হৰেকৃষ্ণ ডেকা
তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো
তোমাৰ চৰম ত্যাগৰ দিন৷
এটা ভাৰতীয় দিন অগণন ভাৰতীয়ই
তোমাৰ নামত উছৰ্গা কৰিছিল৷
এজন ভাৰতীয়ই তোমাক হত্যা কৰিছিল
হেনো ভাৰতক ৰক্ষা কৰিবলৈ৷
কিন্তু তোমাৰ হত্যাৰ দিনা আন কোটি কোটি মানুহে
কান্দিছিল৷
সেইদিনা তোমাৰ মৃত্যুত যিসকলে মনে মনে
হাততালি দিছিল,
সেইসকলো আজি মৃত৷
কিন্তু সিহঁতৰ ছায়াবোৰ এতিয়াও আন্ধাৰৰ পৰা ওলাই আহে
আৰু তোমাক পুনৰ হত্যা কৰে৷
তোমাৰ বাবে উৎসৰ্গিত সেই দিনটো যদি
সিহঁতৰ ছায়াবোৰে আজি কাঢ়ি নিব খোজে,
তুমি অসহায়,
কাৰণ তুমি মাথোঁ আজি প্ৰতীক৷
কিন্তু তুমি কৈছিলা নৈতিক বলৰ কথা৷
মৌন জনতাৰ কোটি কোটি মনে
সেই বলো বাৰু হেৰুৱালেনে?
—
