প্ৰশান্ত মিশ্ৰ
১. শত্ৰু-মিত্ৰ
পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা
শত্ৰু- মিত্ৰনো কোন
কোনেও নাজানে
মনুষ্য জীৱনত সকলোৱে হাঁহিব বিচাৰে
পিছে সৌভাগ্যশালীনো কোন
আটায়ে কেৱল কান্দে
অসূয়া এৰি মিত্ৰতাৰ পথলৈ আহাঁ
তুমিও পণ্ডিত নিজৰ জগতত।
২. ৰথৰ সিংহ
ইমানকৈ কিয় চিঞৰিছে দেউতা ঈশ্বৰ
কোৱাৰি ফাটিব
আপোনাৰ কণ্ঠস্বৰ
তেওঁলোকৰ কাণত পৰা নাই
হাত-চাপৰিও মাৰিব পৰা নাই
বক্তৃতা শেষ হোৱাৰ পাছত
আপোনাৰ স’তে
উছাহেৰে গানৰ সুৰ মিলাব পৰা নাই
উলাহৰে নাচিবও পৰা নাই
আপোনাৰ সফলতাত
হয়তো তেওঁলোক মূক-বধিৰ হৈ গৈছে
অথবা ভাবিছে
ৰথৰ সিংহই মুখ মেলি ৰৈহে থাকে
গুজৰিবতো নোৱাৰে।
+++
ভ্ৰাম্যভাষ : ৯৩৬৫৭২০৭৯৮
