Written by sdblogs2011 4:14 am Articles

স্বৰাজোত্তৰকালৰ অসমীয়া চিনেমা-১

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

 নিজৰা ৰাজকুমাৰী

               জোনাক জোনাক শীতল জোনাক

                     চাই মোৰ চকুলো সৰে

                         অন্তৰ মোৰ উগুল-থুগুল

                             উদাস আকুল কৰে।

                মনত পৰেহি কোনোবা পুৰণি

                      জোনাকী বিৰহ বেথা

                         মাধৈ মালতী লতাৰ আঁৰৰ

                             গোপন মিলন কথা… (চিনেমা-ৰূপহী) 

পাৰ্বতি প্ৰসাদ বুলিলেই জোনাক, কঁহুৱা, ডাৱৰ, নৈ, পথাৰৰ সুৱাস আৰু কোমলতাই আমাক আৱৰি ধৰে। তেখেতৰ অপূৰ্ব ৰচনাৰ তুলনা নাই। “মনৰ মাজত সুখ সোঁৱৰণি/ অতীত মধুৰ জাগে/ বাহিৰত শুদা ৰূপালী জোনাক/ উৰুঙা উৰুঙা লাগে/”। পাৰ্বতি প্ৰসাদে লিখা এই সুমধুৰ গীতটোত কণ্ঠদান কৰিছিল পূণ্য কোঁৱৰে। গীতটি অন্তৰ্ভুক্ত কৰা চিনেমাখনৰ নাম আছিল ‘ৰূপহী’। ৰূপহীৰ প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্যৰ লগতে গীতৰ কথা তথা সুৰো আছিল পাৰ্বতি প্ৰসাদ বৰুৱাৰ। ৰূপহীৰে আন এটি গীত আছিল তৰুণ হাজৰিকা, চাৰু বৰদলৈৰ কণ্ঠৰ “নোবোলো তোক সোণৰ অসম/ মাটিৰ অসম আই/ সোণতকৈও যে চৰা এই মাটি/ এয়ে মোৰ ওপজা ঠাই/”। এই গীতটিও পাৰ্বতি প্ৰসাদ বৰুৱাৰেই সৃষ্টি, যি গীত পাহৰা নাযায়, বৰঞ্চ জীৱনৰ হা-হুমুনিয়াহ, সৃষ্টিশীল-সমৃদ্ধিময় সময়তো গুণগুণাব পৰা যায়। ‘ৰূপহী’ক প্ৰথমেই আলোচনালৈ অনাৰ কাৰণটো হ’ল চিনেমাখনৰ মুক্তিৰ সময়। ‘ৰূপহী’ মুক্তি পাইছিল ১৯৪৭ চনৰ ৬ ছেপ্টেম্বৰত, অৰ্থাৎ স্বাধীনতাৰ মাত্ৰ কেইটিমান দিনৰ পাছতে। স্বাধীন দেশৰ উৎসাহ-উদ্দীপনাৰ মাজতে মুক্তি পাইছিল ৰূপহীয়ে। পিছে স্বাধীনতাৰ নতুন বতাহে চুই থকা পৰিৱেশত দৰ্শকে ‘ৰূপহী’ক বৰকৈ আদৰি নল’লে। ‘ৰূপহী’য়ে ব্যৱসায়িক সফলতা লাভ কৰিব নোৱাৰিলে। চিনেমাখনৰ এটি চৰিত্ৰত পাৰ্বতি প্ৰসাদ বৰুৱাই অভিনয়ো কৰিছিল। উল্লেখ্য যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ সহকাৰী পৰিচালক ৰাজেন বৰুৱা ৰূপহীৰো সহকাৰী পৰিচালক আছিল।

