Written by sdblogs2011 4:21 am Poems

বাদশ্বাহ গোলাম

উজ্জ্বল স্মৰণ দত্ত 

ইলাহী কথাবোৰত পাক ধৰিছে

চাপৰি বাজিছে চাপৰত

ৰাগীত ৰাগী লাগিছে ৷ 

কাকূতি বাঢ়িছে 

আকুতি বাঢ়িছে

মেহফিল বহিছে

মজলিছ বঢ়িছে

চলি আছে চলাই আছে 

লজেন গুটিত পমি গৈছে ৷ 

বাদশ্বাহ বাদশ্বাহ

গোলাম গোলাম ৷ 

ক’ৰ কথা ক’ত বাঢ়িছে

উশাহবোৰ বিষ হৈ বাঢ়িছে ৷ 

আটাহত আটাহ পাৰিছে বেটিয়ে

হুমুনিয়াহত হুমুনিয়াহ বাঢ়িছে ৷

বৰ বৰ আখৰে

শিৰোনামাবোৰ বাঢ়িছে ৷

দেখাই দেখি আছে

শুনাই শুনি আছে

চলাই  আছে  চলি আছে ৷

ঠিকনা:

 উজ্জ্বল স্মৰণ দত্ত ৷

 ১নং কঠিয়া খুণ্ডা গাঁও , সাপেখাতী

 ডাক :  সাপেখাতী

          জিলা  :  চৰাইদেউ

          পিন : ৭৮৫৬৯২

          ফোন নং ৮৭৬১৮১৪৪৯৬

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close