লোপামুদ্ৰা ভট্টাচাৰ্য

(১)
বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷
“ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷ পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি আহে৷ যোৱা সপ্তাহত সৰুটোক পাঁচলাখটকীয়া বাইকখন EMI-ত কিনি দিছিলোঁহে৷ এতিয়া আকৌ পেট্ৰ’লৰ খৰচটোও নিধকটোৱে মোৰ পকেটৰপৰাহে নিব৷ কামানি অহা বাটবোৰ যিমানে বন্ধ হৈ আহিছে সিমানে ইটোৰ পিছত সিটোকৈ পইচা ওলাই যোৱাৰ বাটবোৰ মুকলি হ’বলৈ ধৰিছে৷ মই আৰু ৰ’ব নোৱাৰিলোঁ৷ খঙৰ ইম’জি এটা দিবলৈ সোঁহাতৰ তৰ্জনীটো আগুৱাই নিলোঁ৷ আঙুলিটো গৈ কাকতখনত লাগিলতহে মোৰ সম্বিৎ ঘূৰি আহিলে৷ আৰে এইখন বাতৰিকাকতহে৷ এই ছপা আখৰবোৰ সঁচাকৈয়ে বৰ আমনিদায়ক৷ যি লিখে তাকে মানি ল’ব লাগে৷ মই একান্ত মনে তৰ্জনীটোলৈ চাই থাকিলোঁ৷ কিমান সহজভাৱে মই যে আঙুলিটো আগবঢ়াই নিছিলোঁ! নিজৰ ওপৰতে হাঁহি উঠিল৷ বাতৰি পঢ়া নহ’ল আৰু৷ কাকতখন নজপোৱাকৈ মেজখনতে পেলাই থৈ মই উঠি গ’লোঁ৷
(২)
আজি মই পাচলি বজাৰলৈ আহিছোঁ৷ কি আচৰিত! আজিকালি অৱশ্যে আচৰিত বুলি কোনো কথা নাই৷ কোনো এটা পাচলিয়েই পঞ্চাছ টকাৰ তলত নাই৷ তথাপিতো আধা কেজিকৈ হ’লেও মই জিকা, পটল, ভেন্দি বিলাহী আদিৰে মোনাটো ভৰাই পেলালোঁ৷ তেলৰ দামৰ কথা ভাবি মই গাড়ীখন আজিকালি খুউব কমেইহে বজাৰলৈ আনোঁ৷ আহোঁতে খোজকাঢ়ি আহি যাওঁতে বেটেৰি ৰিক্সা এখন লৈ যাওঁ৷ বাটৰ কাষতে পোৱা ঔটেঙা তিনিটা আৰু জাহাজী কল একাখিও লৈ লোৱাত মোনাটো যঠেষ্ট গধুৰেই হ’ল৷ হেপোৰ-তেপোৰকৈ মোনাটো ডাঙি মই বেটেৰি ৰিক্সা এখন বিচাৰি ইফালে সিফালে চালোঁ৷ দুখনমান ৰিক্সা আছে৷ কিন্তু চালকসকল আমাৰ ফালে নাযায়৷ মিউনিচিপেলিটি ব’ৰ্ডে বেটেৰি ৰিক্সাবোৰ বজাৰৰ মাজলৈ সোমাবলৈ নিদিয়া হোৱাৰ পৰা ৰিক্সা চালকসকলেও নিজৰ কিছুমান নিয়ম বান্ধি লৈছে৷ এতিয়া এজন হ’লে তেওঁলোকে অধিক ভাড়া দাবী কৰে৷ উপায় নাই৷ সকলো পৰিস্থিতিৰ দাস৷ মই প্ৰায়েই অধিক ভাড়া দিয়েই অহা-যোৱা কৰি আছোঁ৷ অৱশ্যে কেইজনমানে পিছে সঠিক ভাড়াটোৱেই লয়৷ এখন খালী ৰিক্সা আহি থকা দেখি মই হাতখন দাঙিবলৈ লওঁতেই কাষেদি পেডেল মৰা ৰিক্সা এখন পাৰ হৈ গ’ল৷ এই ৰিক্সাবোৰৰ প্ৰতি মোৰ আকৌ এক এৰাব নোৱৰা মোহ আছে৷ এক নষ্টালজিক ফিলিং৷ অৱশ্যে এইখনৰ দৰে চিকচিকাই থকা ৰিক্সা বহু বছৰ দেখা নাই৷ মই ততাতৈয়াকৈ ৰিক্সাৱালাজনক ৰ’বলৈ কলোঁ৷ এবাৰ মাতোতেই ৰিক্সাখন ৰ’ল৷ মই চালকজনলৈ চালোঁ৷ চকুত ক’লা চছমা, দীঘল চুলিখিনি একোচাকৈ বন্ধা, কাণত ফুলি৷ একেবাৰে অনৌখা! মই পাচলিৰ মোনাটো দুহাতেৰে দাঙি ৰিক্সাখনত থৈ নিজেও উঠি ললোঁ৷ ওচৰতে ক’ৰবাত জয়ন্ত হাজৰিকাৰ গীত এটি বাজি আছে৷ ময়ো ৰিক্সাৰ গতিৰ লগত তাল মিলাই ৰিক্সাৱালাজনৰ দেহৰ অপূৰ্ব সঞ্চালনক প্ৰত্যক্ষ কৰি বিভোৰ হৈ নিজ বাটেৰে গৈ আছো৷