‘ৰূপহী’ৰ মুক্তিৰ পাছৰ বছৰতে অৰ্থাৎ ১৯৪৮ চনৰ ১৬ জানুৱাৰীৰ দিনা দৰ্শকৰ কাষ পাইছিল চিত্ৰাৱলী পিকচাৰ্ছ লিমিটেড প্ৰযোজিত চিৰাজ– বিষ্ণু ৰাভা আৰু ফণী শৰ্মাৰ ‘চিৰাজ’। অসমীয়াৰ প্ৰাতঃস্মৰণীয় এই দুটি নাম একেখন চিনেমাৰ পৰিচালক হিচাপে জড়িত হোৱাটো আমাৰ বাবে আকৰ্ষণৰ কথাই। অৱশ্যে পৰিচালক হিচাপে ‘চিৰাজে’ই বিষ্ণু ৰাভাৰ প্ৰথম আৰু শেষ চিনেমা। তদুপৰি দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত চিৰাজ অসমৰ প্ৰথম ব্যৱসায়িকভাৱে সফল চিনেমা। বিষ্ণু ৰাভা, ফণী শৰ্মাৰ চিত্ৰনাট্য তথা পৰিচালনাৰে (সংগীত – বিষ্ণু ৰাভা) ‘চিৰাজে’ সেইসময়ত দৰ্শকৰ মাজত আলোড়ন তুলিছিল। আনকি গৰু গাড়ীৰে ‘চিৰাজ’ চাবলৈ অহা দূৰণিবটীয়া দৰ্শকে টিকটৰ অভাৱত এৰাতি ৰৈ দি পাছদিনাৰ শ্বো চাইহে ঘৰলৈ উভতিছিল। ‘চিৰাজ’ৰ সহকাৰী সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য। শিৱ ভট্টাচাৰ্যৰ কথা, সুৰ, কণ্ঠৰ “আৰু নবজাবি বীণ বাটৰুৱা/ নবজাবি তোৰ বীণ/ নাই তোৰ এতিয়া সপোন সুৰীয়া/ তাহানিৰ সোণালী দিন/ জীৱনৰ হাততে কৰিলি বেহানি/ হেৰুৱালি তোৰ মূল/ বীণখনি বাই কি হ’ব বিনালে/ ই যে তোৰ জীৱনৰ ভুল/”, ভূপেন হাজৰিকাৰ কথা, সুৰ, কণ্ঠৰ “ কঁপি উঠে কিয় তাজমহল/ পুৱতি নিশাৰ শেষ আজানৰ স’তে আজান/ যমুনাত তুলি শত ধুমুহাৰ কোলাহল/ তাজমহল! তাজমহল/ ই যে চাহজাহানৰ হিয়াৰ আজান/ অ’ মমতাজ জান/”,   “অগ্নিযুগৰ ফিৰিঙতি মই/ নতুন অসম গঢ়িম/ সৰ্বহাৰাৰ সৰ্বস্ব / পুনৰ ফিৰাই আনিম/ নতুন অসম গঢ়িম/ নৰ কংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম/” আদি গীতসমূহ আজিও সমানেই জনপ্ৰিয়। চিনেমাখনত ফণী শৰ্মা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ লগতে অভিনয় কৰিছিল চন্দ্ৰধৰ গোস্বামী, অনুপমা ভট্টাচাৰ্য, অম্বিকা পাটোৱাৰী, ভৱ হাজৰিকা, শিৱ ভট্টাচাৰ্য, প্ৰীতিধাৰা, কিৰণবালা, ৰাণী পাঠক আদিয়ে।

১৯৪৯ আৰু ১৯৫০ চনত আহিছিল ক্ৰমে প্ৰবীণ ফুকনৰ ‘পাৰঘাট’ আৰু অসিত সেনৰ ‘বিপ্লৱী’। ১৯৫৫-ৰ ১৬ ছেপ্তেম্বৰত মুক্তি পাইছিল নীলাচল চিত্ৰপীঠৰ বেনাৰত লক্ষ্যধৰ চৌধুৰীৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত ‘নিমিলা অংক’। ‘নিমিলা অংক’ৰ চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই আৰু সংগীত দিছিল পুৰুষোত্তম দাসে। অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰী, অনুপমা ভট্টাচাৰ্য, ক্ষীৰদাকান্ত বিষয়া, তফজ্জুল আলি আদিয়ে। পুৰুষোত্তম দাসে লিখা চিনেমাখনৰ গীতসমূহত কণ্ঠদান কৰিছিল বীৰেন দত্ত, দিলীপ শৰ্মা, ঊষা বৰদলৈয়ে। অৱশ্যে  ‘নিমিলা অংক’ৰ এটি গীত লিখি সুৰ দিছিল ক্ষীৰদাকান্ত বিষয়ায়ো। 

