Written by sdblogs2011 9:01 am Poems

স্বপ্নাবাসৱদত্তা

বাব্‌লু প্ৰসাদ বৰুৱা

মই বৰ ভয় কৰোঁ;

যদি কেতিয়াবা মোৰ চকুৰ ভোক নাইকিয়া হয়

যদি কেতিয়াবা মোৰ হৃদয়ৰ তৃষ্ণা নাইকিয়া হয়

যদি মই আকৌ কেতিয়াও বতাহত তোমাৰ গোন্ধ নাপাওঁ,

কিন্তু মই নিশ্চিত যে মই সেইদিনা নাথাকিম।

তুমিবিহীন শেতেলিত খেপিয়াই ফুৰোঁ মোক হীৰক-সংযমেৰে

উধাতুত ধাতু বান্ধি থিতাদহে ঢাপলি মেলোঁ

তোমাৰ দুচকুৰ ছায়াত জিৰাবলে’ প্ৰশান্তি-পুলকেৰে।

কেতিয়াবা সপোনে ৰোকে-

মোৰ শৰীৰটো তিলফুলে আৱৰি থকা এটা নতুন সমাধিত আছে!

তোমাক কাষত নেদেখি মই ইমান ভয় খাইছো-

যেন মই তোমাক ডাৱৰত এৰি থৈ আহিলোঁ।

মই তোমাক জোনৰ কোমল পোহৰত এৰি থৈ আহিছোঁ।

মই তোমাক বসন্তৰ সুখী চৰাইৰ গানত এৰি থৈ আহিছোঁ।

মই তোমাক পাতৰ সেউজীয়া ৰঙত এৰি থৈ আহিছোঁ,

মই তোমাক নেমু ফুলৰ শক্তিশালী গোন্ধত এৰি থৈ আহিছোঁ।

মই তোমাক মোৰ মমিকৃত হৃদয়ত আলফুলে থৈ দিছোঁমোৰ পৃথিৱীৰ পানী, মাটি আৰু বায়ুৰে নুৰিয়াই।।

Visited 3 times, 1 visit(s) today
Website |  + posts
Close