কিছু দূৰ যোৱাৰ পিছতে মন কৰিলোঁ যে কাণত বাজি থকা গানটোৰ উৎস ৰিক্সাখনতে আছে ৷ ৰিক্সাচালকজনে হেন্দেলৰ ওচৰতে এটা ব্লুটুথ স্পীকাৰ আঁৰি লৈ নিজৰ ম’বাইলত গান বজাই আছে৷ হঠাতে এটা লাজ ভাবে মোক আৱৰি ধৰিলে৷ চুচুক চামাককৈ ইফালেসিফালে চালোঁ৷ দুই-এজন মানুহে দেখোন মই উঠা ৰিক্সাখনৰ ফালে ঘূৰি ঘূৰি চাইছে৷
“হেৰা, তোমাৰ নাম কি হে? এইদৰে তুমি সদায় গান বজোৱা নেকি?” মই সোধোঁ-নোসোধোঁকৈ চালকজনক সুধিলোঁ৷
“মদন৷ মদন ৰিক্সাৱালা৷ এই গানৰ বাবেইতো মোৰ ৰিক্সা ফেমাছ হৈ উঠিছে৷ ” সগৌৰৱে কথাষাৰ কৈ তেওঁ ৰিক্সাৰ গতিবেগ আৰু অলপ ক্ষীপ্ৰ কৰি তুলিলে৷
“ফেমাছ! কেনেকৈ?” মই আচৰিত হৈ সুধিলোঁ ৷
“মই ফে’চবুক, ইণ্ষ্ট্ৰাগ্ৰাম সকলোতে ফেমাছ ৷ মানুহ মোৰ ৰিক্সাত উঠে৷ ফটো তোলে৷ মোৰ গান শুনে৷ মই নিজেও গান লিখোঁ৷ মোৰ ৰিক্সাৰ পিছফালে কিছুমান জেনেৰেল ন’লেজৰ প্ৰশ্ন মাৰি থোৱা থাকে৷ ল’ৰা-ছোৱালীবোৰৰো উপকাৰ হয়৷ ”
মদনে একে উশাহতে কথাখিনি ক’লে৷ মই একো নকৈ কেৱল ভাবিলোঁ,
“কামবোৰ বাৰু অগতানুগতিক৷ কিন্তু এইদৰে পৰিয়াল জানো চলিছে?”
টেলিপেথি হোৱাৰ দৰেই মদনে উত্তৰ দিলে,
“মই পিছে সদায় এইখন নচলাওঁ৷ লাভ নাই নহয়৷ আজিকালি বেটেৰিৰ দিন৷ এইবোৰ ৰিক্সাত কোন উঠিব? মই সেই বিলৰ ওচৰত ফাষ্ট্ ফুডৰ দোকান এখন দিওঁ৷ আবেলি খোলোঁ৷ ভালেই বিক্ৰী হয়৷ এই ৰিক্সা চলোৱা কামটো মই নিজৰ মনটো ভাল লগাবলৈহে কৰোঁ৷ আচলতে মোৰ ককা, দেউতা সকলোৱে গোটেই জীৱন ৰিক্সা চলায়েই পাৰ কৰিলে৷ এক কথাত মই সেই কামটো মৰি যাবলৈ দিয়া নাই৷ ”
কথাখিনিয়ে কিন্তু মোৰ মন চুই গ’ল৷ সঁচাকৈয়ে মদন ৰিক্সাৱালা মনৰ ধনী৷ এনে এখন ৰিক্সাত উঠি মই জানো কথাটো শ্বেয়াৰ নকৰাকৈ থাকিব পাৰিম? মোৰ তৰ্জনীটো আগবাঢ়ি গ’ল৷ শ্বেয়াৰ বুটামটোৰ ফালে৷ মদনৰ সেউজীয়া আৰু কমলা ৰঙৰ কামিজটোত তৰ্জনীটো লাগিলতহে মই উচপ খাই উঠিলোঁ৷ ঠিক একে সময়তে গতিৰোধকৰ থেকেচনিত মই এক প্ৰকাৰ কৰ্ফাল খাই পৰিবলৈকে লৈছিলোঁ৷ কি হৈছে এইবোৰ? বাস্তৱ আৰু ভ্ৰমৰ মাজত মই কেৱল কিছুমান বুটামহে দেখা পাবনৈ লৈছোঁ নেকি?