একেটা বছৰৰে ২ ডিচেম্বৰত মুক্তি পাইছিল ফণী শৰ্মাৰ ‘পিয়লী ফুকন’। বিষ্ণু ৰাভাৰ সৈতে কৰা চিৰাজৰ পৰিচালনাৰ পাছত পিয়লী ফুকন আছিল ফণী শৰ্মাৰ দ্বিতীয়খন পৰিচালিত চিনেমা। ‘পিয়লী ফুকন’ অসমীয়া ভাষাৰ চিনেমাৰ জগতখনত এইবাবেও বিশেষ যে এইখন ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অৱ মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া চিনেমা। ‘পিয়লী ফুকন’তো ফণী শৰ্মাই অভিনয় কৰিছিল। ভূপেন হাজৰিকাৰ সংগীতেৰে সমৃদ্ধ চিনেমাখনত ইভা আচাও, ৰেবেকা আচাও, জ্ঞানদা কাকতি আদিৰ অভিনয় দেখিবলৈ পাওঁ। ‘পিয়লী ফুকন’ৰ চৰিত্ৰত অভিনয় কৰা চন্দ্ৰধৰ গোস্বামীৰ সৈতে দেখা গৈছিল তেওঁৰ আঠ-ন বছৰীয়া শিশু পুত্ৰ, পাছলৈ অসমৰ অভিনয়ৰ ক্ষেত্ৰখনৰ অতি জনপ্ৰিয় নাম, নিপন গোস্বামীকো।

 ১৯৫৬-ৰ ৩০ মাৰ্চত মুক্তি পাইছিল মাত্ৰ ২১ বছৰীয়া পৰিচালক আনোৱাৰ হুছেইনৰ ‘সৰাপাত’। পৰিচালনা আৰু প্ৰযোজনাৰ লগতে ‘সৰাপাত’ৰ কাহিনী, চিত্ৰনাট্যও আনোৱাৰ হুছেইনৰ। ‘সৰাপাত’ৰ সংগীত দিছিল মুকুল বৰুৱাই। লক্ষহীৰা দাসৰ কথা-কণ্ঠৰে এইখন চিনেমাৰ কেইবাটাও গীত সমৃদ্ধ। ‘সৰাপাত’তো জ্ঞানদা কাকতি, অনুপমা ভট্টাচাৰ্য, তচদ্দুক ইউচুফ, গিৰীশ চৌধুৰী, মীৰা বিশ্বাস, ধীৰু ভূঞা আদিৰ সৈতে অভিনয় কৰিছিল ফণী শৰ্মাই।

১৯৫৬-ৰ ৬ এপ্ৰিলত মুক্তি পাইছিল নিপ বৰুৱাৰ ‘স্মৃতিৰ পৰশ’। প্ৰযোজনা গৌৰীশংকৰ হিমৎসিংকা। সংগীত ব্ৰজেন বৰুৱাৰ। ‘স্মৃতিৰ পৰশ’ত এটি বিহুগীত ৰখা হৈছিল। কেশৱ মহন্তই লিখা ৰমেন বৰুৱা, গুণদা দাস, ননী কাকতি, বিভা বৰুৱা আদিয়ে কণ্ঠদান কৰা এই গীতটি হ’ল— “অ’ মোৰে দেহিটি ঐ / অ’ মোৰে চেনাইটি ঐ/ চকু জুৰণীয়া ৰোৱা কুমলীয়া/ কাইলৈ মেলিবি ঠোক/ বুকু জুৰণীয়া চেনাই উৰণীয়া/ বলিয়া কৰিলি মোক/”। তদুপৰি ‘স্মৃতিৰ পৰশ’ত ৰমেন বৰুৱা,ননী কাকতিৰ কণ্ঠৰ সেই গীত—- অ’ আই আমাৰ কপালতে ৰঙা সেন্দুৰৰে/ তিলক আঁকি দিয়া/ ডাৱৰ ফালি ৰং মেলালৈ যাওঁ/ সৌ চোৱা ৰঙা বেলি/ ৰং আহে পাখি মেলি………// (গীতৰ কথা–কেশৱ মহন্ত) // 

(আগলৈ)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close