Written by sdblogs2011 7:45 am Articles

বচা বকুল

 ৰমানন্দন বৰা

দ্বিতীয় খণ্ড

এক

পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ ম’হৰ ডিঙিত আঁৰি দিয়া টিলিঙাৰ সৈতে একে টিলিঙা এটা খুঁটিত বন্ধা থাকে৷ মহেনে সেইটো এটা বিশেষ সুৰত বজাই বজাই ম’হজাক খুঁটিলৈ মাতিছে৷ ম’হৰ বাবে দানা-পানীৰ সুকীয়াকৈ  দৰকাৰ নাই৷ শিমলু কাঠৰ সৰু কৈ কাটি লোৱা নাওখনত সি ম’হৰ বাবে নিমখ যোগাইছে৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হ পঘাৰে বন্ধাৰ নিয়ম নাই৷ ঝাউবন চিকুণাই এডোখৰ ঠাই মুকলি কৰা হয়৷ ঠাইডোখৰ ভলুকা বাঁহৰ গুৰি জোঙালি সৰু সৰু গোজ সাজি মেৰ এটা দিয়া হয়৷কোনো গুৱালে সেইটোও নকৰে৷ লোণৰ সোৱাদে ম’হবোৰক গধূলি খুঁটিলৈ ঘূৰি আহিবলৈ ব্যাকুল কৰে৷ ওখ ওখ ঝাউ, নল, বিৰিণাৰ মাজত সোমাই ঘাঁহ খাই থকা ম’হজাকটোৰ প্ৰতিটো ম’হে ঘাই ম’হৰ ডিঙিত ওলমি থকা টিলিঙাৰ টিং টং ঘটং ঘটং শব্দত নিজৰ বাট চিনি লয়৷

আজিও ম’হৰ জাকটো আহি মহেনৰ খুঁটি পালেহি৷ মাইকী, ঘাই, গোনা, গেঁৰা মিলাই সংখ্যাত দুকুৰিৰ বেছি হ’ব৷ আটাইকেইটা শাৰী পাতি সেুন্দৰীয়া ৰ’দ গাত লগাই গহীন-গম্ভীৰ কৈ আহি মেৰত সোমাই পোনেই লোণৰ সোৱাদ ল’লে৷

ম’হ খুঁটিটোৰ কাষতে গৰু খুঁটি, তাৰ কাষতে মহেনৰ বহা৷ গৰুও দুকুৰিৰ কম নহ’ব৷ একেই মুকলি মেৰত তিনি কুৰি মান গৰু-গাই, দামুৰি, চেউৰী৷ ম’হ পোৱালি আৰু গৰু পোৱালিৰ বাবে মহেনে মজৰাৰে ছালি এখন দি খাগৰিৰে চৌপাশে বেৰা দি ৰাখিছে৷

গৰু-ম’হৰ কামখিনি কৰি মহেনে হাত-মুখ ধুই জুহালৰ জুইকুৰা জ্বলালে৷ ইতিমধ্যে ডাঠ আন্ধাৰে চাপৰিটো ঢাকি ধৰিছিল৷ শিমলু, চটিয়না, ৰঘূ গছবোৰ আন্ধাৰত আৰু বেছি বিশাল যেন দেখা গ’ল৷ এটা পাৰাপাৰহীন নীৰৱতাই চাপৰিটো আবৰি ধৰিলে৷ পৃথিৱীৰ পৰা আঁতৰত মহাকাশৰ অন্য কোনোবা এটা শব্দহীন গ্ৰহ যেন লাগিল৷ মূল ভূমিৰ পৰা বিচ্ছিন্ন বৈ ব্ৰহ্মপুত্ৰ বুকুৰ এই চাপৰিত আন্ধাৰখিনি এতিয়াও নিৰ্বিঘ্নে আছে, নিৰাপদে আছে৷ পোহৰ ক’তো নাই৷ মাটিৰ ওপৰত আকাশখন অলপ পাতলীয়া ক’লা৷ কৃষ্ণপক্ষ তৰাবোৰে জিকমিকাই আছে৷ দিগন্তত মাটি আৰু আকাশৰ সীমনাত পাতলীয়া পোহৰৰ আভাই আন্ধাৰৰ সিপাৰে পোহৰ থকাৰ সম্ভেদ দিছে৷ বাদুলিবিলাকে মুনিচুনি পৰতে বাহৰ পৰা জাকে জাকে উৰা মাৰিছে খাদ্যৰ সন্ধানত৷ ফেঁচাকেইটামানে ৰঙতে উৰুলি দিছে৷ আকাশেদি ডাঙৰ ডাঙৰকৈ কথা পাতি শৰালিৰ জাকটো পাৰ হৈ গ’ল৷ লাহে লাহে পানী যুঁৱলিৰ পৰা অচিনাকি অলেখ চৰাইৰ কলৰৱে ঠাইখন উপচাই পেলালে৷ অচিনাকি দেশৰ অতিথি আদৰাত মুখৰ হৈ উঠিল ব্ৰহ্মপুত্ৰৰ শীতল বুকু৷

