ ইমান সুন্দৰ! ইমান পৱিত্ৰতা! কি নিঁভাজ সৌন্দৰ্য! কিন্তু সেইগৰাকী মাকৰ তেজেৰে গঠন হোৱা তাইৰ শৰীৰটোতচোন তেওঁৰ কোনো চিন-চাবেই নাই৷ তাই এঙাৰৰঙী৷ অৱশ্যে মাকে তাইক মাগুৰবৰণীয়া বুলি কৈ সাহিত্যৰ ৰহণ সানিব খোজে৷ তাই চাপৰ৷ শকত৷ ঠৰঙা চুলি আৰু নিস্তেজ ছালেৰে সৈতে ৰূপ শব্দটোৰ সৈতে তাইৰ সামান্য সম্পৰ্কও নাই৷ অথচ তাকে লৈ তাই কেতিয়াও সন্দিহান হোৱা নাই৷ সৰুৰে পৰাই শুনি আহিছে –

“এইজনী মাকৰেই ছোৱালীনে?”

শ্বেইফেও শেষদিনা তাইক ঠাট্টা কৰি কৈছিল –

“নিজৰ বুলি ভাবি লৈ সকলো মানি লৈছিলোঁ তোমাৰ৷ কিন্তু তুমি যে এগৰাকী পাগল৷ কেৱল চৰিত্ৰই নহয়, তোমাৰ চেহেৰাতো ভেজাল আছে৷ তোমাৰ তেজেই শুদ্ধ নহয় ভৈৰৱী৷ মাৰাক সুধিবাচোন – ক’ৰ পৰা তুলি লৈ আহিছিল তোমাক?”

দুদিন পাছতেই ৰুদ্ৰৰ প্ৰেমিকা ছোৱালীজনীয়ে দেওপাহাৰৰ ভেলেউ গছ এজোপাৰ কাষতে বহি বৰমৌবোৰৰ কাৰবাৰ চাবলৈ গৈছিল৷ পৰিভ্ৰমী বৰমৌবোৰে নতুনকৈ সংসাৰ গঢ়াৰ মায়াত কিয় জানো হিমালয়ৰ পৰা উৰি-ফুৰি কেৱল দেওপাহাৰলৈকেহে আহিছিল?

এৰা, সৃষ্টিৰ মায়া এক অদ্ভুত মায়া৷

তাই এইবাৰ আকাশলৈ চাব খুজিলে৷ সেই একেই গভীৰতাৰে তাই কথাবোৰ জুমি চালে৷ বৰমৌ ইয়াত নাই৷ কিন্তু শীতল স্পৰ্শৰ পানী-যু্ৱলিত সৌৱা যেন এজাক বৰমৌৱে মৌচাক সাজিছে৷ আৰু তাৰপৰাই যেন ক্ষন্তেক পাছত ওলাই আহিব তাই৷ তেতিয়ালৈ হয়তো মৌজাক ৰৈ নাথাকিব৷ উভতি যাব হিমালয়ৰ কোনোবাখন নামনিৰ ঠাইলৈ৷ অথচ ৰৈ যাব তাই ইয়াতেই৷  ৰুদ্ৰৰ ভৈৰৱী হৈ৷ মৌজাক গুচি যোৱাৰ পাছতো যি অন্তহীন স্নেহ সামৰি পৰি ৰ’ব ৰুদ্ৰৰ শ্ৰীচৰণত৷ 

কোনোবাই সুধিব নেকি –  “মৌস্পৰ্শৰ আমৰণ অভীপ্সা তোমাৰ দেখোন নাই?”

তাই কি ক’ব? কি ক’ব?

এৰা, চুপ-চাপ থাকিব তাই৷

এলেফেণ্ট ফলছৰ পৰা উভতি আহি সেইদিনাই তাই দুটামান কোমল মাকৈ আনি মাকৰ হাতত দিলে৷ মাকে সন্ধিয়া পৰত মাকৈকেইটা জুইত সেকি তাৰ ওপৰত ক’লা নিমখ আৰু জ্বলাগুড়ি ছটিয়াই তাইৰ সৈতে খাবলৈ বহিল৷ দেউতাকৰ মৃত্যুৰ পাছত মাক আজিকালি আনমনা হৈ থাকে৷ তাইৰ পৰাও দূৰত থাকে৷ এক অজান বিষাদগ্ৰস্ততাই যেন তেওঁক থুকুচি পেলাইছে৷ তাই মাকৈৰ গাতে লাগি থকা নিমখ আৰু জ্বলাগুড়িবোৰ সামান্য চেলেকি মাকক সুধিলে –

“তুমি কিবা কথাত মোক বেয়া পাইছা নেকি মা?”

