Written by sdblogs2011 4:27 am Poems

ধৃতৰাষ্ট্ৰৰ ডায়েৰী

অন্বেষী বৰা

মই ধৃতৰাষ্ট্ৰই কৈছোঁ।

অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা

দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব,

খেল মাথোঁ সংজ্ঞাৰ।

বুজে,

চমঝদাৰসকলে নিৰ্ভুলকৈ বুজে এই কথা।

সেয়েহে আপোনাকো কওঁ,

জাপ খাই থকা চকুবোৰ খুলি থওঁ আহক।

চকু পিন্ধাৰ জোখাৰে মূল্যও যে দিব লাগিব!

চকুযোৰ খুলি থ’লে দেখা পোৱা নাযাব

শকুনিৰ কপটতা অথবা কৃষ্ণৰ ছলনা।

যাজ্ঞসেনীৰ ক্ৰোধাগ্নিত ভস্মীভূত ভবিষ্যতে

খেদি নুফুৰে আপোনাক ওৰেটো নিশা।

পাশাখেলত ধৰ্ষিতা ন্যায়ৰ কাতৰ চিঞৰে

দগ্ধ নকৰে অনুতপ্ত হিয়া।

চকুযোৰ খুলি থ’লে বাহিৰৰ কোলাহলে চুব নোৱাৰে আপোনাক।

চকুযোৰ খুলি থ’লে শান্তিৰে চিন্তা কৰিব পৰা যাব

আহাৰ, নিদ্ৰা আৰু মৈথুনৰ কথা।

এযোৰ খোলা চকুৰে কি চাব আপুনি?

পেটৰ ভোক নে মনৰ হাহাকাৰ …

আত্মাৰ সদগতি কামনাৰে

তেজাল চিতাৰ জুই,

নে মূৰৰ চালি হেৰুৱা পদপথৰ চিঞৰ?

 ভূ-লুণ্ঠিত মানৱতা,

অথবা দানৱৰ হাতোৰা,

খোলা চকুৰ বাস্তৱ মৃত্যু সদৃশ।

সেই মৃত্যুত তিলতিলকৈ মৰিবৰ দেখোন মন নাযায়,

সেই মৃত্যুৰ বাবে হেঁ‌পাহেৰে অপেক্ষাও যে কৰা নাযায়।

ভীষ্মৰ শৰশয্যাতকৈ,

কাপুৰুষৰ শেতেলি মোৰ প্ৰিয়।

প্ৰভেদ কিহৰ?

মই নিয়তিৰ চিকাৰ,

আপুনি সময়ৰ।

মই ভয় কৰোঁ সত্যক,

আপুনি ভয় কৰে পৰিণতিক।

মূল্য দিবলৈ অপৰাগজনৰ বাবে দৃষ্টিহীনতাই শ্ৰেয়।

সেয়েহে চকুবোৰ খোল খোৱা নাই,

তাহানি অথবা আজিও।

   ~~~~

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close