Written by sdblogs2011 2:19 am Poems

অনাহূত

ৰেমী শৰ্মা

এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে

পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ

ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই

চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল

চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে

চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ কৰিছে

–      সশস্ত্ৰ সংগঠনৰ কোনোবা এজনক গ্ৰেপ্তাৰ কৰিছে সীমান্তত

তাৰ তিনি বছৰীয়া ল’ৰাটোৱে …

–      এঃ বাদ দিয়াঁ সেইবোৰ

 প্ৰেমিকা জকজকাই উঠিছে খঙত

– প্ৰেমৰ কথা কোৱাঁ মোৰ চকুলৈ চোৱাঁ

তাৰ পাছত ওঁঠলৈ, তাৰ পাছত …

–      ধেই ইমান সহজ নে

প্ৰেম কৰা আটকৰ দিনত

–      আটক ! কিহৰ

 ধানৰ  নে লোণৰ

–      একো নাই দিয়াঁ সকলো আছে

আহাঁ প্ৰেম কৰোঁ, চাওঁ তোমাৰ হাতখন

অঃ মোৰ ভোক লাগিছে

আজি ঘৰত চাউল নাই

বাবাই তামোল বিকিব পৰা নাই

দৰ কমি গৈছে হাটত

– একো নাই দিয়াঁ তেতিয়ালৈ আমি চুমা খাম

– ধেৎ

কেঁচা কঁঠাল খাবা ?

– অবতৰত !

– আমাৰ ঘৰত বাৰ মাহে লাগে

– হাতখন এৰাঁ

–      দেখিলে দেখক দিয়াঁ পৃথিৱীয়ে

কিনো আহে যায়

ভোকৰ পেট আৰু আটকৰ চকু এতিয়া অভ্যস্ত

সৌৱা চোৱাঁ তিৰবিৰাই আছে

কুকি ছোৱালীৰ

আনাৰসৰ দৰে যোনী

হাঁহৰ দৰে স্তন

—-

ঠিকনা :

নগাঁও

ভ্ৰাম্যভাষ : ৯১৬০০০৭১৭৮০০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close