৩)
দুপৰীয়া এক বাজিছে৷
মোৰ ভোক লাগিলেই৷ অৱশ্যে তাৰ কাৰণো নথকা নহয়৷ ভাতৰ লগত কিবা এটা ভাল লগা থাকিলে মোৰ সদায় এনেকুৱাই হয়৷ আজি তাতে ইলিছ মাছ আছে৷ বাৰশ টকা কিলোৰ বাংলাদেশৰ ইলিছ৷ সৰিয়হ দিয়া ভাপ্পা ইলিছৰ গোন্ধটোৱে মোৰ পিত্তৰসৰ নিঃসৰণ অধিক ক্ষীপ্ৰ কৰি তুলিছে৷ এই বছৰ দাম বুলি ইলিছ নিকিনাকৈয়ে আছিলোঁ৷ খৰছ অলপ কমাব খুজিছোঁ৷ চাকৰি কৰি থাকোঁতে দিনবোৰ বেলেগ আছিল৷ ফাইল দুটামানত চহী কৰিলেই দেখোন দিনে দুটা মান ইলিছ কিনিব পৰা হৈ আছিলোঁ৷ এতিয়া অৱসৰৰ জীৱন৷ পেঞ্চনৰ পইচাকেইটাৰেই মাহটো চলিবলগীয়া হয়৷ জমা পইচাকেইটা আকৌ নালায়ক সন্তানৰ বাবে থ’বলগীয়া হৈছে৷ কথাবোৰ ভাবিলে দেখোন ডিপ্ৰেছনেই আহিব খোজে৷ ক’ত জানো পাইছিলোঁ মনটো ভালে ৰাখিবলৈ মাজে সময়ে হেনো দুই-এটা বিলাসিতাও কৰিব লাগে৷ সেয়েহে অৱশেষত আজি বাৰশ টকীয়া বিলাসী ইলিছ আহি মোৰ পাকঘৰ পালেহি৷ বহু দিনৰ মূৰত প্ৰমীলাৰ গোমোঠা মুখখনত এচেৰেঙা হাঁহি দেখিবলৈ পালোঁ৷ তেওঁ অৱশ্যে ভাপ্পা ইলিছ ভালেই ৰান্ধে৷ তাতে আকৌ নিজে ৰন্ধা খাদ্য সম্ভাৰৰ ফটো এখন ষ্টেটাছত দিবলৈ কম-বেছি পৰিমাণে সকলোৰে মন যায়৷ বাৰু কাৰণ যিটোৱেই নহওক প্ৰমীলাই আজি উৎসাহেৰে ৰন্ধা-বঢ়া কৰা দেখি মোৰো মনটো ভাল লাগিছে৷ ঠিক দেৰমান বজাত ভাত খাবলৈ বহিলোঁ৷ আমাৰ দুজনৰ কাৰণে কলপাতৰ টোপোলা দুটা উলিয়াই থৈ বাকীখিনি ল’ৰা দুটালৈ বুলি প্ৰমীলাই একাষৰীয়াকৈ থৈ ল’লে৷ ডাঙৰটো প্ৰাইভেট কোম্পানী এটাত সৰু চাকৰি এটাত সোমাইছে৷ ৰাতিৰ সাজহে খাবহি৷ সৰুটো আকৌ আজিকালি YOUTUBER৷ সেয়েহে অ’ত ত’ত ম’বাইলটো লৈ পংপঙাই ফুৰে৷ ঘৰ সোমাওঁতে সন্ধিয়াই হয়গৈ৷ মই ভাপত শেঁতা হৈ পৰা কলপাতৰ মেৰটো খুলি ল’লোঁ৷ সৰিয়হ, নহৰু, কেচা জলকীয়া আৰু ধনীয়া মিহলি সুগন্ধিটোৱে মুহূৰ্ততে মোক আগুৰি ধৰিলে৷ মই আৰু ৰ’ব নোৱাৰিলোঁ৷ লাভ ৰিয়েক্ট কৰি Yummy বুলি লিখিবলৈ তৰ্জনী আগবাঢ়ি গ’লেই নহয়৷ গৰম ভাতত আঙুলিটো লাগিলতহে যেনিবা সম্বিৎ ঘূৰি আহিল৷ মই সেমেনাসেমেনিকৈ প্ৰমীলালৈ চালোঁ৷ তেৱোঁ ক’ৰবাত যেন কিবা এটা খেলিমেলিৰ উমান পায় মোলৈকে চাই আছে৷
