Written by sdblogs2011 2:28 am Articles

আনন্দ জোনাক

 পৰিস্মিতা বৰদলৈ

“শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ

নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ

নমঃ পংকজনাভায় নমঃ পংকজ মালিনে

নমঃ পংকজনেত্ৰায়ে নমস্তে পংকজাংঘ্ৰয়ে

বসুদেৱসুতং কৃষ্ণং কংসছাণুৰমৰ্দনম

দৈৱকীহৃদয়ানন্দং কৃষ্ণং বন্দে 

জগত গুৰু হৰি ৰাম ৰাম ৰাম৷ ”

মিঠাতেলৰ চাকিটোৱে পোহৰাই তুলিছে কৃষ্ণৰ ফটোখন৷  অতপৰে মূৰ দোঁৱাই থকাৰপৰা উঠি তাই তন্ময় হৈ চাই ৰৈছে কৃষ্ণলৈ৷ যেন কৃষ্ণৰপৰা নিৰ্গত এক ঐশ্বৰিক দ্যুতিয়ে তাইৰ চকুহালি বান্ধিহে পেলাইছে৷  কিছুপৰ আগেয়ে তাই নিজকে সমৰ্পণ কৰিছিল ঈশ্বৰৰ চৰণত৷  মুখেৰে  বিৰবিৰাই আছিল পয়গম্বৰ! পয়গম্বৰ! তাইৰদ্বাৰা উচ্চাৰিত সেই শব্দকেইটা বতাহত নে ক’ত ঠেকা খাই পুনৰ তাইৰ ওচৰলৈকে প্ৰতিধ্বনিত হৈ উভতি আহিছিল এইদৰে- সমৃদ্ধি সনাতনী! সমৃদ্ধি সনাতনী! 

জোনাকে ওপচাই পেলাইছে আজি তাইৰ কোঠাটো৷  খিৰিকিৰে দেখা পাইছে আকাশত ৰূপোৱালী থাল এখন হৈ জিলিকি আছে পূৰ্ণ চন্দ্ৰমা। আজি পূৰ্ণিমা৷  সমস্ত এঙেৰুৱা বৰণক শুহি লৈ যেন আজি গুৰি গুৰি জোনাকৰ বৰষুণ সৰিব৷ 

“আমাৰ মাৰ নাম পূৰ্ণিমা আছিল৷ ”

“অ’ সেয়েতো আপুনি জোনাকৰ দৰে৷ ”

সিদিনা তেওঁৰ সৈতে কথা পাতোঁতে তাইৰ মুখৰপৰা এনেকৈ সৰি পৰিছিল জোনৰ টুকুৰা এটা লাজ লাজ কৈ৷  মুখৰপৰা এবাৰ ওলাই যোৱা কথা সুমুৱাই থ’ব নোৱাৰি পুনৰ৷ কিন্তু নিজকহে তাইৰ ক’ত লুকুৱাওঁ ক’ত লুকুৱাওঁ যেন লাগিছিল লাজতে৷ কি যে কৈ দিয়ে ঘপহকৈ আগ-পিছ নুগুনি৷  ধেৎ…

বহু পৰলৈকে তাই একো কোৱা নাছিল৷ তেওঁ হয়তো তাইৰ সেই অৱস্থাটো মনে মনে উপভোগ নকৰাকৈ থকা নাছিল, তথাপি তাইক সহজ কৰিবলৈকে কথাটো একেবাৰে সহজ কৰি কৈছিল-

“হয়েইতো আকৌ মই জোনাক৷  দেখা নাই কেনেকৈ হোৱাই-নোহোৱাই হাঁহি থাকিব পাৰোঁ৷  মই আচলতে আনন্দ জোনাক৷ ” 

