পাপৰি গোস্বামী
( ১)
অতিক্ৰান্তাসুখাঃ কালাঃপৰ্যুপস্থিতদাৰূণাঃ।
শ্বঃ শ্বঃ পাপিষ্ঠাদিৱসাঃ পৃথিৱী গতযৌৱনা।।
নিৰ্বিকাৰ চিত্তে সন্যাস যাত্ৰা আৰম্ভ কৰিলে ৰাজমাতাই।সংগী তেওঁৰ অতি প্ৰতাপী কুৰু বংশৰ দুয়ো কুলবধূ অম্বিকা আৰু অম্বালিকা। পথনিৰ্দেশক মহামুনি ব্যাস। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আকুল চিত্তে ৰাজভোগ বিচৰা ৰাজমাতা আজি পৰিত্যক্তা নিজৰেই ৰাজপ্ৰাসাদত।অথচ, এইগৰাকী নাৰীয়ে বাঞ্ছা কৰামতেই ৰচিত হৈছিল কুৰুবংশৰ এই নিষ্ঠুৰ ইতিহাস। এইগৰাকী নাৰীৰ অতিলিপ্সাৰ ফলতেই সৃষ্টি হৈছে এই কাহিনীৰ। ইতিহাসে দোহাৰিব তেওঁৰ লোভ-মোহৰ গাথা। ইতিহাসে চিৰকাল সুঁৱৰিব তেওঁৰ আত্মশ্লাঘাক।
কোনে সুঁৱৰিব ইতিহাস! কোনে দোহাৰিব এই নিদাৰুণ ক্ৰুৰতাক! মহামুনি ব্যাসে যি লিখি থৈ গ’ল সেয়া নে যুগে যুগে কবিসকলে ব্যাখ্যা কৰি থৈ যোৱা পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ আধাৰত ৰচিত এক কাহিনীক..! কোনে ক’ব পাৰে সেয়া সঁচাকৈয়ে আছিলনে ক্ষমতালিপ্সা.! নে কোনো অভাগিনীৰ অমোঘ ভাগ্যৰ লিখন..! সময়ৰ সোঁতত উটি ভাহি যোৱা কোনো নাৰীৰ মৰ্মস্পৰ্শী হৃদয়গাথা।
( ২)
এয়া মোৰ শেষ যাত্ৰা। ৰাজমাতা সত্যৱতীৰ বাঞ্চিত সকলো ৰাজকীয় সুখ ত্যাগ কৰি এয়া মই একবস্ত্ৰা সন্যাসীনি বেশত। কিন্তু সন্যাসীনি বেশতো মোৰ মন স্থিৰ নহয়। স্থিৰ কৰিব পৰা নাই। এই মুহূৰ্তত মই মোৰ মুৰৰ পৰা ৰাজমাতাৰ শিৰস্ত্ৰাণ খুলি পেলাইছোঁ। কিন্তু মোৰ এই ত্যাগে মোৰ সকলো অপযশ মচি পেলাব পাৰিবনে!