পৰশু বিভোৰ হ’ল প্ৰকৃতিৰ নিজা অমলিন অখণ্ডিত ৰূপটো দেখি৷ খুব ভাল কথা যে ম’বাইলৰ নেটৱৰ্ক ইয়াত নাই৷ মনটো অনবৰতে অশান্ত আৰু হকে বিহকে ব্যস্ত ৰখা ম’বাইল নামৰ এই ভুটুকা অসুৰটোৰ পৰা ৰক্ষা পোৱা টান৷ কিন্তু ব্ৰহ্মপুত্ৰৰ মাজৰ নতুন চাপৰিৰ জীৱন তাৰ পৰা মুক্ত৷ চকু চাৎ মৰা বিজুলীবাটিয়ে ইয়াত আন্ধাৰক খণ্ড-বিখণ্ড নকৰে, কাণতাল মৰা বিকট চিঞৰৰ ট্ৰাক বা বাইকবোৰে ইয়াত নীৰৱতা চূৰ্ণ কৰিব নোৱাৰে৷ ইয়াত সময়খিনি নিজাকৈ পাব পাৰি৷ ইয়াকে বিচাৰি পৰশু মহেন মোমায়েকৰ ম’হ খঁুটিৰ বহালৈ মাজে মাজে আহে৷ কেতিয়াবা এৰাতি দুৰাতি থাকে৷ মাছ-মাংসৰে দকচি খায়৷ বাঁহৰ চাঙত ৰাতি শোৱে৷

ঝি-ঝি কৰি ঝিলি এটাই মাতি গধূলিটো গহীন কৰি তুলিছে৷ এখন উৰাজাহাজ এটা বহল বৃত্তত আকাশত উৰিছে৷ ১১ৈয়া বিমান বন্দৰ ইয়াৰ মানুহে দেখা নাই, কিন্তু উৰাজাহাজ দেখিছে৷ দুপৰীয়া উকা নীলা আকাশৰ বুকুত গহীনকৈ উৰি ফুৰা উৰাজাহাজ দেখি সেইখনত উঠিবলৈ পৰশুৰ হেঁপাহ এটা ল’ৰালি কালৰ পৰাই আছে৷ আজিও চকু টিপিয়াই উৰি থকা উৰাজাহাজখনে তাৰ মন হৰিছে৷ এটা ধীৰ ছন্দৰ গহীন মাত উপঙি ফুৰিছে৷ চাপৰিৰ নীৰৱতা ভঙ্গ কৰিব পৰা নাই৷

ম’হৰ ডিঙিত টিলিঙাৰ টুং টাং৷ গোহালিৰ পৰা গৰুৰ উগাৰৰ আৰু খোৱাৰ শব্দ দুই-এটা ভাঁহি আহিছে৷ ফেউৰাকেটাই আজি ৰাও জুৰা নাই৷ ইয়াত নীৰৱতাই কথা কয়৷