এইবুলি কৈ হো-হোৱাই হাঁহি দিছিল তেওঁ৷  তায়ো হাঁহি পেলাইছিল৷  যদিওবা লাজখিনি আছিল তথাপি সামৰি ল’বলৈ পাৰিছিলগৈ তাই৷ তাই সামৰি ল’বলৈ শিকি আহিছে সকলোবোৰ৷ তাইৰ লাজ, তাইৰ খং, তাইৰ অভিমান, তাইৰ ক্ষোভ, তাইৰ যাতনা সকলোবোৰ৷ সামৰি-সুতৰি নিজকে চম্ভালি ল’বলৈ সময় লাগে যে সেয়া সঁচা৷ কিয়নো তেজ-মঙহেৰে গঠিত তায়ো মানুহ৷ কিন্তু অতিমাত্ৰা খঙতো বিচলিত নোহোৱাকৈ বা অতিশয় আনন্দতো উত্ৰাৱল নোহোৱাকৈ, আৱেগবোৰক নিয়ন্ত্ৰণত ৰাখিবলৈ তেঁৱেইতো শিকাইছে তাইক৷ তাইৰ সেই তমসাবৃত অতীতৰ তুলনাত তেওঁৰ অতীত যে অধিক ঘনায়মান৷ তথাপি দেখোন তেওঁ অনবৰতে হাঁহি থাকিব পাৰে৷ ঠিক কৃষ্ণৰ দৰেই৷ কেতিয়াবা কেতিয়াবা তাইৰ এনে লাগে কোনোবা শৰতৰ পূৰ্ণিমা এৰাতি তেওঁ বাঁহীত সুৰ তুলিব আৰু তাই বাউলী হৈ দৌৰি যাব আৰু ভাগৰি নপৰালৈকে নূপুৰত ছন্দ তুলি ৰত হ’ব নৃত্যত৷ এনেকুৱা ভাবনাবোৰ তাইৰ মনলৈ প্ৰায়ে আহে৷  তাইৰ মন যায় ৰাধা হ’বলৈ৷ কানাইৰ প্ৰিয়তম ৰাধা৷ এই কথাবোৰ তেওঁক মুখ ফুটাই ক’বলৈ মন যায় তাইৰ কিন্তু নকয়, মনটোক ৰখাই থয়৷ তেওঁৰ বহুত কাম আছে কৰিবলগীয়া৷ এইবোৰ কথাৰ বাবে সময়েইবা ক’ত! কিন্তু সেইযে ব্যস্ততাৰ মাজতো তাইৰ খবৰ ল’বলৈ পাহৰি নাযায় তেওঁ আৰু মাজে মাজে যে সেই আশ্বাস যোগাই কয় “মই আছোঁ”  বুলি, সিয়েইতো তাইক সমৃদ্ধ কৰি ৰাখে৷ আনকি তাই কৰ্মৰত হোষ্টেলটোৰ আৱাসী ছোৱালীহঁতৰ জীৱনৰ কিছু সমস্যাও তাই অনায়াসে সমাধান কৰি দিব পাৰে৷ সিদিনা সেই ৰ’দালি হেন মুখৰ ছোৱালীজনীৰো জীৱনৰ বেলি ডুবাৰপৰা কোনোমতে ৰক্ষা কৰিছে তাই৷ অৱশ্যে তাই নাভাবে যে তাই ৰক্ষা কৰিছে বুলি ৷ তাই এটা কথাত বিশ্বাস কৰি আহিছে “ৰাখে হৰি মাৰে কোনে৷” তথাপি কেতিয়াবা মৃত্যুকেই শেষ সম্বল বুলি মনতে থানি লোৱা কাৰোবাক জীৱনৰ পক্ষে থিয় কৰোৱাবলৈ যথেষ্ট কছৰতৰ আৱশ্যক হয়৷ 