“মাছৰ গোন্ধেই কৈছে খাবলৈ যে সোৱাদ হ’ব৷ ”
মই হয়তো তেনেকৈয়েই ক’ব লাগিছিল৷ কিন্তু নকলোঁ৷ প্ৰমীলায়ো নিস্তৰঙ্গভাৱে মাছৰ টুকুৰা এটা নিজৰ কাঁহীত লৈ মোলৈ নোচোৱাকৈয়ে ক’লে,
“আজি মোৰ সমিতিৰ মিটিং এখন আছে৷ সোনকালে যাব লাগিব৷ বাচনকেইটা তুমিয়েই ধুই থ’বা৷”
মই কেৱল মূৰ দুপিয়ালোঁ আৰু ইলিছৰ চুলি যেন কাঁইটবোৰ কোচাকোচে উলিয়াই মৎস্যস্বাদ গ্ৰহণ কৰাত ব্যস্ত হৈ পৰিলোঁ ৷ সূক্ষ্ম, মসৃণ ইলিছৰ কাঁইটবোৰৰ প্ৰতি মোৰ এক অহেতুক আকৰ্ষণ জাগি উঠে৷ মনটোক ব্যস্ত কৰি ৰাখিবলৈকে এটা প্ৰশ্নৰ লগত মই খেলিবলৈ আৰম্ভ কৰোঁ৷
“মাছটো সোৱাদ বাবে কাঁইটবোৰ মিহি নে কাঁইটবোৰ মিহি বাবে মাছটো সোৱাদ?”
প্ৰশ্নটো মনতে পাগুলি থাকোঁতেই প্ৰমীলাইনো কেতিয়া ভাতৰ পৰ্ব শেষ কৰি বহাৰ পৰা উঠি গ’ল মই গমকে নাপালোঁ৷ এৰা ওচৰত বহি থকা বা উঠি যোৱাৰ মাজত কিবা জানো পাৰ্থক্য আছে? মই এই কথাবোৰ লৈ মূৰ ঘমাব নিবিচাৰোঁ৷ পত্নীৰ কাঁহী-বাটিখিনি বিনা দ্বিধাই ধুব পৰাকৈ মই দেখোন সদায় লিবাৰেল৷ সভা-সমিতিলৈ যোৱাটোক লৈ মই আজিলৈকে আপত্তিৰ থল দেখা নাই৷ পত্নীৰ ম’বাইলৰ লক পেটাৰ্নটো জানিবলৈও মোৰ কোনো উৎসুকতা নাই৷ আপত্তি কেৱল এটাই-
“হেই বাদ দিয়া হে সেইবোৰ কথা৷ ”
ভাটি বয়সত সেইবোৰ আৰু এতিয়া চিন্তাৰ বিষয় নহয়৷ বৰ্তমান মোৰ চিন্তাৰ মূল বিষয় হ’ল সোঁহাতৰ এই তৰ্জনীটো৷ প্ৰথমতে তৰ্জনীৰ কাণ্ড- কাৰখানাবোৰক পাতলকৈয়ে লৈছিলোঁ৷ কিন্তু এনে ঘটনা সঘনাই হ’বলৈ ধৰিছে৷ এনে লাগিছে যেন সোঁহাতৰ তৰ্জনীৰ ওপৰত মোৰ নিয়ন্ত্ৰণ হেৰাই গৈছে৷ কথাটো প্ৰমীলাৰ লগত পাতিলে ভাল হ’ব বুলি ভাবিছিলো৷ কিন্তু পতা নহ’ল৷ এনে বহু কথায়েই দেখোন নপতাকৈয়ে থাকি যায়৷ ভাপ্পা ইলিছখিনি সঁচাকৈ বৰ সোৱাদ হৈছিল৷ পঞ্চ আঙুলি চুপি থাকোঁতে মনলৈ হঠাতে এটা দুখবোধ আহিল৷ প্ৰমীলাক ভালদৰে প্ৰশংসামূলক একো কোৱা নহ’ল৷ অথচ ডুবাইৰ ছামিম পাৰবিনৰ ৰেচিপিবোৰত মোৰ এই তৰ্জনীয়ে কিমান সহজে পলকতে লিখি দিয়ে,
”Yummy! Tasty! লাজৱাব!”
