Written by sdblogs2011 7:13 pm Poems

চকুৰ ভাষা যেন অন্তহীন

প্ৰেমনাৰায়ণ নাথ

আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ

এখন চেতাৰ আৰু এখন গীটাৰ

য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল

শৈশৱ কৈশোৰ যৌৱনৰ আঙুলি

আমাৰ স্তুতি প্ৰাৰ্থনা অশ্ৰু স্মৃতি ঢাকি

আনন্দ আৰু বেদনা মথি মথি অটল

আজিও মুখৰ সেই গীটাৰ চেতাৰ

সুৰৰ ভাষা এতিয়াও চকুৰ ভাষা

যেন অন্তহীন বৰষাৰ ভাষা

সংগীততকৈ সভাশুৱনি শব্দবোৰে

আমাক বেছিকৈ জোকায়

কাৰণ তালিম নোলোৱাকৈ পৰি থাকে

ঋতুৰ পিছত ঋতু 

ৰৈ থাকে দুয়ো আকুল প্ৰতীক্ষাত

কোনেও স্পৰ্শ নকৰে সিহঁতৰ তন্ত্ৰী

কোনেও শুনিব নোখোজে মৰ্ম

মাথোন বতাহে গুণগুণাই গান

কোনেও নুশুনাকৈ কোনেও নেদেখাকৈ।

ক্লান্তি কিম্বা বিৰক্তিত

গীটাৰখনৰ তাঁৰকেইডাল চুই চালে

মৃত সুৰবোৰ জী উঠিব বিচাৰে

লুইতৰ বহু পানী আমাৰ বয়সত মিলি গৈ কিজানি সাগৰ-মহাসাগৰত তুলিলে ঢৌ

আমি নাজানিলো

ল’ৰাহঁতৰ কিৰিলি উৰুলি কেতিয়া নিমাত হ’ল আমি নাজানিলো

শোৱনি কোঠাত কাণ উনালেই

তন্দ্ৰাৰ দৰে নিদ্ৰাৰ দৰে স্বপ্নৰ দৰে

হৃদস্পন্দনৰ দৰে এটা সুৰ

বতাহৰ হাত আৰু ওঁঠৰ এক স্পৰ্শৰ দৰে

ফিচা নচুৱাই নচুৱাই এটি বালিমাহী

মোৰ হাতত পৰে

চৌপাশে বিয়পি থকা শেলুৱৈ শূন্যতাৰ আশে-পাশে

ক’ৰবাত ওলমি ৰৈ চাব বিচাৰে

চকুত গলি পমি ৰৈ যোৱা মোৰ

এই এটা জীৱন

সুৰৰ অপেক্ষাত ৰৈ অনন্তকাল

য’ত এতিয়াও সুন্দৰ হৈ উঠা নাই

শব্দবোৰ

চেতাৰ আৰু গীটাৰ দুখনৰ নীৰৱতাতকৈয়ো!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close