Written by sdblogs2011 8:29 pm Poems

ক’ৰবাত কিবা এটা ঘটিছে

বন্দনা কৌশিক বৰদলৈ

ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলা

বুৰ যাব খোজা  বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ

দুখন হাতৰ এখন আন এখনৰ পৰা বিচ্ছিন্ন হোৱাৰ যি ভয়

সেই ভয়ত ঘামখিনি বৰপুণি হয়

বিচ্ছিন্নতা আৰু শোকৰ সাজ একেযোৰেই হয়

‘মোৰ দুখৰ সমস্ত  আয়োজন তোমাৰ

সুখৰো একমাত্ৰ কাৰণ তুমি’ বুলি কৈ হাত সাৰিব  পৰাকৈ

জীৱন কেতিয়াও ইমান সৰল আৰু সহজ নহয়

তথাপি, ক’ৰবাত কিবা এটা ঘটে

যাৰ উত্তৰ বিচাৰিবলৈ গৈ মানুহে বুজি উঠে

মানুহ  মানুহৰ পৰা হেৰাই যোৱা কথাটো সদায়

চোলাৰ পৰা বুটাম এটা সৰি পৰাৰ দৰে নিয়মমাফিক

আৰু বিকল্পৰ সন্ধান নহয় ।

ঠিকনা :

শান্তিবন পথ

ৱাৰ্ড নম্বৰ – ৭, আমোলাপট্টী

শিৱসাগৰ, পিন -৭৮৫৬৪০

ভ্ৰাম্যভাষ : ৯৪০১০৯২৯৬৫

Visited 3 times, 1 visit(s) today
Website |  + posts
Close