Written by sdblogs2011 2:06 am Poems

অচেতকনামা

দ্বীপৰাজ

ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ

চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ

একুৰা জুই ।

খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো নোৱাৰি

আলনাডালত ৰঙীন চচমা

ড্রইংৰূমৰ চোফাত কপাহী চমক

বেৰত ওলমি থকা ভেন গঘৰ কাউৰীৰ ছবিত লিখা আছে

We are still alive

আৰু কতবেলি ? ৰাতিটোত বাঢ়ি আহে ভয়।

ছুগাৰ, প্ৰেছাৰত আধাকণা

ঘৰটোত মকৰাজাল বাঢ়িছে। জেঠী বাঢ়িছে৷

পৰুৱাৰ ফুলশয্যাৰ পাছত মাটিত কেইবাশ ফুটা৷ ৷ গা জ্বলা সন্ধিয়াৰ

টোপাল চুপি মূৰটো ফিচা কঁকাল চিচা।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close