(৪)
ঈষৎ হালধীয়া পোহৰৰ আৱেশত থকা এটা কোঠা৷ কোঠাটোৰ এজনীয়া বিছনাখনত বৰ্তমান মই শুই আছোঁ৷ কেতিয়াৰপৰা মই শুই আছোঁ মই ঠিক মনত পেলাব পৰা নাই৷ তৰ্জনীৰ উৎপাত ক্ৰমাৎ বাঢ়ি আহিছে৷ শৰীৰৰ প্ৰতিটো অংগই বিশ্ৰাম লোৱাৰ পৰতো আজিকালি সি সাৰে থাকে৷ অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সি জেঠীৰ নেজডালৰ দৰে টিকটিকাই থাকে৷ তৰ্জনী হেনো ক্ষমতাৰ প্ৰতীক৷ কিহৰ ক্ষমতা?যেতিয়াই মন যায় নিজৰ ভাল লগা বেয়া লগাৰ প্ৰকাশ, প্ৰচাৰ আৰু অপপ্ৰচাৰৰ ক্ষমতা৷ এনেবোৰ কাৰণতে ই আজি মূৰৰ ওপৰত উঠিছে৷ সেয়েহে আজিকালি মই বাওঁহাতখনেৰে সোহাঁতখনৰ তৰ্জনীটো ধৰি থাকিবলৈ লৈছোঁ৷ ক’ব নোৱাৰি নহয় ক’ত কেতিয়া কি কৰে৷ টোপনিতো সি লৰি থাকে৷ মই গাৰুৰ তলত সোঁহাতখন সুমুৱাই ৰাখোঁ৷ বাওঁহাতৰ তৰ্জনীটোলৈও চিন্তা লাগিছে৷ যি দেখি আছে তাকেইতো শিকিব৷ দুটা তৰ্জনী দেখোন দুফালে লৰ মাৰিলে মোৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব৷ মই মনে মনে গুগল খুচৰিলোঁ৷ ডিপ্ৰেছন, এংজাইটি, ছুইচাইড প্ৰৱণতা, নম’ফ’বিয়া আদি ফোনৰ লগত জড়িত মনোৰোগ এটাতো মোৰ এই অচিন ৰোগৰ মিল বিচাৰি নাপালোঁ৷ অৱশেষত কথাটো আৰু প্ৰমীলাৰ পৰা লুকাই নাথাকিল৷
(৫)
“আপুনি ছ’চিয়েল মেডিয়া কেতিয়াৰপৰা ব্যৱহাৰ কৰিছিল? মানে ধৰক ৱাটছএপ, এফ্ বি, ইন্ষ্টা এইবোৰ আপুনি নিশ্চয় সঘনাই ব্যৱহাৰ কৰে৷ নহয় জানো?”
মানসিক চিকিৎসকগৰাকীয়ে বেছ প্ৰত্যয়ৰে প্ৰশ্নটো সুধিলে৷ মই মানুহজনৰ মুখলৈ চালোঁ৷ কম বয়সৰ ল’ৰা৷ ওঁঠত ঈষৎ হাঁহি এটা বিৰিঙি থাকে৷ মাতটোও কোমল আৰু ধীৰ৷ একাষাৰে ক’বলৈ হ’লে চিকিৎসকজনৰ প্ৰতি মই আকৰ্ষিত হৈছোঁ৷ লাইক কৰিছোঁ৷ মোৰ তৰ্জনী যেন হঠাতে সাৰ পাই উঠিল৷ সি লাইক বুটামটো বিচাৰি ভেকুলী জাঁপ এটা মাৰিবলৈ উদ্যত হ’ল৷ মই তাক হেঁচুকি ধৰি থাকিলোঁ আৰু যিমান পাৰি সহজভাৱে উত্তৰটো দিলোঁ-
“অফিচৰ শৰ্মাই ফে’চবুক খুলি দিয়া দিনৰে পৰা চলাই আছোঁ৷ পাঁচ বছৰমানেই হ’ল৷”
তেখেতে তৰ্জনীটোৰ কথা উলিয়াব বুলিয়েই মই মুখলৈ আগ্ৰহেৰে চাই আছোঁ৷ কিন্তু তেখেতে তৰ্জনীলৈ কেৰাহিকৈও নাচালে৷ মোকো তাৰ কথা উলিয়াবলৈ সুবিধাই নিদিলে৷ তেখেতে বন্ধুত্বপূৰ্ণ ভাব-ভংগীৰে মোৰ লগত বিভিন্ন কথা পাতিবলৈ ধৰিলে৷
“আচ্ছা, আপুনি এবাৰ ভাবকচোন৷ মই এতিয়া আপোনাৰ ওচৰলৈ আঁহোতে যদি গাত like, comment, subscribe লিখা থাকিলিহেঁতেন তেতিয়া কি হ’লহেঁতেন?”
