Written by sdblogs2011 8:58 am Poems

অমৰত্ব


মূল (ইংৰাজী) : ক্লেৰ হাৰ্ণাৰ

অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ

মোৰ শ্মশান ঘাটত ৰৈ

উচুপি নাথাকিবা 

মই তাত নাথাকোঁ

মই মৃত্যুঞ্জয়

মই সহস্ৰ বতাহ  বলি থাকোঁ

মই সেই হীৰা  বৰফত উজলি থাকোঁ

মই  পকা ধাননিৰ ওপৰত  বেলিৰ কিৰণ

মই ফাগুনৰ  মৃদু বৰষুণ 

পুৱাৰ নিস্তব্ধতাত তুমি যেতিয়া সাৰ পাই উঠা

মই হওঁ শান্ত চৰাইজাকৰ  দ্ৰুত কিৰিলি

বৃত্তাকাৰ উড্ডয়ন

ময়ে সেই দিৱস ৰাত্ৰিক অতিক্ৰমি যোৱা

মোৰ শ্মশান ঘাটত 

থিয় হৈ নাকান্দিবা

মই তাত নাথাকোঁ

মই মৃত্যুহীন।

(টোকা :  এই কবিতাটি পৃথিৱীৰ অন্যতম জনপ্ৰিয় আৰু সুন্দৰ কবিতা হিচাপে চিহ্নিত। কবিতাটি পোনতে প্ৰকাশ পাইছিল “জীপচি” নামৰ আলোচনীখনৰ ১৯৩৪ চনৰ ডিচেম্বৰ সংখ্যাত । পাছত একেখন আলোচনীৰে ১৯৩৫ চনৰ ফেব্ৰুৱাৰী সংখ্যাত কবিতাটি পুনৰ প্ৰকাশ হয় আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে।)

Visited 3 times, 1 visit(s) today
Website |  + posts
Close