পৰশুৱে মন কৰিলে মোমায়েকৰ জুহালত ভঙুৱাৰ আড্ডাটো আটোমটোকাৰীকৈ বহিছে৷ চাৰিটা ভঙুৱা মোমায়েকৰ বয়সৰে৷ ওচৰতে ম’হ খুঁটি আছে৷ সন্ধিয়া তেওঁলোকে মহেনৰ বহাত লগ হয়৷ সুখ-দুখৰ কথা পাতে, এচিলিম হোপে, ঘৰাঘৰি যায়৷ তথাপি কমেও দুঘণ্টা সময় চিলিম পৰ্ব চলে৷ বিশেষ আয়োজন থাকিলে মোমায়েকৰ বহাতে আটাইৰে ভোজন হয়৷

ভঙুৱাকেইজনৰ ভিতৰত পৰশুৰ বাবে আকৰ্ষণীয় হ’ল নাৰায়ণ দাইটি৷ সি মোমাই বুলিবই পাৰিলেহেঁতেন৷ কিন্তু আটায়ে সেই সম্বোধনেৰে মাতে বাবে সেইটো পৰশুৱেও অবিকল ৰাখিলে৷

নাৰায়ণ দাইটিয়ে অতীতৰ কথা কয়৷ আনৰ বাবে পাহৰণিৰ আন্ধাৰত হেৰাই যোৱা কথাবোৰ দাইটিয়ে জীয়াই তোলে৷ চিলিমৰ আগৰ আঙঠাকেইটা জ্বলি উঠি তেওঁৰ  মুখখন ঈষৎ পোহৰাই তোলে৷ ঠিক যেন অতীতৰ এচকলহে পোহৰাই তোলে৷ আন্ধাৰ আৰু পোহৰ মিহলি হৈ থাকে নাৰায়ণ দাইটিৰ কথাত৷ এই বহাটোৰ ভিতৰত থকা আন্ধাৰখিনি মথি মথি তেওঁ কথা কৈ যায়৷

বাস্তৱ-অবাস্তৱ সীমাডাল ভাঙৰ ধোঁৱাই উৰুৱাই নিয়ে৷ কি কয় নাৰায়ণ দাইটিয়ে? চব কথা কয় – পুৰাণ, মহাভাৰতৰ পৰা ইয়াৰ প্ৰতিটো চাপৰিৰ কথা কয়৷ মাথোন কুহুলিয়াই থাকিব লাগে৷ মহাদেউৰ প্ৰসাদ ভাগিত হোপা এটা মাৰি পৰমানন্দত চকু দুটা মুদি নাৰায়ণ দাইটিয়ে ক’বলৈ লয়৷ মানুহটোৰ কপালত ৰেখা কেইডাল সামান্য কোঁচ খায়, মোচকোছাত অনামিকা আঙুলি বুলাই বুকুলৈকে পৰা ডাঢ়ি কোছাত পাঁচোটা আঙুলিৰে খেলি থাকে৷ দ্বিতীয় হোপাটোৰ সময়লৈকে এই প্ৰক্ৰিয়া চলে৷ জুইকুৰাৰ  পকা অঙঠাৰ পৰা মিঠা ৰঙচুৱা পোহৰ এচাটি ঢিমিক-ঢামামকৈ তেওঁৰ মুখমণ্ডল জিলিকাই তোলে৷

আনকেইটা ভঙুৱা কলীয়া, মহেশ্বৰ, মাখন আৰু বাপুতা৷ সিহঁত কেইটা নাম থকা ভঙুৱা নহয়৷ দিনটোৰ পৰিশ্ৰমৰ অন্তত মহেনৰ বহাত এইকণ সময় সিহঁতৰ বাবে অলপ স্ফূৰ্তি কৰাৰ অৱকাশ৷ নাৰায়ণ দাইটি দেখাই-শুনাই, কথাই-বৰ্তাই ষোল্ল অনা ভঙুৱা৷