নোৱাৰে ।
ভৱিষ্যতলৈ মোৰ এই অপযশ ৰৈ যাব। ধীবৰ কন্যা সত্যৱতীৰ লোভ, পিপাসা সকলো খোদিত হৈ ৰ’ব সময়ৰ ইতিহাসত।
হস্তিনাপুৰত পাৰ কৰা জীৱনৰ প্ৰতিটো দিনতেই নিজেই নিজক সুধিছোঁ, সঁচাকৈয়ে আছিলোঁনে মই লোভী..! নাৰী এগৰাকীৰ মনৰ ইচ্ছাক বুজিবলৈ কিয় অসমৰ্থ হৈ ৰ’ল মহাকাব্যৰ প্ৰণেতাই…! আজি বানপ্ৰস্থৰ প্ৰাক্ মুহুৰ্তত মই, কেৱল এগৰাকী নাৰী পৰিচয়ৰে মোৰ মনৰ সকলো হাহাকাৰ এই হস্তিনাপুৰৰ ভূমিত ভূমিস্থ কৰি থৈ যাবলৈ ওলাইছোঁ। এগৰাকী লোভী, স্বাৰ্থপৰ নাৰীৰ ইচ্ছা, কামনা ইয়াতেই লুপ্ত হৈ যাব চিৰদিনলৈ।
“ইদং মে ব্ৰতমাদংস্ব সত্যাং সত্যবতাং বৰ।
নৈব জাতো ন চাজাত ঈদৃশং বক্তূম্যুৎসহেৎ।।”
উঃ, ৰৈ যোৱাঁ যুবৰাজ, ৰৈ যোৱাঁ। বাৰে বাৰে মোৰ সমীপত আওঁৰাই নাথাকিবা এই বচন। মই ক্লান্ত হৈ পৰিছোঁ।
বাৰে বাৰে মোৰ কাণত কিয় ভাহি আহে সেই বজ্ৰকঠোৰ প্ৰতিজ্ঞা যি প্ৰতিজ্ঞাৰেই পৰিণতিত সৃষ্টি হবলৈ গৈ আছে এই মহাভাৰত। আহিবলগীয়া মহাসমৰৰ মহা বিভীষিকাৰ মূল উৎসই হৈছে এই প্ৰতিজ্ঞা। আৰু ইয়াৰ বাবে দায়ী কেৱল মই, মোৰ আৰু মোৰ পিতৃ ধীৱৰৰাজৰ উচ্চাকাংক্ষা। আৰু মোৰ পুত্ৰ ব্যাসে যদি এনেদৰেই লিখি থৈ যায় মোৰ জীৱন কাহিনী! আৰু ভৱিষ্যতৰ প্ৰতিটো প্ৰজন্মই মোৰ আৰু মোৰ পিতৃক ঘৃণাৰ দৃষ্টিৰে পখালি থাকিব। যেতিয়ালৈকে সৃষ্টি বৰ্তি থাকিব, তেতিয়ালৈকে মোক আৰু মোৰ পিতৃ চিৰঘৃণ্য চৰিত্ৰ হিচাপে স্মৰণ কৰি থাকিব।
কিন্তু সেয়াই আছিল জানো প্ৰকৃত সত্য…! এয়াই আছিল জানো মোৰ অভিলাষ!
হায়! প্ৰকৃত সত্য প্ৰকৃততেই সুদূৰপৰাহত। কোনেও নাজানিব সেই সত্য, যি সত্যৰ মুখামুখি হৈছিলোঁ মই আৰু মোৰ পিতৃ ধীৱৰৰাজ।
মাছৰ গৰ্ভত হেনো মোৰ জন্ম। গোটেই দেহত মাছৰ গোন্ধ লৈয়ে শৈশৱ পাৰ হৈ কৈশোৰত ভৰি থৈছিলোঁ। মৎসগন্ধা আছিলোঁ মই। সত্যৱতী নামটোৰে কোনেনো মাতিছিল মোক! কেৱল মোৰ পিতৃয়ে। গন্ধৱতী হিচেপেই পৰিচিত আছিলোঁ সখীসকলৰ মাজত। নিজৰ এই অদ্ভুত চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে কিমান যে মানসিক যাতনা। ভাগ্যক দুষিছিলোঁ মই। কিন্তু কোনেনো জানিছিল, মোৰ এই গোন্ধই যে মোৰ ভাগ্য নিৰ্ণয় কৰিব।
