Written by sdblogs2011 7:11 pm Poems

মৃত

ধৰিত্ৰী বৰুৱা

বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে

সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে।

পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ লাগে।

সকলো লাগে বুলি জনাৰ পাছতো থমকি ৰয় মানুহ,

শিল হয় জীৱন…মৃত হয় মন।

মৃত শৰীৰ এটাক মই পোহপাল দি ৰাখিছোঁ

আচলতে জ্বলাই দিব খুজিও পৰা নাই

কেতিয়াবা চিগাৰেটৰ ধোঁৱাৰ দৰে ই মোক মেৰিয়াই মেৰিয়াই শেষ কৰিব খোজে।

মই ৰৈ থাকো।

মৃত নাৰীবোৰ তাৰ খাদ্য।

মোক সি তাৰ লগত  কোনোকালেই ৰাখিব নোখোজে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close