Written by sdblogs2011 9:11 pm Articles

মণিপুৰ ডায়েৰী

বেদান্ত  নাথ 

দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল । শুধ বগা ধূতি পাঞ্জাবী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা মণিপুৰী বৈষ্ণৱসকলৰ শান্ত-সৌম্য স্বভাৱ আৰু পৰিপাটিকৈ ৰিহা মেখেলা পিন্ধা ধুনীয়া মেইটেই মহিলাসকল লগতে  আনটো কথা আছিল বিবিধ সোৱাদযুক্ত মণিপুৰী খাদ্যসম্ভাৰ। মণিপুৰী আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই মোৰ প্ৰিয়। প্ৰাকৃতিক সৌন্দৰ্যৰে‌ ভৰপুৰ স্বাস্থ্যকৰ পৰিৱেশত কেইদিনমান থাকি অহাৰ এটা সুকীয়া‌ আমেজ‌ আছিল। 

মণিপুৰত‌ ম্যানমাৰৰ পৰা অনা জোতাৰ এখন বজাৰ বহিছিল ৰাস্তাৰ দাঁতিত । বৰ‌ বিচিত্ৰ কিন্তু আৰামদায়ক‌ জোতা এযোৰ কিনিছিলোঁ, দীঘলীয়া সময় ধৰি মই সেই বিচিত্ৰ জোতাযোৰ পিন্ধি ফুৰিছিলোঁ। 

কথাবোৰ পাগুলি থাকোঁতেই কৰ্কশ শব্দ কৰি বিমানখনে ইম্ফল বিমান বন্দৰত‌ অৱতৰণ কৰিলে। নিৰ্দিষ্ট বেল্টত‌ লাগেজ‌ সংগ্ৰহ কৰি অ’ট’ৰিক্সা এখন লৈ‌‌ হোটেল অভিমুখে ৰাওনা‌  হ’লোঁ । আজি‌ আৰু কাম ক’ৰা নহব ইতিমৈধ্য তিনি বাজিল হোটেলত চেক‌‌ ইন কৰি উঠি কোম্পানিৰ স্থানীয় ক’লিগজনক পাছদিনা‌ পুৱাই‌ আহিবলৈ জনাই ৰূমত সোমালোঁ। 

আগৰ হোৱা হ’লে এপাক ওলাই গ’লো‌‌হেঁতেন কিন্তু এতিয়াৰ কথা সুকীয়া । চহৰখনত এক চেপা উত্তেজনা লক্ষ্য কৰিছোঁ ।স্বাভাৱিক যেন‌‌ দেখিলেও এতিয়া স্বভাৱিক নহয় একোৱেই, দোকান-বজাৰত মানুহৰ সমাগম সেৰেঙা, ঠায়ে ঠায়ে অট্টালিকাৰ ভগা কাঁচ, পুৰি ছাই হোৱা গাড়ীৰ অৱশিষ্ট , আধা পোৰা ক’লা ৰং ধৰা‌ ঘৰৰ বেৰ-চালবোৰে‌ মণিপুৰৰ মানৱীয় বৰ্বৰতাৰ সাক্ষী হৈ থিয় দি আছে। মণিপুৰে যেন মানৱ সভ্যতাক ভেঙুচালি কৰিছে‌ । মণিপুৰে‌ যেন চিঞৰি চিঞৰি মানৱ সভ্যতাক সকীয়াই দিছে‌, কিমান বৰ্বৰ‌ হ’ব পাৰে মানুহ, চোৱাঁ। জাতিৰ নামত,‌ ঈশ্বৰৰ নামত মানুহে নিৰ্বিবাদে হত্যা কৰিব‌ পাৰে মানুহক, জুইলৈ‌‌ নিক্ষেপ‌ কৰিব পাৰে শিশুক‌, ধৰ্ষণ কৰিব পাৰে, জ্বলাই দিব পাৰে ঘৰবোৰ, স্কুলবোৰ; উলংগ কৰি সমদলত ঠিয় কৰাব পাৰে নাৰীক । মানুহ হৈ পৰিব‌‌ পাৰে‌ অমানুহ, মানুহ হৈ উঠিব পাৰে মানৱতাৰ প্ৰধান‌ শত্ৰু।

মণিপুৰত উপস্থিত হৈ প্ৰথমটো সমস্যা‌‌ হ’ল ইণ্টাৰনেট এতিয়াও‌ উপলব্ধ হোৱা‌ নাই, হোটেলৰ ৱাই-ফাই বৰ‌ মন্থৰ। হঠাৎ বাহিৰৰ পৃথিৱীখনৰ পৰা সম্পূ্ৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিলোঁ । আবেলিৰে পৰা আৱদ্ধ হৈ পৰা হোটেলৰ কোঠাত হাঁড় কপোৱা শীতে নিঃসঙ্গ ৰাতিটো আৰু দীঘল কৰি তুলিলে‌।

