Written by sdblogs2011 8:26 pm Poems

ভেৰেকী মাহীৰ তাঁতশাল

অৰুণ গগৈ

ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই

           মহুৰা  আছে বাটি

টাকুৰী ঘূৰাই  তগৰী জেঠাই

          কপাহ আছে কাটি ৷

ৰূপহী বাইটি কৰি তাঁত-বাতি

          বিহা লেখিছে গণি    

ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে

         ব’ব বিহুৱানখনি ৷

ৰাঁচত ভৰাই  টোলোঠা মেৰাই

            লগালে তাঁত খনি

বিশ্বকৰ্মা খুঁটি কৰমূলা খুঁটি

        দেখিবলৈ শুৱনি ৷

দোৰ্পতি বান্দৰী  দোৱা জৰী

          ব’শালি পুতল ঘোঁৰা

বৰ চিৰি মাজু চিৰি  নাচনী জৰী

            কুকুৰ খৰা মহুৰা ৷

আৰু আছে তাঁতশালৰ বহু সঁজুলি

      লোৱা নাই সকলোৰে নাম

ভেৰেকী মেৰেকী মাহীয়ে হাঁহি হাঁহি

      কৰে তাঁতশালৰ কাম ৷

ঠিকনা :

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 6 times, 1 visit(s) today
Website |  + posts
Close