Written by sdblogs2011 7:04 pm Poems

শেলুৱৈ মালিতা

জ্যোতিনীলিমা গগৈ

নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে

স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ

যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি

নাৰীৰ ছবি অঁকা হৈছিল

নোটবুকত সাঁচি ৰখা হৈছিল সেই নাম

বতাহত সুহুৰি বজাই হৃদয় জগোৱা

নিৰাশাৰ দিনত খিৰিকীৰে কুঁহি এটি হৈ সুৰুকীয়াই থকা

সজীৱ পাততো বহে মেলানি বেলি

নিজম ৰাতি উকিয়াই গুচি যোৱা ৰে’লখনে

পকাপাতবোৰ বোজাই কৰি নিছে শেষ ষ্টেচনলৈ

লগত গুচি গৈছে অনামী অপেক্ষাৰ দস্তাবেজ

নিদ্ৰাহীন ৰাতিয়ে সামৰা শুকান প্ৰেমৰ পৃথিৱী

ৰৌদ্ৰোজ্জ্বল দিনৰ সুগন্ধি সানি

কোনো অশ্বাৰোহী বহি থাকে এক প্ৰাচীন জংচনত

বিশ্বাসী বন্ধুৰ ধৰে সাবটি থাকে

নুমিও নুনুমোৱা এটুকুৰা পোহৰৰ ভগ্নাংশ

ক্ৰমশঃ পকাপাতৰ দলিচাত

জীৱনে লিখি যায় শেলুৱৈ মালিতা…

(ময়ুৰী খাউণ্ড বাইদেউৰ হাতত)

ঠিকনা :

ঢকুৱাখনা, লখিমপুৰ – ৭৮৭০৫৫

ভ্ৰাম্যভাষ – ৯৯৫৪৯৪৬৯১৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close