যমুনা নদীৰ জলৰাশিত সিদিনা উচ্ছ্বল তৰংগ। যেন কোনো দৈৱিক কাণ্ডেহ। পিতৃ ধীৱৰৰাজৰ অনুপস্থিতিত সিদিনা বিশিষ্ট যাত্ৰীক যমুনা পাৰ কৰোৱাৰ দায়িত্ব মোৰ ওপৰত আছিল। শৰীৰৰ গোন্ধক লৈ বিহ্বল মইজনীয়ে দিনে দিনে বাঢ়ি অহা নিজৰ দেহৰ সৌন্দৰ্য্যৰ প্ৰতি উদাসীন হৈ পৰিছিলোঁ। তেতিয়ালৈ কোনো যাত্ৰী নথকাত যমুনাত জলকেলি কৰি থাকোঁতেই ঘটিছিল এগৰাকী দিব্যঋষিৰ আগমন। উদ্দেশ্য যমুনা পাৰ হোৱা। কৰ্তব্যৰ খাতিৰত মই তেওঁক পাৰ কৰাবলৈ নাও মেলি দিলোঁ। বিস্মিত নেত্ৰে তেওঁ মোৰ দেহলৈ চাই আছিল।
মহৰ্ষি পৰাশৰ আছিল তেওঁ। মোৰ সংগসুখ লাভৰ বাবে উত্ৰাৱল হৈ উঠিছিল। সেই সুখৰ বিনিময়ত তেওঁ মোৰ শৰীৰৰ পৰা দূৰ্গন্ধৰ পৰিৱৰ্তে সুগন্ধি সুৱাসেৰে ভৰাই তুলিব বুলি প্ৰতিশ্ৰুতি দিছিল।
কেৱল দূৰ্গন্ধ নোহোৱা হোৱাৰ আশাতেই মই ঋষিৰ কামনা পুৰণ কৰিলোঁ। সেই সময়ত তেওঁ যমুনা নদীৰ দ্বীপ এটিত কুঁৱলিৰে আচ্ছাদন তৈয়াৰ কৰি মোৰ সৈতে সংগমৰত হ’ল। সেই সংগমৰ ফলস্বৰূপে মই প্ৰৱস কৰিলোঁ এটি পুত্ৰক। কৃষ্ণ দ্বৈপায়ন ব্যাসৰূপে জগতত বিখ্যাত হ’ল সেই পুত্ৰ। মহৰ্ষি পৰাশৰে দিয়া কথামতেই মই পুনৰ কুমাৰীলৈ পৰিৱৰ্তিত হৈ পৰিলোঁ আৰু মোৰ শৰীৰ হৈ পৰিল সুগন্ধময়। প্ৰাপ্তিৰ সুখে মোক বাউলী কৰিলে।
( ৩)
নাৰী কেৱল ভোগ আৰু সন্তান উৎপাদনৰ বাবেই নেকি..? ভোগবাদী পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ মনস্তত্বৰ সন্ধান কোনোবাই লৈছিল নে…! ল’বলৈ চেষ্টা কৰিছিল নে…?
দৈহিক ক্ষুধা নিবাৰণৰ বাবে দেৱতা অথবা ঋষিসকলে তেওঁলোকৰ ইচ্ছা মতে নাৰীক ব্যৱহাৰ কৰিছিল।কিন্তু তাৰ পিছৰছোৱা সময়ত নাৰীগৰাকীয়ে কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় তাৰ উমান ৰাখিছিল জানো..!
নিজৰ অভীষ্ট সিদ্ধি কৰি মৎসগন্ধাৰ পৰিৱৰ্তে দেহত সুগন্ধি সঞ্চাৰণ কৰি সত্যৱতীক সন্তুষ্ট কৰি গুচি যোৱা মহৰ্ষি পৰাশৰে পাছলৈ কেতিয়াও সত্যবতীৰ খবৰ ল’বলৈ প্ৰত্যাগমন নকৰিলে। কিদৰে সত্যবতীৰ পাছৰ জীৱন কাহিনী ৰচিত হ’ল সেয়াও হয়তো তেওঁৰ অজানা হৈয়েই ৰৈ গ’ল।