“দাইটি, এইবাৰ মহেনৰ ভাইগ ভাল৷ একুৰি ম’হ একেলগে খীৰাইছে৷” – মহেশ্বৰৰ মাত৷

“হেৰ’ মইনো ক’ত খীৰাইছোঁ৷ চাৰিজনীতে হাত সিৰামূই ধৰে৷ তহঁতে খীৰাই দিছ বুলিহে৷”

“পিছে ধনখিনি কোনে লয়৷ চ’তাই গুৱালে গাখীৰ টানি শেষ কৰিব নোৱাৰি ৰহমতকো লগাইছে৷”

“এ ৰহক্ক” চাফী কাপোৰখন চিলিমটোৰ মূৰত ঠিক কৰি হোপা মাৰোঁ বুলিও নমৰাকৈ ৰৈ নাৰায়ণ দাইটিয়ে মাত দিলে –

“গাখীৰ যদি খিৰাইছিল, জমদগ্নি মুনিয়ে খিৰাইছিল, মাৰপোহা৷”

হোপাটো টানি ধোঁৱাখিনি কিছু সময় ভিতৰত ৰাখি তাৰ পাছত নাকে-মুখে একেলগে বাহিৰ কৰি চিলিমটো বাপুতালৈ আগবঢ়াই দিলে৷

“কেইজনী খিৰাইছিল দাইটি, গৰু নে ম’হ?”

“এজনী গৰু৷ কাৰতবিজঅ অ’ৰজুনৰ সৈন-সামন্ত আটাইকে খুৱাইও শেষ নহ’ল বাপেকে মাৰেপোহা৷”

“হয়নে দাইটি, কি কথা?”

“শাচ্‌তত্‌ আছে৷ মই কোৱা কথা নহয় অ’ ক’লীয়া৷”

নাৰায়ণ দাইটিৰ কথা নহয় বুলি ক’বলৈনো কোন আছে? “খেতি যদি কৰিছিল পৰশুৰামে কৰিছিল৷ জনক ৰজাইনো কি ডাল কৰিছিল নাজানো৷ ৰজা হ’লে ৰজা হ, খেতি কৰিলে খেতি কৰ৷ খেতি চোজা বস্তুনেকি? যেই সেই খেতি কৰিব পাৰিবনে? বলোৱে নাঙলটো লৈ কত হাল বালে নেজানো দেই৷ পৰশুৰামে খেতি কৰিছিল৷ শিল কাটি পানী বোৱাই আনিছিল’ – এইবাৰ হুপাটো দীঘলীয়াকৈ টানি দাড়ি কোছাত হাতখন বুলাই নিজৰ কথাখিনি এবাৰ জুকিয়াই ল’লে৷

“এই নতুন চাপৰি আৰু বকুল চাপৰিত খেতি যদি কৰিছিল বেণুৱে কৰিছিল৷ পিছে মানুহটোহে ঘূণীয়া হ’ল৷ মিছাতে মেল্‌টৰিৰ মাৰখন খালে৷”

ভঙুৱা নাৰায়ণ দাইটিৰ মুখত দেউতাকৰ কথা ওলোৱাত পৰশুৰ চিন্তাৰ আঁটটোৱে সুকীয়া মোৰ ল’লে৷

দেউতাকৰ চেহেৰাটো পৰশুৰ মনলৈ আহিল৷ বৰষুণীয়া বতৰত, ঠাণ্ডা দিনত মিলিটাৰীৰ মাৰ আৰু বুট জোতাৰ গছকত পীড়িত দেহাটো বিষত কোঙা হৈ পৰে৷

অথচ কি কৰিছিল তাৰ দেউতাকে? কি কৰিছিল বেণুধৰ শইকীয়া ওৰফে বেণু  বাঘধৰাই?

*      *      *

Visited 3 times, 1 visit(s) today
Website |  + posts
Close