হাতত সময় কম কাম বেছি ।‌ দুদিনৰ ভিতৰতে সম্ভৱ‌পৰ দৰকাৰী সকলোকে লগ ধৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এটা ৰিপ’ৰ্ট প্ৰস্তুত কৰি মুম্বাইলৈ‌ উৰা মাৰিব লাগিব, কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষই মণিপুৰৰ শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ  সবিশেষ দাঙি ধৰাৰ নিৰ্দেশ দিছে‌।  তাৰ ওপৰতে ভিত্তি কৰি কোম্পানীৰ পৰৱৰ্তী ষ্ট্ৰেটেজী নিৰ্ণয় হ’ব । বৰ্তমান মণিপুৰত কোম্পানীৰ  অৱস্থা শোচনীয়, ক’লিগজনো‌ যথেষ্ট ডিম’টিভেট হৈ আছে। বহুদিনৰ পাছত মোক দেখা পাই তেওঁ অলপ সকাহ পোৱাৰ দৰে লাগিল। ময়ো আশাবাদী, কিজানিবা মই  কিবা‌ অলপ ভাল কৰি থৈ যাবই পাৰোঁ !

এক তীব্ৰ চাপ অনুভৱ কৰিলোঁ আগতে কেতিয়াও নকৰা, ইফালে চূড়াচান্দপুৰ, উখৰূলৰ দৰে আউট ষ্টেচন ইম্ফলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । কুকি অধ্যূষিত এলেকাত মেইটেই সকলৰ প্ৰৱেশ‌ নিষিদ্ধ, দেখা মাত্ৰেই হত্যা কৰিব, কুকিসকলো ইম্ফললৈ আহিব নোৱাৰে । নিতৌ চহৰৰ বাহিৰত দুই ফৈদৰ ভৌগোলিক এলেকাৰ সীমান্তত মানুহ মৰিব লাগিছে, নিতৌ ফায়াৰিং । ইম্ফলবাসীৰ পৰিধি এতিয়া চল্লিছ কিল’মিটাৰৰ ভিতৰতে সীমাৱদ্ধ । দোকান‌-বজাৰ, হোটেল,ৰেস্টোৰাঁ, ম’ল, চিনেমা হল, হস্পিটাল সকলো খালী‌, এনে‌ অৱস্থাত কিমান‌ দিনলৈ ব্যৱসায় অস্থিৰ হৈ‌ থাকিব তাৰ কোনো‌‌ নিষ্চয়তা নাই। দুখ আৰু হতাশাৰ এখন চাদৰে মণিপুৰক মেৰিয়াই লৈছে।

ইয়াৰ অৱসান‌ কেতিয়া হ’ব কোনেও নাজানে‌ । কিছুদিনৰ আগত মুম্বাইত আমি  থকা হোটেলখনত কৰ্মৰত কুকি ল’ৰা এজনক লগ পাইছিলোঁ।  মণিপুৰৰ কথা কৈ তাৰ চকুদুটা সেমেকি উঠিছিল। মণিপুৰ মানৱ সভ্যতাৰ ইতিহাসত এটুকুৰা ক’লা দাগ হৈ থাকি যাব চিৰকাল । 

ততাতৈয়াকৈ কামখিনি শেষ কৰি  উভতি অহাৰ  যো-যা‌ কৰিছো‌ঁহে, তেনেকুৱাতে কোনোকালে নঘটা কাণ্ডটো ঘটি গ’ল মোৰ লগত । ধামখুমীয়াৰ মাজত গুৱাহাটী অভিমুখী বিমানখনৰ সময়-সূচীটো মই আগদিনা  ভুলকৈ চাই থ’লোঁ।‌ বিমান বন্দৰ পোৱালৈ দুপৰীয়া দুই বজাৰ গুৱাহাটী বাংগালোৰ অভিমুখী  ইণ্ডিগ’ বিমানখন‌ে ইতিমধ্য উৰা মাৰিছে । এতিয়া‌ সন্ধ্যাৰ একমাত্ৰ এয়াৰ এছিয়া বিমানখনেই শেষ ভৰসা। সন্ধ্যাৰ বিমানখনৰ টিকট এটা কাটিবলৈ দি গধুৰ মন এটাৰে বিমান বন্দৰতে অপেক্ষা কৰি ৰ’লোঁ ।  

(আগলৈ)

  ঠিকনা :

            জালুকবাৰী, গুৱাহাটী

            ফোন : ৭০৯৯০০৬৬৯২

Visited 2 times, 1 visit(s) today
Website |  + posts
Close