( ৪)
মই যিফালেই যাওঁ চৰাই-চিৰিকতি, জীৱ-জন্তুবোৰেও সেইফালেই যায়। কেৱল মোৰ সুগন্ধিৰ বাবেই। আনন্দত আত্মহাৰা মই চাৰিওফালে ঢপলিয়াই ফুৰোঁ। মোৰ শৰীৰৰ ৰমনীয় সুগন্ধিৰ প্ৰতি সকলোৰে আকৰ্ষণ। যৌৱনেও মোক হয়তো আৰু অধিক সৌন্দৰ্যৰে ভৰাই তুলিছিল। নিজক লৈ মই আত্মতৃপ্ত হৈ পৰিছিলোঁ। মোৰ চকুত হৈ পৰিছিলোঁ ময়েই শ্ৰেষ্ঠা। মোৰ দুচকুৰে চাবলৈ বিচাৰিছিলোঁ মোৰ সৌভাগ্যক। বাসনা কোনো ৰাজপুত্ৰৰ দুবাহুৰ কোমল উত্তাপৰ।
হস্তিনাপুৰৰ যুবৰাজ দেৱব্ৰতৰ শৌৰ্য-বীৰ্য দিগন্ত প্ৰসাৰিত। সকলোৰে মুখে মুখে তেওঁৰ দীপ্ত ব্যক্তিত্বৰ গাথা। নেদেখাকৈয়ে মই যেন তেওঁৰ প্ৰেমত পৰিছিলোঁ। প্ৰতিটো মুহূৰ্তত তেওঁৰ উপস্থিতি বিদ্যমান হৈ পৰিছিল মোৰ মাজত। যমুনাৰ পাৰত বহি মোৰ মন তেওঁৰেই প্ৰতীক্ষাত ব্যাকুল।
তেনে এক দিনতে যমুনাৰ তীৰতেই মোৰ সাক্ষাৎ ঘটিল হস্তিনাপুৰৰ মহাৰাজ শান্তনুৰ সৈতে। মৃগয়াৰ্থে মহাৰাজে ঘূৰি ফুৰোঁতে মোৰ সুগন্ধিত আকৰ্ষিত হৈ ঘ্ৰাণ অনুসৰণ কৰি কৰি মোৰ ওচৰ পালেহি। তেওঁৰ বিমুগ্ধ দৃষ্টিয়ে মোৰ মন শংকিত কৰি তুলিলে।
পাছদিনাও তেওঁ যমুনা পাৰত উপস্থিত হৈ মোক প্ৰেম নিৱেদন কৰিলে। বৃদ্ধ ৰাজনৰ সেই প্ৰস্তাৱত মই বিৰক্ত হৈ পৰিলোঁ। পিতৃ ধীৱৰৰাজক লগ ধৰিবলৈ কৈ মই তাৰ পৰা আঁতৰি আহিলোঁ। মোৰ সখীসকলে সেয়া মোৰ স্পৰ্ধাৰ বাহিৰে একো নহয় বুলি মোক ভৰ্ৎসনা কৰিলে।
পিতৃৰ দুয়ো চৰণ সাবটি মই মহাৰাজ শান্তনুৰ প্ৰস্তাৱ মানি নল’বলৈ কাতৰভাৱে প্ৰাৰ্থনা কৰিলোঁ। মাতৃহীনা মোৰ প্ৰতি পিতৃ ধীৱৰৰাজৰ আছিল প্ৰৱল মমত্ব। তেওঁ মোৰ ইচ্ছাক কেতিয়াও নিৰাশ নকৰিছিল। কিন্তু প্ৰৱল প্ৰতাপী হস্তিনাপুৰৰ মহাৰাজৰ কথাক কেনেকৈ আওকাণ কৰিব তাকে লৈ তেওঁ চিন্তিত হৈ পৰিল। মহাৰাজৰ প্ৰস্তাৱ অৱজ্ঞা কৰাৰ সাহসো তেওঁৰ নাছিল। আনহাতে, প্ৰাণসম পুত্ৰীক এজন বৃদ্ধৰ হাতত অৰ্পণ কৰাটোৱেই বা তেওঁৰ দ্বাৰা কেনেকৈ সম্ভৱ হ’ব। নিজৰ পুত্ৰীক এগৰাকী সুপুৰুষৰ হাতত অৰ্পণ কৰাটো প্ৰতিজন পিতৃৰে স্বপ্ন। কিন্তু জানি-শুনি এগৰাকী বৃদ্ধৰ হাতত…!
