Written by sdblogs2011 2:41 am Articles

দঁকৰা অমিতাৰ টুকুৰাবোৰ

অলকেশ কলিতা

মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ।

ময়ো যত্ন কৰিছোঁ, কঠোৰ পৰিশ্ৰম, বেলেগ বেলেগ মানুহক বেলেগ বেলেগ ভোক ভগাই দিছোঁ, অভিসন্ধি কৰিছোঁ, পৃথিৱীত যাতে পৰিপূৰ্ণ সুখ নাথাকে।

কেৱল এখনেই কাপোৰ ধুবৰ বাবে পৃথিৱীত চকুপানীৰ মহাসাগৰ আছে : মন।

আৰু লেতেৰা কৰিবৰ বাবে আছে অনিবাৰ্য পিকনিক, একেবাৰে দায়িত্বজ্ঞানহীন পিকনিক, যেন নম ঝান্দী মুণ্ডা অথবা সম্ভ্ৰান্ত তিনপাত্তি।

ভুল নকৰিবা, তোমালোক সযত্নপালিত, দৰবখিনি নাকত ধৰি গিলি দিয়াঁচোন।

আৰু সেই অভিসন্ধিত মৃত্যু জড়িত হৈ আছে, যাতে দুনীয়াত আলহীৰ মর্যাদাৰ সীমাৰেখা, বন্দীৰ কাৰাবিৰাম সকলো হৈ থাকে সমীচীন।

এয়া লোৱাঁ ধৰাই আলহী সুধিছে, ডাঠ অমৃতৰ মাইহাং, প্ৰচুৰ যৌনসুখ, আৰু যেন তোমাৰ দাঁতবোৰ জোঙা কৰিবৰ বাবে, ঠিক দঁকৰা অমিতাৰ টুকুৰাবোৰ…

মানুহৰ লালসাৰ দায়িত্ব নলওঁ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close