Written by sdblogs2011 7:47 am Poems

হালধীয়া চৰাই

হেমচন্দ্ৰ কছাৰী

আগে আগে গৈ থকা

বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে –

“হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল

এই বাটটো

কিমান যে সুখৰ আছিল !

আজিকালি নাহে জানা

বানে হেনো নিঃশেষ কৰি পেলালে

আমাৰ পথাৰৰ বাওধানৰ কঠীয়া!”

তেওঁৰ কথাষাৰ শুনি আকাশলৈ চালোঁ- 

জোন বেলি তৰা কাকো নেদেখিলোঁ

অৰণ্যখনলৈ চালোঁ-

কেৱল শুকান লঠঙা গছবোৰহে দেখিলোঁ

কথাবোৰ কি হৈছে টলকিবলৈয়ে নাপালোঁ

লাহে লাহে  অনুভৱ কৰিলোঁ 

ভৰি তলৰ মাটিখিনিও কঁপিছে

মই  এতিয়া দৌৰিছোঁ

ভোগালীৰ ক্ষণবোৰ মনত পেলাই মনত পেলাই

মাথোঁ দৌৰিছোঁ

আচলতে মই অগ্ৰজ বাটৰুৱাজনৰ কথা শুনি

বহুত ভয় খাইছোঁ

পৰা হ’লে বেলিটোকে থপিয়াই আনি

তালুৰ ওপৰত আকৌ বহুৱাই দিলোহেঁতেন

তলুৱাই টিপামাৰি ধৰিলোহেঁতেন

পূবলৈ ক্ৰমান্বয়ে দীঘল হৈ যোৱা দেহৰ ছাঁ

নোৱাৰে, কোনেও পাহৰিব নোৱাৰে

জুৰ মলয়া যেন

হালধীয়া চৰাইৰ শীতল বা !

Visited 5 times, 1 visit(s) today
Website |  + posts
Close