“আৰে মোৰ তেনেকুৱাই লাগে দেখোন৷” মই তেখেতৰ কথাষাৰৰ প্ৰত্যুত্তৰ তেনেকৈয়ে দিব খুজিও ৰৈ গ’লোঁ৷ হয়তো তেখেতে মোক পাগল বুলি ভাবিব পাৰে৷ মই ভয় কৰিলোঁ৷
“মজা লাগিলেহেঁতেন৷ কিন্তু কমেণ্ট ক’ত লিখিম?” মই সমস্যাটো আঙুলিয়াই দিলোঁ৷
“Right! কথাটো মই ভবাই নাছিলোঁ৷ মানুহবোৰো একোটা ম’বাইল ফোন হৈ যোৱা হ’লেই ভাল আছিল৷ ”
চিকিৎসকগৰাকীয়ে মোৰ চকুলৈ চালে৷
ডাঙৰকৈ ওলাই আহিব খোজা মোৰ হাঁহিটো ডিঙিত কাঁইট লগাৰ দৰে ক’ৰবাত হয়তো লাগি ধৰিলে ৷ অৱশেষত চিকিৎসকজন যাবলৈ উঠিল৷ যোৱাৰ আগেয়ে তেখেতে প্ৰেছক্ৰিপশ্যনত কিবা অলপ লিখি দিলে আৰু মোৰ পিঠিত হাতখন দি ক’লে,
“এতিয়া সিদ্ধান্ত আপোনাৰ হাতত৷ ”
মই কথাষাৰ ঠিক ধৰিব নোৱাৰিলোঁ৷ ক’ব নোৱৰাকৈয়ে মোৰ মুখৰপৰা ওলাই আহিল,
“কি সিদ্ধান্ত?”
“মানুহবোৰ মানুহ হৈয়েই থাকিব নে ম’বাইল হ’ব লাগিব?”
মই থিয় হ’লোঁ আৰু ডাক্তৰৰ কিছু ওচৰ চাপি গ’লোঁ ৷ খুবেই অসহায় হৈ মই কলোঁ,
“মই মানুহ হৈয়েই থাকিম ৷ কিন্তু…”
মোৰ সোঁহাতৰ তৰ্জনীক ডাক্তৰৰ চকুত পৰাকৈ তেখেতৰ মুখৰ আগত দাঙি ধৰিলোঁ৷
“পাহৰি পেলাওক ৷ ইয়াক আপুনিয়েই মূৰত তুলিলে৷ এতিয়া আপুনিয়েই তাক নাপাত্তা কৰিব লাগিব৷ ইয়াৰ কথা মনলৈ আহিবলৈকে নিদিব৷ দেখিব লাহে লাহে সকলো ঠিক হৈ গৈছে৷”
কথাখিনি কৈ তেখেতে মোৰ তৰ্জনীটো হাতৰ মুঠিত সুমুৱাই দিলে আৰু কোঠাটোৰপৰা ওলাই গ’ল৷
(৬)
মই ফোন এৰিলোঁ৷ হস্পিতালৰপৰা ঘৰলৈও আহিলোঁ৷ কিন্তু তৰ্জনীৰ গতিবিধি সলনি নহ’ল ৷ অথচ মই গোটেই মানুহটোৱেই দেখোন সলনি হৈ গৈছোঁ৷ মোৰ দেহৰ অংগ হৈও তৰ্জনী যেন মোৰপৰা বিচ্ছিন্ন হৈ পৰিছে৷ কোনো অঘৰী আত্মাৰ ইচাৰাত যেন সি ঘূৰি ফুৰিব বিচৰা হৈছে৷ ঠিক প্ৰমীলাৰ দৰে যি মোৰ লগত থাকিও সদায় আঁতৰত৷ ঘৰলৈ অহাৰ পাছত মই প্ৰায় অকলশৰীয়া হৈ পৰিছোঁ৷ আগতেও মই হয়তো অকলশৰীয়াই আছিলোঁ৷ কিন্তু তেতিয়া ডিজিটেল পৃথিৱীখন মোৰ লগত আছিল৷ এখন ভ্ৰমৰ পৃথিৱীত যেতিয়াই মন যায় মই ঘূৰিফুৰিব পাৰিছিলোঁ৷ মোৰ কোঠালৈ আহোঁতে প্ৰমীলাই আজিকালি ম’বাইলটো বাহিৰত থৈ আহে৷ মধুমেহ ৰোগীৰ পৰা মিঠাই লুকুওৱাৰ দৰে৷ মোৰ তৰ্জনীটো বাৰে বাৰে প্ৰমীলাৰ ফালে যাব বিচাৰে৷ প্ৰমীলাৰ বুকুত ডিজলাইক