প্ৰায় এটা সপ্তাহ নাখাই-নবৈ কেৱল কান্দি কান্দি চকু উখহাই দিয়া ছোৱালীজনীৰ কিবা অস্পষ্ট ভিডিঅ’ এটা ভাইৰেল হোৱা বুলি গম পাইছিল তাই৷ ঘৰখনৰ আলাসৰ লাড়ু ছোৱালীজনী লাজত, শোকত ম্ৰিয়মাণ হৈ পৰিছিল৷ হয়তো আগলি যৌৱনৰ আৱেগতেই হওক বা প্ৰথম প্ৰেমৰ স্পৰ্শৰ উন্মাদনাতেই হওক তাই সমৰ্পিত হৈছিল কাৰোবাৰ প্ৰতি মনেৰেই নহয় শৰীৰেও৷ তাইতো জনা নাছিল সেই নিবিড় মুহূৰ্তখিনিক বজৰুৱা কৰি পেলোৱা হ’ব, তাইতো জনা নাছিল তাই ‘ভালপোৱা’ বুলি ভবা কোনোবাজন কেৱল শৰীৰৰ ভোকত আতুৰ এটা নিকৃষ্ট প্ৰাণী হ’ব৷ এবাৰ দুবাৰ নহয় কেইবাবাৰো নিজকে ক্ষমা কৰি দিয়াৰ চেষ্টাত ব্যৰ্থ হৈ তাই নিজকে নিঃশেষ কৰাই শ্ৰেয়ঃ হ’ব বুলি ভাবিছিল ছোৱালীজনীয়ে৷ সিদিনা হোষ্টেলৰ ছোৱালীবোৰ গৈছিল ওচৰতে পতা জন্মাষ্টমীলৈ৷ তাই ৰূমত অকলশৰে আছিল৷ ফেনখনলৈ বহুপৰ চাই থাকি এটা সময়ত তাই চূৰ্ণীখন উলিয়াই লৈছিল আৰু ঠিক সেই সময়তে তাইৰ কোঠাত দুটা টোকৰ পৰিছিল৷ চূৰ্ণীখন সোপা মাৰি থৈ তাই দুৱাৰখন খুলি দিছিল৷  সোমাই আহিছিল সমৃদ্ধি সনাতনী৷  ৰঙা কাপোৰ সাজযোৰেৰে তাইক সাইলাখ ৰাধা যেনেই দেখাইছিল৷  

“হোষ্টেলৰ সকলো ছোৱালী গ’ল৷  তুমি যোৱা নাই বুলি গম পাই মই তোমাৰ ওচৰলৈকে আহিলোঁ কথা পাতোঁ বুলি৷ মই মোৰ থাপনাতে কানাইলৈ ভোগ আগ বঢ়াইছিলোঁ৷ তোমালৈ লৈ আনিছোঁ৷ খাই লোৱাঁ৷ ”

অলপমান আগেয়ে জীৱনটোকে শেষ কৰিবলৈ বুলি ওলোৱা ছোৱালীজনীয়ে বৰ আগ্ৰহেৰে পায়সৰ বাটিটোৰপৰা এচামুচ খাই কৈ উঠিছিল, “বাঃ বৰ সোৱাদ হৈছে দেই৷ আকৌ কেতিয়াবা দিব দেই আপুনি ৰান্ধিলে৷”

তাই ছোৱালীজনীৰ কাষ চাপি আহি মমতাৰে মূৰত হাত ফুৰাইছিল ৷  লগতে কৈছিল –

“তোমাৰ কথাবোৰ গম পাইছোঁ স্বৰ্ণালী৷ তুমি নাভাবিবা যে তোমাৰ লগত খুব বেয়া কিবা ঘটিছে৷ তুমি বৰঞ্চ ঈশ্বৰক ধন্যবাদ দিয়াঁ যে তোমাক মানুহ চিনাত সহায় কৰিলে তেওঁ৷ তোমাৰ লগত আজি ঘটা এই দুৰ্ঘটনাটো এদিন সকলোৱে পাহৰি যাব৷ মাত্ৰ তুমি পাহৰি যোৱাকৈ নিজকে ব্যস্ত ৰাখাঁ৷  জীৱনটোত সকলো শেষ হৈ যোৱাৰ পাছতো কিবা এটা ৰৈ যায়৷ সেই কিবাটোৱেই আশা৷ গতিকে আজিৰপৰা এনেকৈ নিজকে ৰূমত বন্ধ কৰি নিজকে কষ্ট নিদিবা৷ কোনো লগত নাথাকিলেও নিজে নিজৰ সহায় হোৱাঁ৷ তোমাৰ লগত মই আছোঁ৷ স্বয়ং কৃষ্ণ আছে৷ কৃষ্ণই আমাক আৱৰি ৰাখিছে৷ বাকীবোৰ নিমিত্ত কেৱল৷ ময়ো তুমিও আমি সকলো নিমিত্ত৷” 

