Written by sdblogs2011 7:26 am Poems

প্ৰেম

 ছালমা জামান

ঘৃণাৰ চহৰত এজন উন্মাদ প্ৰেমিকৰ সন্মতিৰ যুঁজত চৰাই হৈ গান গাইছিল তাই

গান গাই থাকোঁতে

মাজে মাজে তাই উচুপিছিল

বৈধ-অবৈধৰ কথা নাভাবি

তাই কৈছিল, ওঁঠৰ বিশ্বাস চুমি তুমিও হ’ব পাৰা দুৰ্দান্ত সাহসী প্ৰেমিক

এগৰাকী শিপিনীয়ে ওৰে ৰাতি কাপোৰত আঁকিছিল চহৰখন

কনক্ৰীটৰ পাঁচ মহলীয়া অট্টালিকা , এহাল কপৌ , এটা দুখৰ ফুল

তাই ভুল নাছিল ,

” প্ৰেম এটা ভ্ৰম

ঘৰ বনোৱা উজু কাম নহয়।”

তাই ভাবিছিল, চহৰখনত তেওঁ এজন অকলশৰীয়া প্ৰেমিক।

বুকু ধোৱা বৰণীয়া হোৱালৈকে চাই আছিল তেওঁ

গোপনে কপৌহালক মুক্ত কৰি

ছাই হৈ পৰি ৰৈছিল প্ৰেম ।

ঠিকনা : —

ছালমা জামান

কুকুৰীপাৰ , ৱাৰ্ড নং – ৭

ডাকঘৰ – বিলাসীপাৰা

থানা – বিলাসীপাৰা

জিলা – ধুবুৰী

ডাক সূচক নং – ৭৮৩৩৪৮

মোবাইল :৮৪০২৮২৮৬৬২

E -mail – sz831189@gmail.com

https://www.facebook.com/salma.zaman.984?mibextid=2JQ9oc
Visited 2 times, 1 visit(s) today
Website |  + posts
Close