Written by sdblogs2011 10:36 am Poems

মাটি-দেহ

ঋতুবাস্তৱ হাজৰিকা

চগাৰ জীৱন জীছোঁ

উৰাৰ কৌশল শিকোঁতেই

সৰি পৰিছে পাখি

এন্ধাৰত যেতিয়াই চাওঁ নিজক

চকুৰ বিৱৰ্ণ আইনাত পৰি থাকে

অলৰ নিথৰ মাটি-দেহ

মোৰ অজানিতে কলিজাত কোনে পুতি যায়

ভঙা চিঁচাৰ তীক্ষ্ণ ধাৰ !

বন্ধ কোঠাৰ দেৱালবোৰৰ ৰুক্ষ শীৰ্ণ হাতবোৰে

মোক কংক্ৰিটৰ সমাধিলৈ টানি নিয়ে প্ৰতিৰাতি

কিছু ক্ষণৰ পাছতেই মই এটা মৃতদেহলৈ পৰ্যবসিত হ’ম

মোৰ মঙহ চোবাই শান্ত হ’ব এজাক ভোকাতুৰ শিয়াল ৷৷ভ্ৰাম্যভাষ : ৯৩৬৫৫৩২২২৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close