Written by sdblogs2011 10:56 am Poems

গান গোৱা মাছ

প্ৰাঞ্জল হাজৰিকা

যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল

সিহঁত পুনৰ উভতি আহিছে

কিছুমান মাছ ক’লা

কিছুমান নীলা

কিছুমান দ্বিমাত্ৰিক ৰঙেৰে ভৰপূৰ

এতিয়া প্ৰাৰ্থনাৰ সময়

সকলো মাছেই ক্ৰমান্বয়ে শাৰী পাতিছে

ৰঙীন মাছবোৰ একেবাৰে শেষৰ শাৰীত

সিহঁতে গান গায়

কিছুমান নাৱৰীয়াইহে

ৰিণি ৰিণি শুনিবলৈ পায় এই গান

আৰু যৌন উত্তেজনাত ভুগি

লাহেকৈ বৰশীটো পেলাই দিয়ে

পানীব’ঠাৰ তালে তালে

সিহঁতে গান গায় আৰু নাচে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close