“হে’ ৰাজন, মোৰ এটাই মাত্ৰ চৰ্ত। সত্যৱতীৰ সন্তানেই আপোনাৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী হ’ব লাগিব ।”
পিতৃৰ চৰ্তত শান্তনু মহাৰাজে বিস্ফোৰিত নেত্ৰে কিছুপৰ চাই থাকি গুচি গ’ল। পিতৃ আৰু মই দুয়ো শংকাহীন হৈ পৰিলোঁ। কেৱল মোৰ দৰে এজনী ধীৱৰ কন্যাৰ বাবে যুৱৰাজ দেৱব্ৰতৰ লগত কাহানিও অন্যায় কৰিব নোৱাৰে মহাৰাজ শান্তনুৱে। পিতৃয়ে মোৰ কথা মতে ৰখা চৰ্তটোৱেই বৃদ্ধ মহাৰাজক ঘূৰাই পঠোৱাৰ উত্তম উপায় বুলি মই নিশ্চিত আছিলোঁ।
তেতিয়ালৈকে মই আৰু মোৰ পিতৃ ধীৱৰৰাজে তিলমাত্ৰও অনুধাৱন কৰিব পৰা নাছিলোঁ যে, এই চৰ্তই কুৰু বংশৰ সমাগত বিনাশৰ মূল কাৰণ হৈ পৰিব।
সাতদিন নৌহওঁতেই এদিন প্ৰত্যুষতে এখন শ্বেতবৰ্ণ ৰথ আমাৰ প্ৰাঙ্গণৰ সম্মুখত ৰ’লহি। নামি আহিল এক দিব্যপুৰুষ, যুবৰাজ দেবব্ৰত। এটা ক্ষণৰ বাবে মই নিজেই নিজৰ অস্তিত্ব পাহৰি গ’লোঁ। যি পুৰুষক ইমান দিনে বুকুৰ মাজত লৈ ফুৰিছোঁ, তেৱেঁই আজি মোৰ সন্মুখত! হে ঈশ্বৰ, তোমাৰ দয়াতেই সকলো সম্ভৱ হৈছে। কূটীৰৰ আঁৰবেৰত থাকি মই পিতা আৰু যুবৰাজৰ কথাবতৰা শুনি থাকিলোঁ।
কিন্তু, এয়া কি..! শৰীৰটো হিম হৈ যোৱা যেন হ’ল। বৃদ্ধ মহাৰাজ শান্তনুৰ প্ৰস্তাৱ লৈ তেওঁ আজি আমাৰ কৃটীৰত উপস্থিত হৈছে। পিতাৰ সেই চৰ্ত পূৰণ কৰিবলৈ তেওঁ সাজু। গতিকে, পিতাই মোক মহাৰাজৰ হাতত অৰ্পণ কৰিবলৈ সাজু হওক।
মুহূৰ্ততে তেওঁ দুবাহু মেলি স্বৰ্গ, মৰ্ত্য, পাতাল তিনিও লোককে উদ্দেশ্যি সেই বজ্ৰসম প্ৰতিজ্ঞা কৰিলে, ” হে শ্ৰেষ্ঠ ধীৱৰৰাজ, আপুনি মোৰ এই সত্য প্ৰতিজ্ঞা শ্ৰৱণ কৰক। অতীতত কোনো লোকেই এনেদৰে প্ৰতিজ্ঞা কৰিবলৈ সমৰ্থ হোৱা নাছিল। বৰ্তমানে অথবা ভবিষ্যতেও কোনো লোকেই এনেদৰে প্ৰতিজ্ঞা কৰিবলৈ সমৰ্থ নহ’ব। আপুনি ইচ্ছা কৰামতেই সত্যৱতীৰ গৰ্ভত যি পুত্ৰৰ জন্ম হ’ব, তেৱেঁই হস্তিনাপুৰৰ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হ’ব। মই মোৰ সমস্ত অধিকাৰ পৰিত্যাগ কৰিছোঁ।”
সকলোৰে বাবে দেৱব্ৰত হৈ পৰিল ‘ভীষ্ম ‘। বিপৰীতে সত্যৱতী আৰু ধীৱৰৰাজ বিভূষিত হ’ ল লোভী, উচ্চাকাংক্ষী আদি বিশেষণেৰে । কোনেও এবাৰলৈও বুজিবলৈ চেষ্টা নকৰিলে সেই দৰিদ্ৰ পিতৃ আৰু ষোড়ষী বালিকাজনীৰ মনৰ কথা।হায়, সেই নাৰী কিমান দুৰ্ভগীয়া যিগৰাকীৰ এই বিশাল কাহিনী ভৱিষ্যতলৈ লিপিৱদ্ধ কৰিব তেওঁৰেই গৰ্ভজাত সন্তান কৃষ্ণ দ্বৈপায়ন ব্যাস।
