Written by sdblogs2011 7:49 am Poems

আত্ম-সাৰ

হৰেকৃষ্ণ  ডেকা

আজি মই

মই ৷

কাইলৈও মই 

মই হৈ ৰ’ম৷

কালিও মই

ময়েই আছিলোঁ৷

অস্তিত্বৰ প্ৰতি মুহূৰ্তত

মই  মই

অন্য নহয়৷

ভুল৷

অন্য দৃষ্টিৰ অবিহনে

মই অস্তিত্বহীন৷

সেই দৃষ্টিৰ বহু ভিন্নতা৷

আৰু তাত মোৰ বহু বৰ্ণনা৷

নিভৃত নিৰল নিৰ্জনতা

কেৱল মোৰ কল্পনাত ৷

সমাগমত

নাই নিৰ্জনতা৷

মই মোৰ সংজ্ঞা৷

কিন্তু ই ধ্ৰুৱ নহয়,

আৰু মই বহুময়৷

মোৰ অস্তিত্বৰ ই

সামাজিক সত্য৷

— 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close