Written by sdblogs2011 7:50 am Poems

পাৰ হৈ


মূল  : অক্‌টাভিঅ পেজ লোজানো 

(Octavio Paz Lozano-ৰ কবিতা Across) 

অনুবাদ : ড° ৰঞ্জিত দত্ত

তোমাৰ চকুৰ চেলাউৰিয়ে

কৈ যোৱা কথা খিনিকে লিখি

ডায়েৰীখনৰ দিনটোৰ পৃষ্ঠাটোকে লুটিয়ালোঁ

আৰু  তোমাক সুমুৱাই দিলোঁ

আঁজলি নিশাৰ সেই

চৰম সত্যৰ মাজত।

মইতো বিচাৰিছোঁ

প্ৰমাণ অন্ধকাৰৰ,

বিচাৰিছোঁ পান কৰিব

ক’লা ৰঙৰ ফটিকাখিনি,

মোৰ দৃষ্টিৰে

কৰিব বিচাৰোঁ তাক

চূৰ্ণ-বিচূৰ্ণ।

তোমাৰ বক্ষৰ প্ৰান্তত এতিয়া

নিশাৰ এটি টোপাল আৰু

গোলাপী প্ৰেমৰ কুহেলিকা।

চকুযুৰি মুদি মই

তোমাৰ চকুৰ ভিতৰত

মেলি দিলোঁ সিঁহতক,

তেজ-ৰঙা বিছনাখনত

সদায়েই যেন সাৰে থাকক

তোমাৰ তিতি থকা ওঁঠযুগল।

সিৰা উপসিৰাৰ সেই বাগিচাখনত

ফোৱাৰাবোৰ জিলিকিছে,

তেজৰ এটি মুখা পিন্ধি

একো নভবাকৈয়ে

পোনছাটেই পাৰ হৈ গ’লোঁ

তোমাৰ অনুভৱৰ দলিচাখন।

বিস্মৃতিয়ে বাট দেখুৱাই

লৈ গ’ল মোক

জীৱনৰ অন্য এটি পাৰলৈ।

 ***

ফোন : ৯৪৩৫৫৯৩৫৪২

Visited 3 times, 1 visit(s) today
Website |  + posts
Close