হস্তিনাপুৰৰ ৰাজপ্ৰাসাদলৈ অহাৰ পিছত প্ৰতি দিন, প্ৰতি নিশাই মোৰ ওপৰত চলিল প্ৰেমৰ নামত শাৰীৰিক উৎপীড়ণ। মোৰ কামুক স্বামীৰ কামুকতাই প্ৰতি নিশাই বিধ্বস্ত কৰিছিল মোৰ শৰীৰ, দগ্ধ কৰিছিল মোৰ মন। ৰাজৰাণী হৈ পৰিছিলোঁ মই। মোৰেই সেৱাত কতনা সেৱক-সেৱিকা। মোৰ সেৱাত নিবৃত্ত সেৱক-সেৱিকাসকলে মোৰ ৰূপৰ প্ৰশংসা কৰি কোৱা কথাবোৰ মোৰ কাণত পৰিছিল। কিন্তু, বৃদ্ধ ৰাজনে কুমলীয়া কন্যা এজনীক কি পৰিস্থিতিত বিয়া কৰিলে সেই বিষয়ে সকলো মৌন আছিল। তেওঁলোকৰ মনত এয়া যেন এক স্বাভাৱিক কথা। তাৰ পৰিৱৰ্তে মই তেওঁলোকৰ চকুত দেখিছিলোঁ ভিতৰি ভিতৰি মোৰ প্ৰতি থকা বিদ্ৰুপ।যুৱৰাজ দেৱব্ৰতে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰি নিজৰ পিতৃৰ কামনা পুৰণ কৰাটো কিমান মহান কাম সেয়াহে সমগ্ৰ আৰ্যাৱৰ্তত বিয়পি পৰিছিল। দেবব্ৰত ভীষ্মলৈ পৰিণত হোৱাটোহে তিনিও লোকতে প্ৰধান বিষয় হৈ পৰিছিল। কোনেও এটিবাৰলৈ আগ্ৰহ প্ৰকাশ নকৰিলে প্ৰকৃততে মই কি বিচাৰিছিলোঁ সেয়া জানিবলৈ।
প্ৰতিটো নিশাই মই নিজেই ৰচনা কৰা বেহুৰ ভিতৰত মোৰ দেহ-মন বিধ্বস্ত হৈছিল। তথাপি মই প্ৰতিটো নিশাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিছিলোঁ। কাৰণ, নিশাৰ তমসাৰ অন্ততহে মোৰ মনৰ তমসাৰো সমাপ্তি। পুৱা প্ৰথম প্ৰহৰতে একবস্ত্ৰে তপস্বী যেন কুন্দত কটা দেহবল্লৰীৰে তেওঁ মোৰ আৰু মহাৰাজ শান্তনুৰ সন্মুখত উপস্থিত হৈছিল।
প্ৰণাম পিতা মহাৰাজ।
প্ৰণাম মাতা।
নতশিৰে আমাক দিনটোৰ সম্ভাষণ জনাইছিল, আৰু মই তেওঁৰ উপস্থিতিত কিছু মুহূৰ্তৰ বাবে চঞ্চলা হৈ উঠিছিলোঁ। তেওঁৰ যৌৱনদীপ্ত তেজস্বী ব্যক্তিত্বত মোৰ মুগ্ধ চাৱনি তেওঁ জানো দেখিছিল! নাই,কদাপি দেখা নাছিল। তেওঁৰ মানত মোৰ স্থান আছিল মাতৃৰ।
মই জানিছিলোঁ এনে মনোভাৱ ৰখাটো অত্যন্ত ডাঙৰ পাপ। সামাজিকতাৰ ফালৰ পৰা আমাৰ সম্পৰ্ক মাতৃ আৰু পুত্ৰৰ। কিন্তু মই নিজকে যেতিয়াই কেৱল নাৰী হিচাপে অনুভৱ কৰোঁ তেতিয়া এয়া কোনো পাপ বুলি ভাবিবলৈ মন নাযায়। প্ৰতিগৰাকী নাৰীয়ে মনত একোজন পুৰুষৰ ছবি লৈ ফুৰে। ময়ো ব্যতিক্ৰম নাছিলোঁ। কিন্তু মোৰে ভাগ্য বিড়ম্বনাত মোৰ মনৰ পুৰুষগৰাকী আজি মোৰ পুত্ৰস্থানত।