তাইৰ প্ৰশ্ন শুনি মাকে মাকৈ চোবাবলৈ এৰি ৰৈ যায়৷ তথাপি তাইক সোধে –

“কিয় সুধিলা?”

তাই মাকলৈ নোচোৱাকৈ ক’লে –

“মা, দেউতা যোৱাৰ পাছত তুমি মোৰ পৰাও দেখোন বহু দূৰলৈ গুচি গ’লা?”

“সেইটো কথা তুমিহে ভাবিছা৷ আমাৰ মাজত দেখোন একোৱেই সলনি হোৱা নাই!”

“কথা এটা ক’বা নেকি মা?”

“কি কথা?”

“মই তোমালোকৰ তোলনীয়া জী নেকি?”

“পাগলৰ দৰে কথা সুধিছা যে?”

“নহ’লে দেখিবলৈ মই ইমান বেয়া কিয়? তোমাৰ ছাঁটোৰ সৈতেও দেখোন মোৰ মিল নাই? কিয় মা?”

“তুমি দেখিবলৈ দেউতাৰ দৰে মাজনী৷ তেওঁৰ দৰেই চকুহাল৷ তেওঁৰ দৰেই কথা-বতৰা৷”

“মই জন্মৰ সময়ত তুমি চাগে’ বৰকৈ কান্দিছিলা ন মা?”

ভৈৰৱীৰ কথা শুনি তাইৰ মাক থমকি ৰ’ল৷ এৰা, তেওঁ সিদিনা সঁচাকৈয়ে কান্দিছিল৷ অথচ ভাবিছিল, তেওঁলোকৰ সংসাৰখনত থকা শূন্যতা আৰু যে কেতিয়াও নাথাকিব৷

“মা! কিবা কোৱানা!”

“তুমি যে কি কি সুধি আছা আজি? ৰুদ্ৰৰ কথা ভাবি-গুণি মূৰটো পাতল হৈ গৈছে তোমাৰ৷”

“ৰুদ্ৰ মোৰ সাহস আৰু প্ৰেৰণাহে মা৷ মোৰ দুৰ্বলতা নহয়৷ ৰুদ্ৰৰ অচিলা লৈ তুমিও শ্বেইফৰ দৰে মোক এৰি যাবা নেকি?”

“মাজনী! কি হৈছে তোমাৰ?”

“এৰি যাব নোৱাৰাকৈ তোমাৰ সৈতেতো মোৰ কোনো জৈৱিক সম্পৰ্ক নাই ন মা? মোক এতিয়া আৰু মিছা নামাতিবাচোন৷”

প্ৰস্তৰ মূৰ্তি হৈ ভৈৰৱীৰ মাক ৰৈ যায়৷ হাতৰ পৰা সৰি পৰে কুহুমীয়া হৈ পৰা মাকৈটো৷ তেওঁ একো ক’ব নোৱাৰা হৈ যায়৷

ভৈৰৱী তেওঁৰ ওচৰলৈ আহে৷ মাকক সাবটি ল’ব পৰাকৈ আপোনত্ব অথবা সহজ সম্পৰ্ক এটা কেতিয়াও নহ’ল তাইৰ৷ তাই তেওঁৰ ভৰি দুখন সাবটি হুকহুকাই কান্দি উঠে–

“মোৰ বাবে আজীৱন শোকৰ ভাৰ সহিবলৈ কেনেকৈ নিজকে প্ৰস্তুত কৰিছিলা মা? আজি মোৰ তোমালৈহে বহুত দুখ লাগিছে৷ কেনেকৈনো ইমানবোৰ সহিছিলা মা?” 

