Written by sdblogs2011 8:25 pm Poems

কাফন

 ছালমা জামান

( মোৰ মৃত্যু কামনা কৰাসকললৈ )

তীব্ৰ ভয়ত

আন্ধাৰ গভীৰলৈ নামে

পোহৰে নোসোধে

আন্ধাৰত যি দেখোঁ

বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ

পৃথিৱী এটা নষ্ট অতিশব্দ

বুলড’জাৰেৰে ভাঙে পৰুৱাৰ বাহ

মোৰ পৰা তোমালৈ

যিমান দূৰত্ব

মোৰ পৰা মোলৈও

একেই দূৰত্ব

পাঁচ কাপোৰ বগা কাপোৰেৰে লিপিট খোৱা

শৰীৰ মাটি হ’ব

দূৰত্ব আৰু ৰাস্তাৰ সম্বন্ধ আটিল

কিম্বা মূল্যৱান

চল্লিছ গজ গ’লেই পাবা

মোৰ সমাধি।

হে! মোৰ মৃত্যু কামনা কৰাসকল

টোকা :

কাফন : ইছলামধৰ্মী লোকসকলে মৃতকক গা-পা ধুৱাই পৰিধান কৰোৱা বগা কাপোৰ । পুৰুষৰ বাবে তিনি কাপোৰ (৭ – ১/২ মিটাৰ ) আৰু মহিলাৰ বাবে পাঁচ কাপোৰ ( ১১ – ১/২ মিটাৰ ) প্ৰযোজ্য ।

ঠিকনা :  

কুকুৰীপাৰ , ৱাৰ্ড নং – ৭

ডাকঘৰ : বিলাসীপাৰা, ধুবুৰী

ডাক সূচাঙ্ক : ৭৮৩৩৪৮

ভ্ৰাম্যভাষ : ৮৪০২৮২৮৬৬২

E -mail – sz831189@gmail.com

https://www.facebook.com/salma.zaman.984?mibextid=2JQ9oc
Visited 5 times, 1 visit(s) today
Website |  + posts
Close