তেওঁৰ অক্ষত কৌমাৰ্যই মোক অহৰহ বেদনা দিছিল। মহাৰাজ শান্তনুৰ পাছত মোৰ জ্যেষ্ঠ পুত্ৰ চিত্ৰাঙ্গদৰ মৃত্যুত বিহ্বল হৈ মই তেওঁক তেওঁৰ প্ৰতিজ্ঞা ভংগ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। তেওঁ হৈ ৰৈছিল নিৰ্বিকাৰ। বিচিত্ৰবীৰ্যৰ বিৱাহৰ বাবেহে তেওঁ তীব্ৰ আগ্ৰহ দেখুৱাইছিল। কিন্তু, পাকচক্ৰত বিচিত্ৰবীৰ্যৰ বিৱাহৰ ফলস্বৰূপে ৰাজকুমাৰী অম্বা হৈ পৰিল ভীস্মৰ মৃত্যুদূত। শিখণ্ডী ৰূপত ভীস্মৰ কাল এতিয়া পাণ্ডৱৰ পক্ষত।
সম্প্ৰতি সমগ্ৰ আৰ্যাৱৰ্ত কুৰুক্ষেত্ৰ হৈ পৰিছে। কুৰুবংশ বিনাশৰ সময় সমাগত। পাৰিমনে মই সময়ৰ মুখামুখি হ’ব! নোৱাৰোঁ। পাৰিম নে মহামহিম ভীষ্মৰ শেষ অৱস্থাৰ সেই কৰুণ দৃশ্য প্ৰত্যক্ষ কৰিব…?
মই বাণপ্ৰস্থ গ্ৰহণৰ সিদ্ধান্ত লোৱাৰ সংবাদ পাই ভীষ্ম লৰি আহিছিল মোক দেখা কৰিবলৈ। তেওঁৰ চকু দুটা সেমেকা, কোণত দেখা-নেদেখাকৈ দুটোপাল পানী। মই বেছি পৰ চাব পৰা নাছিলোঁ তেওঁৰ চকুলৈ। মোৰ মৌনতা আৰু তেওঁৰ বিচলিত দৃষ্টিয়ে কথা পাতিছিল। সেই মুহূৰ্তত মই তেওঁৰ প্ৰতি থকা সকলো আৱেগ-অভিমান ত্যাগ কৰি পেলাইছিলোঁ।
‘বিদায় মাতা, বিদায়। অনাগত জীৱনটো সুখৰ হওক।’
ভীষ্মই মোৰ ওচৰত নতশিৰে প্ৰণাম জনালে। মই তেওঁৰ শিৰত হাত থৈ ক’লোঁ,
“আয়ুষ্মান ভৱোঃ পুত্ৰ”
তেওঁ সেমেকা হাঁহি এটাৰে ক’লে,
“মাতা, সেই আশীৰ্ৱাদ নিদিব মোক। আপুনি ভালদৰে অৱগত যে মোৰ মৃত্যু সমাগত। মই আৰু সত্যৰ ভাৰ বহন কৰিব নোৱৰা হৈ পৰিছোঁ। শীঘ্ৰেই ইয়াৰ পৰা অব্যাহতিৰহে অপেক্ষা কৰিছোঁ। মহামুনি ব্যাসে কৰা আপোনাৰ বানপ্ৰস্থৰ ব্যৱস্থা অতি অনুকূল। হস্তিনাপুৰৰ বিপৰ্যয় আপুনি সহ্য কৰিব নোৱাৰিব।”
মই যেন নিৰ্ভাৰ হৈ পৰিছিলোঁ।
উঃ, কিমান যে কাহিনী লুকাই আছে এই হস্তিনাপুৰৰ ৰাজপ্ৰসাদত। সকলো কাহিনীৰেই কেন্দ্ৰবিন্দুত আছোঁ মই। বিখ্যাত কুৰুবংশৰ ধ্বংসৰ পাছত হয়তো এই কাহিনীবোৰ খান্দি খান্দি উলিয়াই আনিব ভৱিষ্যতৰ প্ৰজন্মই। নিজা নিজা দৃষ্টিভংগীৰে অস্ত্ৰোপচাৰ চলাব কাহিনীবোৰৰ ওপৰত। হয়তো কোনোবাই মোৰ চৰিত্ৰক বখলিয়াই চাব। কেৱল পাব তাত স্বাৰ্থ, স্বাৰ্থ আৰু স্বাৰ্থ। পাবনে তাত ষোড়শী গাভৰুজনীৰ কৰুণ কাহিনী..! বিচাৰি পাবনে তাত মই পাৰ কৰি অহা প্ৰতিটো দিন আৰু ৰাতিৰ সংগমস্থলৰ মৌন বিননি..!
