Written by sdblogs2011 6:58 am Poems

জালিয়ানৱালাবাগ

জুবিলী গগৈ

মৃত্যুৰ কুঁৱাটোত তেতিয়া

পানী নাছিল

পানী শুহি লোৱা দেহবোৰ

জীৱাশ্ম হৈছিল

ঘেৰি থোৱা আইনাখনত

নিজৰ মুখ দেখিয়েই

উচপ খাই উঠিছিলোঁ আমি

অতল তলিত বাজি আছিল

অন্তহীন হাহাকাৰ

বেহিচাপী মৰণৰ

আৰ্তি শুনি

চেঁচা হৈ পৰিছিল

ইতিহাসৰ পাত

ডায়াৰৰ ভগ্নাৱশেষত

অধিকাৰ আৰু স্বাভিমানৰ গৰ্ব লৈ

তেতিয়াও উৰি আছিল

স্বাধীনতাৰ নিচান

জালিয়ানৱালাবাগ

পৃথিৱীৰ এটা

কৰুণতম সঙ্গীত…

Visited 2 times, 1 visit(s) today
Website |  + posts
Close