Written by sdblogs2011 7:12 am Poems

ৰাম কথা

অজন্ত কুমাৰ বৰা

তুমি ৰাম বোলাঁ নে হৰি বোলাঁ

গড বোলাঁ নে আল্লা বোলাঁ

তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ

যজ্ঞ কৰাঁ নে হজ কৰাঁ

সেয়া তোমাৰ কথা

আমি বাধা নিদিওঁ

প্ৰতিবাদো নকৰোঁ

পিছে  তেজ গ্ৰহণ কৰোঁতে নুসুধিবা

এই তেজ ৰামৰ নে ৰহিমৰ

শিক্ষাদান কৰোঁতে নুসুধিবা

তুমি অমলা নে আমিনা

ভোকাতুৰক এগৰাহ ভাত দিওঁতে নুসুধিবা

তুমি জোছেফ নে এঞ্জেলা

যদি নিৰ্যাতিতা হয়

তোমাৰ ঘৰৰ কাষৰ সীতা

পাৰিলে অকণমান সহায় কৰিবা

পাতাললৈ যাবলৈ বাধ্য নকৰিবা

তুমি ৰাম নে নাথুৰাম

নাজানো

তুমি সুৰক্ষা দিব নোৱাৰিব পাৰাঁ

পিছে জিভা নাকাটিবা

ৰামনামী কাপোৰখন গাত মেৰিয়াই  ল’লেই

তুমি ৰাম নোহোৱাঁ

হজ কৰিলেই তুমি আলিম নোহোৱাঁ

তুমি যিমান ওপৰলৈ উৰিব পাৰাঁ উৰাঁ

সবাৰে ওপৰত মানৱতা

এই কথাটোহে মন কৰিবা

কি প্ৰিয় তোমাৰ

কোৰান  নে গীতা

গো নে গাখীৰ

আমি নোসোধোঁ

তুমিও নুসুধিবা

তুমি মানুহ

তোমাৰ দুটা চকু আছে

দুখন কাণ আছে

আছে এটা বিৱেক

কথাটো ভুলতো নাপাহৰিবা ।।

 ঠিকনা : 

যোৰহাট – ১

ফোন : ৭৬৩৬৮২২৯৮৫

Visited 2 times, 1 visit(s) today
Website |  + posts
Close