হয়তো কোনোবা ওলাব, যিয়ে মোক নিজৰ মাজত অৱস্থান কৰাব। মোৰ কাহিনীক নিজৰ কাহিনীৰূপে বিচাৰো কৰিব। ময়ো ৰৈ থাকিম সেই সময়লৈ। অকুণ্ঠ চিত্তে।
সময় পাৰ হৈ গৈ আছে। পুত্ৰ ব্যাস মোৰ প্ৰস্থানৰ অপেক্ষাত। কৌৰৱ, পাণ্ডৱ ৰাজকুমাৰসকলে মোক সেৱা জনাইছেহি। কিন্তু, তেওঁলোকক মই আশীৰ্ৱাদ দিবলৈ হাত দুখন তেওঁলোকৰ শিৰত ৰাখিব পৰা নাই। কি বুলিনো আশীৰ্ৱাদ দিওঁ,
‘আয়ুস্মান ভৱো’ !
কেনেকৈ দিওঁ!
পুত্ৰ ব্যাসে ইতিমধ্যেই মোক কৈ থৈছে কুৰুক্ষেত্ৰৰ পৰিণতিৰ কথা। কাক আশীৰ্ৱাদ দিওঁ..! দুৰ্যোধন, যুধিষ্ঠিৰ দুয়ো মোৰেই বংশজ। কৌৰৱ, পাণ্ডৱ দুয়ো মোৰেই আত্মজ।
ক্ৰমশঃ আঁতৰি আহিছোঁ মই।
এই মুহূৰ্তত মই ৰাজমাতা সত্যৱতী নহওঁ। সত্যৱতী চৰিত্ৰৰ পৰা মই নিজকে মুক্ত কৰিছোঁ। মোৰ সকলো অধিকাৰৰ পৰা নিজকে মুক্ত কৰিছোঁ।
হে’ প্ৰভূ, মোক মোৰ ৰূপত পুনৰবাৰ জন্ম দিয়াঁ। ধীৱৰপুত্ৰী মই আছিলোঁ মই। ধীৱৰপুত্ৰী পৰিচয়েৰে মোক বিদায় দিয়াঁ।
অম্বিকা আৰু অম্বালিকাই ইতিমধ্যে ৰাজপ্ৰসাদৰ পৰা প্ৰস্থান কৰিছে। পুত্ৰ ব্যাসে মোক আগ বঢ়াই নিছে।
এয়া মই হস্তিনাপুৰৰ ৰাজপথত ভৰি থৈছোঁ। মলয়া এছাটিয়ে মোৰ গোটেই শৰীৰ সতেজ কৰি তুলিলে। ৰাজপ্ৰসাদৰ ৰুদ্ধ পৰিৱেশৰ পৰা ওলাই অহা বাবে যেন স্বাগতম জনালে। এয়া বসন্ত আগমনৰ সময়। মৃদু সমীৰে কৰবাৰ পৰা এক পৰিচিত সুগন্ধি কঢ়িয়াই আনিছে। মই ব্যাকুল হৈ পৰিলোঁ সেই গোন্ধত। কোন দিশৰ পৰা এই গোন্ধৰ ব্যাপ্তি? মোৰ ঘ্ৰাণ শক্তিয়ে চাৰিওদিশে অনুসৰণ কৰিলে।
অঃ, এয়া যে মোৰেই দেহৰ পৰা নিৰ্গত হৈছে। এয়া মোৰেই দেহৰ গোন্ধ। মই পুনৰ নিজৰ ৰূপ লাভ কৰিছোঁ। মোৰ পৰম আকাংক্ষিত ৰূপ।
মোৰ যাত্ৰা আৰম্ভ হ’ল। পৰিতৃপ্ত মই। আজি আৰু একোৰে প্ৰতি মোৰ আক্ষেপ নাই। মই পুনৰবাৰ হৈ পৰিছোঁ গন্ধৱতী। মই হৈ উঠিছোঁ মৎস্যগন্ধা।
