Written by sdblogs2011 9:04 am Poems

এপোৱা

দ্বীপৰাজ

এয়া ভাগ ভাগ কৰি কৰি

কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা

আমি চাৰিভাই

কিলোৰ চাৰিভাগ

বৰজনাৰ কেইবামহল

তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী

তলৰজনা ডাক্তৰ ৷ আৰু মই 

তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত৷

এসেৰ, দুসেৰ এডোণ – দুডোণ

আইৰ কাণৰ এযোৰ হাতৰ এযোৰ, পাটে-মুগাই দুযোৰ

পিতাইৰ পুৰণি ছাটিটো, হাতঘড়ী আৰু লাখুটিডাল৷

মোৰ লগত ঘৰলৈ খোজকাঢ়ি আহিল আধাভগা ছাটি আৰু কণাৰ লাখুটি

খোজত এটা চিনাকী কাহ আৰু পকা তামোলৰ মলমলীয়া গোন্ধ

হওঁতে ডাঙৰ হ’লোঁ বাঁহৰ চাঙতেই

নঙঠা হৈ সাঁতুৰিছিলোঁ একেটা খালতেই

শাওণৰ পথাৰে ভৰি দুটা জপতিয়াই ধৰোঁতে কি জানো গোন্ধ পালোঁ

বুকুখন  মোচৰাই থ’লোঁ

আমি চাৰিটা তাতেই ভাগ হ’লোঁ ৷

এদিন পুৱা সিহঁত চহৰলৈ উৰিল আৰু মই পথাৰত পৰিলোঁ৷ কেঁচা ধানৰ গাখীৰ গাখীৰ গোন্ধত চিৎ ভেলেঙা খাই পৰি ৰ’লোঁ ধান খাবলে অহা চৰাইজাক চাবলে’

পকা ধানৰ ইমানবোৰ বটা হুৰালোঁ

আই-বোপাইৰ মৃত্যুক হুৰাব নোৱাৰিলো

ঘৰ ভৰিল সঁচা

এইবাৰ তুলাচনীত ওলমি থাকিল আমাৰ শৈশৱ

এপোৱা দুপোৱাকৈ বস্তুবোৰ ভাগ হ’ল

বাৰীখন চাৰিটুকুৰা

খালটোত চাৰিটা বৰ্গ

এডোণ – দুডোণ   এপোৱা – দুপোৱা

এইটো ভাল … এইটো মোৰ

মোৰ ওচৰত কোনো নাছিল

মাথোঁ সময়ে এজাক বতাহ হৈ আহি কাণে কাণে কৈ আছিল –

মৃত্যুৰ পাছত কেইপোৱা !

ভৰিত ?

শিতানত ?

Visited 3 times, 1 visit(s) today
Website |  + posts
Close