মাকে তাইৰ চুলিখিনিত হাত ফুৰাই মৰমেৰে ক’লে–

“তাই মোৰ শৈশৱৰ বান্ধৱী আছিল মাজনী৷ একেবাৰেই অশুৱনি আছিল৷ এটা চকু বেয়া আছিল৷ অনেক চেষ্টাৰ ফলতো তাইৰ বিয়াখন পাতিব পৰা নগ’ল৷ তাইৰ মনটো বেয়াকৈ ভাগি পৰিছিল৷ বিহুত ঘৰলৈ যাওঁতে তাইক এবাৰ আমাৰ সৈতে শ্বিলঙলৈ লৈ আহিছিলোঁ৷ ভাবিছিলোঁ– আমাৰ সৈতে তাই নতুন ঠাইখনত অলপ ফুৰা-চকা কৰিব৷ মনটো ভাল হ’ব৷ কিন্তু জনা নাছিলোঁ মোৰ বাবে যে অদৃষ্টই অন্য এখন খেলৰ প্ৰস্তুতি চলাইছিল৷”

“মই ইতিমধ্যে সকলো জানো মা৷”

“কেনেকৈ?”

“সত্যক সূৰ্যয়ো দেখোন ঢাকি ৰাখিব নোৱাৰে?”

“লগ কৰিছিলা তাইক?” 

“ওঁ৷”

“তাইক মা বুলি মাতিছা নে?”

“ওহোঁ৷ তুমিহে মোৰ মা৷ মোৰ মা৷ চেহেৰাটো তোমাৰ দৰে নহ’লেও স্বভাৱ আৰু সংস্কাৰ কেৱল তোমাৰেই পাইছোঁ৷”

মাকে কান্দি-কান্দি তাইক আঁকোৱালি ধৰিলে৷ তাই নিৰ্বিকাৰ হৈ বহি থাকিল৷

ৰুদ্ৰৰ আৰু এগৰাকী প্ৰেমিকা আছে৷ তেওঁক দেওপাহাৰত কেইবাদিনো লগ পাইছে তাই৷ এটা চকু বেয়া৷ দেখিবলৈও বেয়া৷ অচিনাকি মানুহৰ কথা তাই বিশ্বাস নকৰিছিল৷ কিন্তু আপোন মানুহৰ বিষাদৰ ভাষা বুজাত তাইৰ বৰ বেছি দেৰি নহ’ল৷

দেওপাহাৰৰ ভেলেউ গছলৈ প্ৰতি বছৰে বৰমৌবোৰ আহিব৷ সংসাৰ পাতিব৷ আৰু উভতি যাব৷ ভাল ভাল৷ বৰ ভাল এই কথা৷ সেয়াইতো প্ৰকৃতিৰ অনন্য ৰহস্য৷

মৌবোৰৰ প্ৰতি তাইৰ বেছি আকৰ্ষণ নে পখিলাবোৰৰ প্ৰতি? 

পখিলাৰ ৰং থাকে৷ ৰঙা, নীলা, হালধীয়া পখিলাবোৰ একেলগে উৰি থকা দেখিলে সন্ন্যাসীৰো মন মৰমেৰে উপচি পৰিব৷ পখিলাৰ দৰে পাখিলাহী নোহোৱাকৈও দেখোন ৰংবোৰ গাত, হৃদয়ত সানি ল’ব পাৰি৷

মাকৰ কোলাত মূৰটো গুজি দি তাই ভাবিলে–

দেওপাহাৰলৈ কিমান বাৰ যে তাই গ’ল! ৰুদ্ৰ দেখোন তাইৰ অন্তৰতো আছে৷ ৰুদ্ৰক চাবলৈ দেওপাহাৰলৈ আৰু নগ’লেও হয় নেকি? দেওপাহাৰৰ পখিলাবোৰ, মৌবোৰ নিজৰ বুকুতেইতো সজাব পৰা যাব৷ তাই মাকলৈ চালে৷ সস্নেহ নিৰাপত্তাৰে তেওঁ দেখোন কেৱল তাইকেই সাবটি লৈছে? আৰুনো লাগে কি? তাই মাকক ক’লে–

“অ’ চিত পখিলা

        অ’ চিত পখিলা

আমাৰ দৰে ধুনীয়া মাক-জীয়েক

        আৰু ক’তনো দেখিলা?”

দুচকুৰ চকুপানী মচি মাকে হাঁহিলে৷ তাই দেখিলে – সেই হাঁহিত সৌজাকচোন পখিলাৰ মেলা বহিছে!

Visited 3 times, 1 visit(s) today
Website |  + posts
Close