Written by sdblogs2011 8:30 pm Poems

মৰাৰ পাছত থাকিব কি

 ধ্ৰুৱকুমাৰ তালুকদাৰ

বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে

আহিছে…

তাৰ হাতত শগুনৰ চিঠি

মই পঢ়িব নাজানো,

লিখিবলৈ শিকা নাই আখৰ

মানুহ মৰি যাম, মৰাৰ পাছত থাকিব কি

নিজৰ বুলি যি আছে হাড়-ছাল-মঙহ

জুয়ে পুৰিব…

সত্যত থাকোঁ, সত্য কি নাজানো

অসত্যৰ চুটি ঠেংখনো চকুত পৰা নাই

কাৰ কিমান দীঘল হাত

কাৰ কিমান ডাঙৰ মাত

কাৰ ক’ত পানী তোলা ঘাট

তাৰো হিচাপ ৰখা নাই

হিচাপ ৰাখিনো কৰিম কি

আঙুলি মূৰত বিষ-দাঁত…

মৰি যাম এদিন, মৰাৰ পাছত থাকিব কি

বান্ধিব নোৱৰা ঘৰটো

পিন্ধিব নোৱৰা কাপোৰবোৰ

খাবলৈ নোপোৱা ভাত কেইসাঁজ…॥

Visited 3 times, 1 visit(s) today
Website |  + posts
Close