সেইখিনি কৈ অহাৰ পাছদিনা তাই দেখিছিল পৰিপাটিকৈ সাজি-কাচি স্বৰ্ণালী কলেজলৈ ওলাই গৈছে৷ তাইৰ মনটো ভাল লাগি আহিছিল৷ ফোনত তেওঁক তাই আদ্যোপান্ত বিৱৰি কৈছিল৷ তেওঁ তাইৰ কথাখিনিৰ বাবে বৰ ভাল পাইছিল৷ লগতে ৰগৰ কৰি কৈছিল৷ “তোমাৰ মাজত কৃষ্ণ আছে বাবেই জন্মাষ্টমীৰ দিনাখনেই গৈ তাইক পোহৰৰ বাটটো দেখুৱাই থৈ আহিব পাৰিলা৷” তাইৰ ভাল লাগি গৈছিল৷ তেওঁ কৰা অকণমান প্ৰশংসাই তাইক ভৰাই পেলায়৷ তাই হাঁহি এটাৰে সেই ভাল লগাখিনি সামৰি থৈ দিলে৷ তাই মুখেৰে নক’লেও অন্তৰতে যেন কৈ পেলালে– “মোৰ অন্তৰত দেখোন স্বয়ং আপুনিয়েই আছে। আপুনিয়েইতো কৃষ্ণ মোৰ৷  মোৰ পয়গম্বৰ৷ আনন্দ জোনাক মোৰ৷” 

হোষ্টেলৰ আগফালে আজি গধূলি পৰত সকলোৱে মাটিচাকি জ্বলাইছে৷ আজিৰ দিনটো কেনেকৈনো পাহৰিব পাৰি৷ গণেশগুৰিৰ ফ্লাই অভাৰৰ তলত সেই আকাশ কঁপাই যোৱা শব্দটো৷ ধোঁৱা আৰু  ছাইত থাউনি নোপোৱা এজাক মানুহ৷ ছিটিকি পৰা কাৰোবাৰ হাত, অগ্নিদগ্ধ ৰিক্সাবোৰ, গুমটিবোৰ, কান্দোনৰ ৰোল আৰু কত কি! এচাম মানুহ মুখাধাৰী অমানুহৰ দানৱীয় কাৰ্যই লৈ গৈছিল শ শ প্ৰাণ৷  কোনোবাজন চিৰদিনৰ বাবে পংগু হৈছিল আৰু কাৰোবাৰ বুকুত সৃষ্টি হৈছিল কোনোদিনেই পূৰ নোহোৱা একোটা দ বিষাদৰ পুখুৰী য’ত চকুপানী কেতিয়াও নুশুকায়৷ ঘটনাটো সংঘটিত হোৱাৰ আগদিনা আছিল দীপাৱলী৷ পোহৰৰ উৎসৱৰ পাছদিনাই এন্ধাৰ নামিছিল ৷  