বুটামটো জিলিকি থাকে৷ তেওঁ মোৰ বিছনাৰ কাষত অ’টছ এবাটি ঢাকি থৈ খৰধৰকৈ ওলাই যায়৷ মই নিজকে এবাৰ চিকুটি চাওঁ৷ নাই, মোৰতো একো বেমাৰ হোৱা নাই৷ তেনেহলে এইদৰে কোঠাৰ ভিতৰতে দিনবোৰ কিয় পাৰ কৰিছোঁ? ঘৰৰ মানুহবোৰ মোৰ পৰা দূৰৈত থাকি ভাল পায়৷ কিন্তু বাহিৰৰ চিনাকি মানুহবোৰতো আছে৷ পিছে এই তৰ্জনীৰ কাৰণেই মই ওলাই যাবলৈ সাহ গোটাব পৰা নাই৷ সি কেতিয়া ক’ত নিজৰ মন-মৰ্জিত আগবাঢ়ি যাব একো ঠিক নাই৷ এতিয়া সি মোৰ প্ৰধান শত্ৰু৷ দিনে দিনে সি প্ৰবল প্ৰতাপী হৈ উঠিছে৷ ডাক্তৰে কোৱাৰ দৰে মই তাৰ কথা পাহৰি থাকিবলৈ যত্ন কৰোঁ৷ কিন্তু নিজৰ আঙুলি এটাক পাহৰি থকাটো জানো সম্ভৱ! মই যিমানেই নিশকতীয়া হৈ আহিছোঁ সিমানেই দেখোন ইয়াৰ তেজ বল বাঢ়িছে৷ মই ভয় খাওঁ৷ বিছনাত শুই পৰোঁ৷ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ,
“হে ঈশ্বৰ! তোমাৰ যদি কোনো অস্তিত্ব আছে তেতিয়াহ’লে মোক এই তৰ্জনীৰ পৰা বচোৱাঁ৷ ”
প্ৰমীলা দুৱাৰখন খুলি সোমাই আহে৷ শ্লিপিং টেবলেটৰ পেকেটটো খুলি মোৰ হাতত বড়ি এটা আৰু কুহুমীয়া পানী এগিলাছ দি তেওঁ পুনৰ ওলাই যায়৷ কিছু সময়ৰ পিছতে সকলো ধুসৰ হৈ আহে৷
(৭)
মোৰ জীৱনটোত এতিয়া কোনো নতুনত্ব নাই৷ অৱসৰৰ পাছত বোলে এক নতুন জীৱন পায়৷ মই ম’বাইলটোতে এক নতুন পথিৱীৰ সন্ধান পাইছিলোঁ৷ সেই পৃথিৱীত মোৰ একমাত্ৰ সাৰথি আছিল এই তৰ্জনীটো৷ ই মোৰ প্ৰতিটো ইচ্ছাকে পূৰণ কৰিছিল৷ আৰু এতিয়া মোক শয্যাগত কৰি তৰ্জনীয়ে মোৰ পৰা আঁতৰি যাবলৈ বিদ্ৰোহ কৰিছে৷ হয় মোৰ নিজৰ অংগই মোৰ সংগ ত্যাগ কৰিব বিচাৰিছে৷ মই তাক আঁতৰ কৰিম৷ অপাৰেশ্যন কৰি তাক আঁতৰাই পেলাম৷ অলপ ৰক্তক্ষৰণ হ’ব৷ কিন্তু তাৰ বিনিময়ত হয়তো পাম অপাৰ শান্তি৷ মই মোৰ কোঠালৈ অহা প্ৰতিজন লোককে তৰ্জনীটো কাটি নিবলৈ অনুৰোধ কৰিবলৈ ধৰিলোঁ৷ ভয়তে মানুহবোৰ মোৰ ওচৰলৈ আগতকৈও কমকৈ অহা হ’ল৷ এদিন ৰাতি প্ৰমীলাক হাতত এখন চোকা অস্ত্ৰ লৈ মোৰ সন্মুখত থিয় হোৱা দেখিলোঁ৷ তেওঁ মোৰ তৰ্জনীটো কাটিবলৈ উদ্যত হ’ল৷ মই ভয়তে চিঞৰিবলৈ ধৰিলোঁ৷ কিন্তু মোৰ মুখৰ মাত ইতিমধ্যে হেৰাই গৈছে৷ মোৰ আস্ফালন এতিয়া কেৱল মইহে শুনিব পাৰোঁ৷ মোৰ সৰ্বশক্তি তৰ্জনীয়ে