Written by sdblogs2011 9:46 am Poems

ৰাস্তা

বন্দনা কৌশিক বৰদলৈ

ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে

নিপীড়িত জনতাৰ শাৰীতেই

আপুনি তেওঁক ৰাখিব লাগিব

যাৰ সংলাপ শূন্য 

ৰাস্তাক এখন নাটক বুলি ধৰি ল’লে

আপুনি পাহৰি পেলাব লাগিব

গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ

ৰাস্তাটোক  এজন  দৰ্শক বুলি ধৰিলে

আপুনি বুজি পাব লাগিব

তেওঁ আপোনাৰ, মোৰ দৰেই নাটকৰ সফল মঞ্চায়নৰ বাবে নিতান্তই প্ৰয়োজনীয়

অথচ কাহিনীত উপেক্ষিত

এই সকলোবোৰ কথা বাদ দিও

যদিহে আমি ধৰি লওঁ, ৰাস্তা এজন নায়ক

তেন্তে আপুনি মাতি আনিব লাগিব ৰ’বাৰ্ট ফ্ৰষ্টক

যি শূন্যতাৰ সমস্ত ভাৰ সাবটি আগুৱাই  গৈ কয়

I took the one,  less traveled by…

 ঠিকনা :

শান্তিবন পথ, ৱাৰ্ড নম্বৰ -7

শিৱসাগৰ

পিন -৭৮৫৬৪০

ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৯৮৫

Visited 7 times, 1 visit(s) today
Website |  + posts
Close