হোষ্টেলৰ ছোৱালীবোৰক মাটিচাকিবোৰ জ্বলোৱাত সহায় কৰি দি তাই নিজৰ থাপনাখনৰ ওচৰতে ৰ’লহি৷ মাটিচাকিগছি ধুনীয়াকৈ জ্বলি আছে৷ তেওঁৰপৰা আজি ফোন অহা নাই৷ তেওঁ আজি ব্যস্ত থাকিব বুলি আগদিনাই তাইক জনাই থৈছে তেওঁ৷ তেওঁৰ বাবে আজিৰ দিনটো এক পাহৰিব নোৱৰা শোকাৰ্ত স্মৃতি৷ তেতিয়া তেওঁ গুৱাহাটীতে পঢ়ি আছিল৷ লগৰ কেইজনমান খাচ বন্ধুৱে তেওঁৰ বাবে এক বিশেষ কিবা এটা কৰিবলৈ বুলি ওলাই আহিছিল৷ আটাইকেইটাৰে ঘৰৰ অৱস্থা বৰ ভাল নাছিল, পঢ়াত তীক্ষ্ণ আছিল যথেষ্ট৷ স্কলাৰশ্বিপৰ পইছাৰপৰাই ৰাহি কৰি সিহঁতে বন্ধুৰ বিশেষ দিনটোৰ উদযাপনৰ আয়োজন কৰিবলৈ বুলি যাৱতীয় কিবাকিবি আনিবলৈ বুলি ওলাই আহিছিল৷ কিন্তু বন্ধুৰ জন্মদিনৰ দিনাই সিহঁতৰ জীৱনৰো শেষ দিন হ’ব সেই কথা কোনে জানিছিল! সেই ধাৰাবাহিক বোমা বিস্ফোৰণে কেউজন বন্ধুকে ছাই কৰি পেলাইছিল৷ মনে মনে নিজকে তেওঁৰ বন্ধুকেইজনৰ মৃত্যুৰ বাবে দায়ী যেন লাগে৷ যদিওবা তেওঁৰ গাত কোনো দোষ নাছিলেই তথাপি মনৰ শান্তিৰ বাবেই তেওঁ ল’ৰাকেইজনৰ ঘৰকেইখনক যি পাৰে চাই আহিছে৷ তদুপৰি নিজৰ ফালৰপৰা এই বিশেষ দিনটোত অকালতে হেৰুউৱা বন্ধু পাঁচজনৰ স্মৃতিত তেওঁ পঢ়ি অহা কলেজখনৰ পাঁচজন কৃতী অথচ আৰ্থিকভাৱে পিছপৰা ছাত্ৰক তেওঁলোকৰ অজ্ঞাতে আৰ্থিক অনুদান আগবঢ়ায় কলেজৰ কৰ্তৃপক্ষৰ জৰিয়তে৷ আগেয়ে তেওঁ নিজৰ জন্মদিনটো আহিলেই বুকুখনত বেথা অনুভৱ কৰিছিল৷ আজিকালি কিন্তু দুখবোৰেৰে সবল হ’বলৈ শিকিছে তেওঁ৷ জোনে বুকুত অজস্ৰ দাগ লৈও যিদৰে তমসাবৃত ৰাতিবোৰ পোহৰাই ৰাখিবলৈ শিকিছে, ঠিক সেইদৰে তেৱোঁ জীৱনে দিয়া আঘাতবোৰৰ সামৰি-সুতৰি জোনাক হ’বলৈ শিকিছে, আনন্দৰ দ্যুতি বিলাবলৈ শিকিছে৷ অৱশ্যে জোনে আনৰপৰা ধাৰে লৈ বিলোৱা পোহৰৰ বিপৰীতে তেওঁ নিজেই নিজৰ পোহৰ হ’বলৈ শিকিছে৷   

অতপৰে থাপনাৰ কৃষ্ণজনাৰ ওচৰতে মূৰ দোঁৱাই থকা সমৃদ্ধি সনাতনীয়ে মোবাইলটোৰ ওচৰলৈ উঠি যায় আৰু বিশেষ নম্বৰটোত এটা মেছেজ কৰে, “শুভ জন্মদিন আনন্দ জোনাক৷”

 ***

ভ্ৰাম্যভাষ – ৯৬১৩৭৯৩০৭৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close