হৰণ কৰিছে৷ অৱশেষত প্ৰমীলাৰ হয়তো মোৰ ওপৰত পুতৌ উপজিল৷ তেওঁ তৰ্জনীটো নাকাটিলে৷ হয়তো সেয়া এক সপোনহে আছিল৷ মই নিতাল মাৰি বেৰৰ ফালে মূৰ কৰি শুবলৈ যত্ন কৰিলোঁ৷ পাছৰাতি হঠাতে মই সাৰ পাই অনুভৱ কৰিলোঁ যে মোৰ হাতৰ তৰ্জনীটো থকা ঠাইখিনি খালী হৈ আছে৷ মই উচপ খাই উঠিলোঁ৷ তেনেতে শূন্যত তৰ্জনীটো অসীমৰ ফালে গৈ থকা দেখিলোঁ৷ উস্! মোৰ কেনে লাগিছে? মোৰ এনে লাগিছে যেন মোৰ শৰীৰটো পাতল হৈ পৰিছে৷ এক শান্তি বা এক পৰিত্ৰাণৰ ভাবত মই ক্ৰমাৎ যেন শূন্যত বিলীন হৈ যাব খুজিছোঁ৷ তৰ্জনী মোৰ পৰা বিচ্ছিন্ন হৈ গুচি গৈছে৷ সি দূৰলৈ গৈ আছে৷ পুনৰ মই তৰ্জনী গৈ থকা দিশলৈ চকু দিলোঁ৷ কিন্তু এয়া কি? তৰ্জনীয়ে ইতিমধ্যে তাৰ দিশ সলাইছে৷ সি মোৰ ফালেই আহি আছে৷ সি মোকেই আঙুলিয়াইছে৷ মোৰ শৰীৰটো গধুৰ হৈ পুনৰ বিছনাত যেন ঠেকেচা খাই পৰিছে৷ মই ইফালে-সিফালে চাব পৰা নাই৷ মই কেৱল ছটফটাই আছোঁ৷ মোৰ শক্তিৰে বলীয়ান তৰ্জনী তীব্ৰ বেগত আহি আছে৷ মই অৱশ হৈ পৰিছোঁ৷ এডাল শীৰ্ণ নিৰ্জীৱ কাঠৰ দৰে মই পৰি আছোঁ৷ মোৰ চকুৰ দৃষ্টি কমি আহিছে৷ তৰ্জনীটো ক্ৰমাৎ অদৃশ্য হৈ আহিছে৷ মোৰ চকুৰ পতা জাঁপ খাইছে৷ এনেকুৱা লাগিছে যেন সোঁহাতৰ খালী হৈ পৰা ঠাইটুকুৰাত পুনৰ কিবা এটাই লৰচৰ কৰিছে৷
হয়তো টোপনি গৈছিলোঁ৷ কোনোবা এজনৰ মাতত মই যেন সাৰ পালোঁ৷
”He is no more.”
মই মাতবোৰ চিনি পোৱা নাই৷ কথাবোৰো অস্পষ্ট হৈ আহিছে৷ মই যেন দূৰলৈ গৈ আছোঁ৷ আচৰিতভাৱে মই পুনৰ চৌদিশ দেখিবলৈ লৈছোঁ৷ মই নিজকো দেখোন দেখা পাইছোঁ৷ সৌৱা মই বিছনাত পৰি আছোঁ৷ প্ৰমীলাই কাষতে বহি উচুপি আছে৷ ল’ৰা দুটাও বিমৰ্ষভাৱে থিয় হৈ আছে৷ মই নিজকে এবাৰ ভালদৰে চাবলৈ যত্ন কৰিছোঁ৷ মোৰ চকু তৰ্জনীতেই প্ৰথম পৰিছে৷ সি এতিয়াও লৰচৰ কৰি আছে৷ জীয়াই থকাৰ হাবিয়াস মোতকৈ তাৰ হয়তো বেছি আছিল৷ ওচৰত থকা কোনেও তাক মন কৰা নাই৷ এখন বগা চাদৰেৰে মোক ঢাকি দিছে৷ চাদৰৰ মাজেদিও মই মোক দেখি আছোঁ৷ তৰ্জনীৰ লৰচৰ লাহে লাহে কমি আহিছে৷ এটা সময়ত সি অৱশ হৈ নিঠৰ হৈ পৰিছে৷
ইয়াৰ পাছৰখিনি মই আৰু চাব নিবিচাৰোঁ৷
ভ্ৰাম্যভাষ নম্বৰ : ৭০৮৬৭২৮৬৬৭
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
